Yamaha-ই দেশত মুকলি কৰিলে নতুন মেক্সি স্কুটাৰ আৰু বাইক! দাম ১.৪৩ লাখৰ পৰা আৰম্ভ

দেশত মুকলি কৰা হৈছে নতুন ইয়ামাহা এৰক্স স্কুটাৰ। এলানি আপডেটৰ সৈতে মুকলি কৰা হৈছে  স্কুটাৰখন। ইয়ামাহাই বিএছ৬ ফেজ ২ৰ নিয়ম অনুসৰি স্কুটাৰখনৰ ইঞ্জিন উন্নীত কৰিছে। ইয়াৰ উপৰি কোম্পানীটোৱে কয় যে স্কুটিখন ই-২০ ইন্ধন অৰ্থাৎ ৮০ শতাংশ পেট্ৰ’ল আৰু ২০ শতাংশ ইথানলৰ দ্বাৰা চলাব পাৰিব।

এই স্কুটাৰৰ লগতে ইয়ামাহাই বজাৰত মুকলি কৰিছে R15 V4 আৰু MT15 মটৰ চাইকেল। মটৰবাইক দুখনে কেইবাটাও নতুন চমক সংযোজন কৰিছে।

 

ইয়ামাহা এৰক্স মেক্সি স্কুটাৰৰ নতুন বৈশিষ্ট্য: এতিয়াৰ পৰা এই স্কুটাৰত ট্ৰেকচন কন্ট্ৰ’ল উপলব্ধ হ’ব। ইয়াৰ ফলত পথত স্কুটিৰ ওপৰত আৰোহীৰ নিয়ন্ত্ৰণ বৃদ্ধি পাব।

এই স্কুটাৰত ভেৰিয়েবল ভালভ আৰু চিভিটি ট্ৰেন্সমিছনৰ সৈতে ১৫৫ চিচি ব্লু কোৰ ইঞ্জিন আছে। এই ইঞ্জিনে সৰ্বোচ্চ ১৫ পিএছ শক্তি আৰু ১৩.৯ এনএম টৰ্ক উৎপন্ন কৰিব পাৰে।

নতুন স্কুটাৰখনত মেটালিক ক’লা আৰু সোণালী ৰঙৰ সৈতে আছে গ’ল্ডেন এলয় চকাৰ। এই স্কুটাৰখনৰ সকলো লেম্প এল ই ডি প্ৰযুক্তিৰ যেনে এল ই ডি হেডলাইট, এল ই ডি টেইললাইট, এল ই ডি পজিচনিং লেম্প আনকি টাৰ্ণ ইনডিকেটৰো। ইয়াৰ উপৰিও ইয়াত মোবাইল চাৰ্জিঙৰ বাবে পাৱাৰ চকেট, মাল্টি ফাংচন কী আৰু ২৪.৫ লিটাৰ বুট স্পেচ পাব।

ব্ৰেকিঙৰ বাবে ইয়ামাহাই এই স্কুটাৰত এণ্টি-লক ব্ৰেকিং চিষ্টেম আৰু ডিস্ক ব্ৰেকও আগবঢ়াইছে। ২০২৩ চনৰ ইয়ামাহা ইৰক্স স্কুটাৰখনৰ মূল্য এক্স-শ্ব’ৰুম ১.৪৩ লাখ টকা। স্কুটাৰৰ উপৰিও ইয়ামাহাই দুখন জনপ্ৰিয় বাইকৰ আপডেট সংস্কৰণো মুকলি কৰিছে।

নতুন ইয়ামাহা মটৰবাইক R15 V4 আৰু MT15 ত কি আছে? নতুন ইয়ামাহা R15 ত আছে কুইক শ্বিফ্টাৰ আৰু নতুন এলচিডি ডিছপ্লে। ইয়ামাহাই ঘোষণা কৰিছে যে এই বাইকখন OBD ফেজ ২ আপডেট কৰা হৈছে। এতিয়া বগা ৰঙতো উপলব্ধ হ’ব ইয়ামাহা R15। বাইকখনৰ মূল্য ১.৮৬ লাখ টকা (এক্স শ্ব’ৰুম)।

আনহাতে, ইয়ামাহা MT15 দুটা নতুন ৰঙত সংযোজন কৰা হৈছে- ডাৰ্ক মেট ব্লু আৰু মেটালিক ব্লেক। এই বাইকখনৰ মূল্য ১.৬৫ – ১.৬৯ লাখ টকাৰ ভিতৰত (এক্স শ্ব’ৰুম)।