মুকলি হ’ল Redmi 8 স্মাৰ্টফোন; কিমান দামত কিনিব চাওক

প্ৰতিনিধিত্বমূলক ছবি

Xiaomi–এ আজি ভাৰতৰ গ্ৰাহকৰ বাবে তেওঁলোকৰ নতুন স্মাৰ্টফোন Redmi 8 মুকলি কৰিলে।

৫০০০ mAh বেটেৰীযুক্ত স্মাৰ্টফোনটোৰ ভাৰতত আৰম্ভনি মূল্য হৈছে ৭,৯৯৯ টকা।

অহা ১২ অক্টোবৰ শনিবাৰে মাজনিশাৰ পৰা ফ্লিপকাৰ্ট, Mi.com আৰু Mi হ’ম ষ্ট’ৰ্ছত স্মাৰ্টফোনটো উপলব্ধ হ’ব বুলি মোবাইল প্ৰতিষ্ঠানটোৰ ফালৰ পৰা জনোৱা হৈছে।

উল্লেখযোগ্য যে আজি মুকলি কৰা এই নতুন ফোনটো তেওঁলোকৰ ইয়াৰ পূৰ্বৰ জনপ্ৰিয় মডেল Redmi 7ৰ আপগ্ৰেড হয়।

Redmi 8ৰ কেইটামান বিশেষ ফিচাৰ্ছ হৈছে –

কৰ্নিং গ’ৰিলা গ্লাছ ৫ৰ সুৰক্ষাৰ সৈতে ৬.২২ ইঞ্চিৰ HD+ ডিছপ্লে।

অ’ক্টা-ক’ৰ কুৱালক’ম স্নেপড্ৰেগন ৪৩৯ প্ৰচেছৰ।

৪ জিবি ৰেম আৰু ৩২ জিবি ইণ্টাৰনেল ষ্ট’ৰেজ।

ডুৱেল ৰিয়েৰ কেমেৰা, য’ত এটা f/1.8  লেন্সৰ সৈতে ১২ মেগাপিক্সেলৰ Sony IMX363 প্ৰাইমেৰী ছেনছৰ আৰু আনটো ২ মেগাপিক্সেলৰ দেপ্থ ছেনছৰ।

ছেলফি, ভিডিঅ’ কলিং কৰিবৰ বাবে আছে ৮ মেগাপিক্সেল ফ্ৰ’ণ্ট কেমেৰা।