• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ডব্লিউ ডব্লিউ ইৰ তাৰকা দ্যা গ্ৰেট খালী গুৱাহাটীত উপস্থিত; ব’ব ফিটনেছ একাডেমি উদ্বোধন

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 7, 2019 5:19 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডব্লিউ ডব্লিউ ইৰ বিশ্ব বিখ্যাত যোদ্ধা গ্ৰেট খালী আজি গুৱাহাটীত উপস্থিত হৈ ব’ব ফিটনেছ একাডেমী উদ্বোধন কৰে।

মহানগৰীৰ হোটেল পেলেছিয়াত একেডেমীৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়। ইয়াত ব্যায়ামশালা, পুষ্টি আৰু শাৰীৰিক ব্যৱহাৰিক পাঠ্যক্ৰম সমূহ থাকিব।

Apply Now

২.৫ মাহৰ পৰা ৬ মাহলৈকে বিভিন্ন পাঠ্যক্ৰম থাকিব। দশম শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পিছৰে পৰাই এই একাডেমিত নামভৰ্তি কৰিব পাৰিব।

একেডেমিৰ নামভৰ্তি মাচুলো ভিন্ন ভিন্ন হ’ব। ২৫০০০ ৰ পৰা আৰম্ভ কৰি ৪০ হাজাৰলৈকে থাকিব নামভৰ্তি মাচুল।

বিশ্বৰ শৰীৰ চৰ্চা সন্থাৰ প্ৰাক্তন সভাপতি তথা বিশ্ব প্ৰসিদ্ধ ফিটনেছ গুৰু প্ৰদীপ বাবা মাধক একাডেমীখনৰ মুখ্য সঞ্চালক আৰু সৃষ্টিকৰ্তা হিচাপে আছে। যুক্ত মুখ্য সঞ্চালক হিচাপে আছে নিলাক্ষী চৌধুৰী।

বিশ্বৰ বিভিন্ন প্ৰান্তৰ জিম প্ৰশিক্ষকক প্ৰশিক্ষণ দিবৰ বাবে অনা হ’ব উক্ত একাডেমীলৈ।

এই একাডেমীখন উলুবাৰীৰ বি বৰুৱা পথত অৱস্থিত।

উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ডব্লিউ ডব্লিউ ইৰ বিশ্ব বিখ্যাত যোদ্ধা গ্ৰেট খালীয়ে কয়, ‘মাধকক ধন্যবাদ জনাইছো ইমান সুন্দৰ পদক্ষেপ লোৱাৰ বাবে। শৰীৰ চৰ্চাৰ বাবে আগবাঢ়ি আহিলে মই বহুত সুখী হওঁ।’

২৫ বছৰ ধৰি একেৰাহে শৰীৰ চৰ্চা কৰি আহিছে বুলি তেওঁ উল্লেখ কৰি কয় ‘আমেৰিকাত থাকিও ভাৰতৰ প্ৰতি টান এটা থকাৰ বাবে ইয়ালৈ ঘূৰি আহিলো। ভাৰতৰ লগতে পঞ্জাৱৰ হৈও কিবা এটা কৰিবলগীয়া আছে।’

‘কিছুমান ব্যায়ামাগাৰ আছে য’ত ভাল প্ৰশিক্ষক নাথাকে। তেনে ব্যায়ামাগাৰত প্ৰশিক্ষণ ল’ব নালাগে। তেতিয়া শৰীৰৰ ক্ষতি হ’ব পাৰে। ভাল প্ৰশিক্ষকৰ ওচৰত প্ৰশিক্ষণ ল’ব লাগে। জিম কৰিবলৈ ধৈৰ্য লাগিব। এদিন দুদিন কৰি এৰি দিলেই নহ’ব।’, গ্ৰেট খালীয়ে কয়।

পঞ্জাৱ ড্ৰাগছৰ বৃহৎ ঘাটিলৈ পৰিণত হৈছে বুলি উল্লেখ কৰি খালীয়ে কয় ‘ড্ৰাগছ আসক্ত বহু যুৱকক মোৰ জিম চেণ্টাৰ লৈ আনি শৰীৰ শিক্ষাৰ প্ৰশিক্ষণ দিয়া হৈছে। তেওঁলোক এতিয়া নিচাৰ পৰা মুক্ত হৈছে। ড্ৰাগছৰ নিচা ৰাতি খালে ৰাতিপুৱালৈ গুচি যাব কিন্তু সেই নিচাটো যদি ক্ৰীড়া ক্ষেত্ৰত ব্যৱহাৰ কৰে তেতিয়া জীৱনটো উন্নতী হ’ব।’

সংস্থাটোত ফিটনেছ প্ৰশিক্ষক, আহাৰ বিশেষজ্ঞ, এৰবিক প্ৰশিক্ষক, ক্ৰচফীত প্ৰশিক্ষক, ঝুমবা প্ৰশিক্ষক, যোগাসনৰ ডিপ্লোমা, মধুমেহ শিক্ষককে আদি কৰি কিছুমান স্বীকৃতি প্ৰাপ্ত পাঠ্যক্ৰমৰ প্ৰশিক্ষণ দিয়া হ’ব বুলি জানিবলৈ দিয়ে মাধকে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আদালতৰ ৰোষত জ্ঞানেশ কুমাৰৰ ডি এম কন্যা! কটা যাব তেওঁৰ আৰু আৰক্ষীৰ দৰমহা, কিন্তু কিয়?

আদালতৰ ৰোষত জ্ঞানেশ কুমাৰৰ ডি এম কন্যা! কটা যাব তেওঁৰ আৰু আৰক্ষীৰ দৰমহা, কিন্তু কিয়?

September 8, 2026 10:35 am
আদিবাসী অধিকাৰ সংগ্ৰাম সন্মিলন: জল, জংঘল আৰু পৰিচয়ৰ সুৰক্ষাৰ দাবীত ৰাজধানীত ১৬খন ৰাজ্যৰ সহস্ৰাধিক জনজাতিৰ প্ৰতিবাদ

আদিবাসী অধিকাৰ সংগ্ৰাম সন্মিলন: জল, জংঘল আৰু পৰিচয়ৰ সুৰক্ষাৰ দাবীত ৰাজধানীত ১৬খন ৰাজ্যৰ সহস্ৰাধিক জনজাতিৰ প্ৰতিবাদ

September 8, 2026 10:06 am
মল্লিকাৰ্জুন খাৰ্গেৰ ভাষণস্থলীৰ ‘শুদ্ধিকৰণ’: নিৰপেক্ষ তদন্তৰ আশ্বাসৰ পিছত আৱেদন খাৰিজ উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ

মল্লিকাৰ্জুন খাৰ্গেৰ ভাষণস্থলীৰ ‘শুদ্ধিকৰণ’: নিৰপেক্ষ তদন্তৰ আশ্বাসৰ পিছত আৱেদন খাৰিজ উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ

September 8, 2026 8:38 am
সীমান্তৰ পৰিস্থিতিৰ পৰ্যালোচনা! অৰুণাচলত প্ৰথমবাৰৰ বাবে ভাৰত-চীন কৰ্পছ কমাণ্ডাৰৰ বৈঠক

সীমান্তৰ পৰিস্থিতিৰ পৰ্যালোচনা! অৰুণাচলত প্ৰথমবাৰৰ বাবে ভাৰত-চীন কৰ্পছ কমাণ্ডাৰৰ বৈঠক

September 8, 2026 8:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আদালতৰ ৰোষত জ্ঞানেশ কুমাৰৰ ডি এম কন্যা! কটা যাব তেওঁৰ আৰু আৰক্ষীৰ দৰমহা, কিন্তু কিয়?

আদালতৰ ৰোষত জ্ঞানেশ কুমাৰৰ ডি এম কন্যা! কটা যাব তেওঁৰ আৰু আৰক্ষীৰ দৰমহা, কিন্তু কিয়?

September 8, 2026 10:35 am
আদিবাসী অধিকাৰ সংগ্ৰাম সন্মিলন: জল, জংঘল আৰু পৰিচয়ৰ সুৰক্ষাৰ দাবীত ৰাজধানীত ১৬খন ৰাজ্যৰ সহস্ৰাধিক জনজাতিৰ প্ৰতিবাদ

আদিবাসী অধিকাৰ সংগ্ৰাম সন্মিলন: জল, জংঘল আৰু পৰিচয়ৰ সুৰক্ষাৰ দাবীত ৰাজধানীত ১৬খন ৰাজ্যৰ সহস্ৰাধিক জনজাতিৰ প্ৰতিবাদ

September 8, 2026 10:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd