• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বুমৰাহৰ নেতৃত্বত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰত্যাৱৰ্তন; দ্বিতীয় দিনা চালকৰ আসনত টিম ইণ্ডিয়া

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 23, 2024 11:46 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিউজিলেণ্ডৰ বিৰুদ্ধে ঘৰৰ মাটিত বিধ্ৱস্ত হোৱাৰ পিছত অষ্ট্ৰেলিয়া ভ্ৰমণত যোৱা ভাৰতীয় টেষ্ট দলটোক লৈ ক্ৰিকেট অনুৰাগীৰ চিন্তা আছিল। কিন্তু সকলো চিন্তা-চৰ্চা আঁতৰাই বুমৰাহৰ নেতৃত্বত টিম ইণ্ডিয়াই আকৰ্ষণীয় আৰম্ভণি ঘটাইছে।

অষ্ট্ৰেলিয়াই  হয়তো সপোনতো কল্পনাও কৰিব পৰা নাছিল যে ভাৰতীয় ক্ৰিকেট দলটোৱে এনেদৰে প্ৰত্যাৱৰ্তন কৰিব পাৰে। অৱশ্যেই সৌজন্যত টিম ইণ্ডিয়াৰ অধিনায়ক যশপ্ৰীত বুমৰাহ। তেওঁ অকলে ৫টা উইকেট দখল কৰে। পাৰ্থ টেষ্টৰ প্ৰথম ইনিংছত অষ্ট্ৰেলিয়াই ১০৪ ৰান সংগ্ৰহ কৰি আউট হৈছে।

Apply Now

এই মেচত টিম ইণ্ডিয়াই টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। অৱশ্যে ভাৰতৰ আৰম্ভণি ভাল নহ’ল। মাত্ৰ ১৫০ ৰানত অল আউট হয়। দলটোৰ হৈ নীতিশ কুমাৰ ৰেড্ডীয়ে সৰ্বাধিক ৪১ ৰান সংগ্ৰহ কৰে।

ভাৰতৰ বেটিংক সমালোচনা কৰা আৰম্ভ হৈছিল। কিন্তু, টিম ইণ্ডিয়াৰ পেচাৰসকলেও দেখুৱাই দিলে যে তেওঁলোক পিছ পৰি থকা নাই। প্ৰথম দিনটোৰ শেষত অষ্ট্ৰেলিয়াই ৬৭ ৰানত ৭টা উইকেট হেৰুৱাইছিল। তেতিয়া আশা কৰা হৈছিল যে দ্বিতীয় দিনা পুৱা অষ্ট্ৰেলিয়াই হয়তো আৰু বেছি সময় বেটিং কৰিব নোৱাৰিব।

দিনটোৰ আৰম্ভণিতে এলেক্স কেৰীৰ (২১) উইকেট দখল কৰে যশপ্ৰীত বুমৰাহে। হৰ্ষিত ৰাণাৰ বলত কে এল ৰাহুলৰ হাতত কেচ দি উভতি যায় নাথান লিয়ন (৫)। হৰ্ষিতে ষ্টাৰ্কৰ শেষ উইকেটটোও লয় (২৬)। প্ৰথম ইনিংছত হৰ্ষিতে তিনিটা উইকেট দখল কৰে। বাকী দুটা উইকেট দখল কৰে মহম্মদ চিৰাজে।

প্ৰথম ইনিংছত টিম ইণ্ডিয়াৰ অগ্ৰগতি ৪৬ ৰান। এই পৰিস্থিতিত দ্বিতীয় ইনিংছত অলপ ভাল বেটিং প্ৰদৰ্শন আশা কৰিব পাৰি। বিশেষকৈ বিৰাট কোহলী আৰু যশস্বী জয়ছোৱালৰ পৰা ৰান আশা কৰিছে ভাৰতীয় ক্ৰিকেট অনুৰাগীয়ে। যদি গোটেই দলটোৱে আৰু ১৫০-১৬০ ৰান কৰিব পাৰে, তেন্তে টিম ইণ্ডিয়াই ২০০ ৰানৰ অধিক অগ্ৰগতি লাভ কৰিব। এই দৃশ্যপটত ভাৰতে জয়ী হোৱাৰ সোণালী সুযোগ আছে।

ভাৰতে ইতিমধ্যে যশস্বী জয়ছোৱাল আৰু কে এল ৰাহুলৰ অপেনিং যুটীত কোনো উইকেট নেহেৰুৱাকৈ দ্বিতীয় ইনিংছত ৪৩ ৰান সংগ্ৰহ কৰিছে। সেই সূত্ৰে ভাৰতৰ সামগ্ৰিক লীড হৈছে ৮৯ৰান।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd