DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, August 13, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নৱবৰ্ষত গ্ৰন্থ প্ৰকাশক ৰাকেশ গোস্বামীয়ে অসমবাসীলৈ উপহাৰ দিলে ‘সৰগৰ পৰী’, চাওঁক সম্পূৰ্ণ ভিডিঅ’

দীৰ্ঘদিনৰ বিৰতিত ‘মৰম দিলি চেনেহ দিলি', ‘দেহাজান', ‘গছকত ভাঙি যাওঁ যঁতৰ' আদিৰ বিশিষ্ট সংগীত পৰিচালক অভিজিৎ বৰ্মণৰ নতুন সৃষ্টি

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
January 6, 2022 12:30 pm
215
VIEWS
Share on FacebookShare on Twitter

কোভিডৰ বিষম পৰিস্থিতিয়ে সমগ্ৰ ৰাজ্যতে এক গোমা পৰিবেশৰ সৃষ্টি কৰাৰ সময়তে দীৰ্ঘদিনৰ বিৰতিত ‘মৰম দিলি চেনেহ দিলি’, ‘দেহাজান’, ‘গছকত ভাঙি যাওঁ যঁতৰ’ আদিৰ বিশিষ্ট সংগীত পৰিচালক অভিজিৎ বৰ্মণে কৰিছে সংগীতৰ এক নতুন সৃষ্টি । সেই সৃষ্টিক প্ৰাণৱন্ত কৰি তুলিছে গ্ৰন্থ প্ৰকাশক ৰাকেশ গোস্বামীয়ে।

গ্ৰন্থ প্ৰকাশক,গায়কৰ ৰূপত এইবাৰ ৰাকেশ গোস্বামী। ৰাজ্যৰ অগ্ৰণী গ্ৰন্থ প্ৰকাশন গোষ্ঠী ‘আৰ. জি. পাব্লিকেশ্বন’ৰ স্বত্বাধিকাৰ ৰাকেশ গোস্বামীয়ে এইবাৰ ‘সৰগৰ পৰী’ শীৰ্ষক এটি নতুন গীতত কণ্ঠদান কৰিছে।

গীতটিৰ কথা, সুৰ আৰু সংগীতেৰে সজাইছে ‘মৰম দিলি চেনেহ দিলি’, ‘দেহাজান’, ‘গছকত ভাঙি যাওঁ যঁতৰ’ আদিৰ দৰে জনপ্ৰিয় গীতসমূহৰ যশস্বী সংগীত পৰিচালক অভিজিত বৰ্মনে। গ্ৰন্থ প্ৰকাশক ৰাকেশ গোস্বামী পেছাগতভাৱে কণ্ঠশিল্পী নহয় যদিও গীতৰ প্ৰতি তেওঁৰ যি ৰাপ সেয়া আজন্ম।

সেই ৰাপৰ বাবেই ৰাকেশ গোস্বামীয়ে অতি সুন্দৰভাৱে গাইছে ‘সৰগৰ পৰী’ শীৰ্ষক গীতটি।

ইতিমধ্যে কুমাৰ ভৱেশে গোৱা চন্দ্ৰধৰ বৰুৱাৰ কালজয়ী কবিতা ‘ধূলিকণা মই’ ৰাকেশ গোস্বামীয়ে সুৰাৰোপ কৰি যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে। গীতটিৰ ভিডিঅ’ চাবলৈ তলৰ লিংকত ক্লিক কৰিব পাৰে।

ক’ভিড কালত মানুহক সজাগ কৰাৰ বাবে কুমাৰ ভৱেশে গোৱা ‘নাযাবা নাযাবা ঘৰৰ বাহিৰত’ গীতটিৰ কথাও ৰাকেশ গোস্বামীৰ।

একেদৰে তেখেতে বাংলালৈ অনুবাদ কৰা কুমাৰ ভৱেশৰ জনপ্ৰিয় ‘পূজা পূজা লাগিছে’ গীতটিকো পুনৰবাৰ মানুহে আকোঁৱালি লৈছে।

ইয়াৰোপৰি ৰাকেশ গোস্বামীয়ে কুমাৰ ভৱেশৰ আন কেইবাটাও জনপ্ৰিয় গীত ৰচনা কৰিছে।

আজি গুৱাহাটীস্থিত স্বৰগম এ ভি ষ্টুডিঅ’ত ৰাকেশ গোস্বামীৰ ‘সৰগৰ পৰী’ শীৰ্ষক গীতটিৰ অডিঅ’ আৰু ভিডিঅ’ আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে।

দেশৰ আগশাৰীৰ মিউজিক চেনেল ‘টাইমছ মিউজিক এছামিছ’ত আজিৰে পৰা ‘সৰগৰ পৰী’ গীতটি উপলব্ধ হৈছে। নৱবৰ্ষৰ আৰম্ভনিতে গ্ৰন্থ প্ৰকাশক ৰাকেশ গোস্বামীৰ এনে প্ৰয়াসক সকলোৱে আদৰি ল’ব বুলি আশা কৰা হৈছে।

Recent News

চোৰক মোৰে পালে! ভেটিকানৰ সমীপত সুৰংগৰ পৰা উদ্ধাৰ কৰা হ’ল সন্দেহযুক্ত বেংক ডকাইতক

চোৰক মোৰে পালে! ভেটিকানৰ সমীপত সুৰংগৰ পৰা উদ্ধাৰ কৰা হ’ল সন্দেহযুক্ত বেংক ডকাইতক

Salman Rushdie: অস্ত্ৰোপচাৰৰ পিছত ‘লাইফ ছাপোৰ্ট’ত ছলমান ৰুশ্বডি; অৱস্থা সংকটজনক

Salman Rushdie: অস্ত্ৰোপচাৰৰ পিছত ‘লাইফ ছাপোৰ্ট’ত ছলমান ৰুশ্বডি; অৱস্থা সংকটজনক

আলফা(স্বা:)ৰ বৰ্জনৰ আহ্বানৰ বিপৰীতে সুকলমে স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি শিৱসাগৰ জিলা প্ৰশাসনৰ

আলফা(স্বা:)ৰ বৰ্জনৰ আহ্বানৰ বিপৰীতে সুকলমে স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি শিৱসাগৰ জিলা প্ৰশাসনৰ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ ঘৰৰ পৰা অতি গোপন নথিপত্ৰ জব্দ FBIৰ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ ঘৰৰ পৰা অতি গোপন নথিপত্ৰ জব্দ FBIৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd