এইবাৰ মধ্যপ্ৰাচ্যত নিষিদ্ধ এইখন হিন্দী চিনেমা; কিয় নিষিদ্ধ হ’ল ইয়ামি গৌতম অভিনীত ছবিখন?

ভাৰতীয় ছবিগৃহত মুক্তি পোৱাৰ প্ৰথম দিনাই সফলতা পাইছে আদিত্য জম্ভালে পৰিচালিত ছবি ‘আৰ্টিকেল ৩৭০’য়ে। মুঠতে ইয়ামি গৌতম অভিনীত ছবিখনে এই পৰ্যন্ত ২৩ কোটি টকা উপাৰ্জন কৰিছে। ছবিখনত আন এক গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে প্ৰিয়ামণীয়ে।

বৰ্তমান ভাৰতৰ লগতে ভাৰতৰ বাহিৰৰ বিভিন্ন চিনেমাগৃহত প্ৰদৰ্শিত হৈছে ছবিখন। ভৱিষ্যতে হলৰ সংখ্যা বৃদ্ধিৰ কথাও চিন্তা কৰিছে প্ৰযোজনা গোষ্ঠীয়ে। কিন্তু ইমান ভাল ব্যৱসায়ৰ পিছতো মধ্যপ্ৰাচ্যৰ দৰ্শকৰ বাবে ডাঙৰ বেয়া খবৰ। কাৰণ, উপসাগৰীয় অঞ্চলত ‘আৰ্টিকেল ৩৭০’ নিষিদ্ধ কৰা হৈছে।

ইয়াৰ পূৰ্বে হৃতিক ৰোশন আৰু দীপিকা পাডুকন অভিনীত সিদ্ধাৰ্থ আনন্দৰ এৰিয়েল একচন থ্ৰিলাৰ ‘ফাইটাৰ’ এই অঞ্চলত নিষিদ্ধ কৰা হৈছিল। মধ্যপ্ৰাচ্যৰ বলীউড বা হিন্দী চিনেমাৰ দৰ্শক ব্যাপক। ফলত এই সিদ্ধান্তই চিনেমাখনৰ ব্যৱসায়ত নেতিবাচক প্ৰভাৱ পেলাব পাৰে।

‘আৰ্টিকেল ৩৭০’ নিষিদ্ধ কৰাৰ কাৰণ আনুষ্ঠানিকভাৱে জানিব পৰা হোৱা নাই। কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ বাতিলৰ দৰে ঐতিহাসিক ৰাজনৈতিক সিদ্ধান্তক এই ছবিৰ জৰিয়তে পৰ্দালৈ অনা হৈছে। কিন্তু সমালোচকৰ মতে এই ছবিখনৰ নায়ক হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ সিং মোডী। লোকসভা নিৰ্বাচনৰ পূৰ্বে ‘আৰ্টিকেল ৩৭০’ মুক্তি দিয়াটো বিজেপিৰ কৌশল।

বিগত লোকসভা নিৰ্বাচনৰ পূৰ্বে মুক্তি লাভ কৰিছিল ‘উৰি: দ্য চাৰ্জিকেল ষ্ট্ৰাইক’ ছবিখন। গতিকে বিৰোধীৰ মতে ‘আৰ্টিকেল ৩৭০’ চিনেমাখন দৰাচলতে এক ‘মোডী গাথা’।

জানিব পৰা মতে, এই ছবিখন বৰ্তমান ১৫০০ৰো অধিক চিনেমাগৃহত চলি আছে। ছবিখনৰ প্ৰযোজক ইয়ামী গৌতমৰ স্বামী আদিত্য ধৰ, জ্যোতি দেশপাণ্ডে আৰু লোকেশ ধৰে।