• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

মুছলমান ভাৰতৰ প্ৰধানমন্ত্ৰী হ’লে নিহত হ’ব ৪০ শতাংশ হিন্দু!- সাম্প্ৰদায়িক মন্তব্যৰে উচতনি হিন্দুত্ববাদী ধৰ্মগুৰুৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 5, 2022 4:21 pm
Hate speech
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা বৰ্ষৰ শেষৰ উত্তৰাখণ্ডত অনুষ্ঠিত ধৰম সংসদ নামৰ এটা অনুষ্ঠানত মুকলিকৈ মুছলমান হত্যাৰ আহ্বান কৰি দেশজুৰি খলকনি তুলিছিল এচাম হিন্দুত্ববাদী ধৰ্মগুৰুৱে। সমগ্ৰ দেশতে ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিছত আৰক্ষীয়ে কেইজনমান অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল।

প্ৰবল প্ৰতিবাদৰ ফলশ্ৰুতিত উক্ত অনুষ্ঠানৰ অন্যতম আয়োজক য়াতি নৰসিংহানন্দ নামৰ এজন হিন্দুত্ববাদী ধৰ্মগুৰুক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। অৱশ্যে কিছু দিনৰ পূৰ্বে জামিনত মুকলি হৈছিল য়াতি নৰসিংহানন্দ।

Apply Now

এই হিন্দুত্ববাদী নেতাজন পুনৰ এবাৰ নিজৰ সাম্প্ৰদায়িক মন্তব্যৰে চৰ্চালৈ আহিছে। দেওবাৰে দিল্লীৰ এখন হিন্দু মহাপঞ্চায়তক সম্বোধন কৰি য়াতি নৰসিংহানন্দই কয় যে যদি এজন মুছলমান ভাৰতৰ প্ৰধানমন্ত্ৰী হয় তেতিয়া ৫০ শতাংশ হিন্দু ধৰ্মান্তৰিত হ’ব, ৪০ শতাংশ হিন্দু লোক নিহত হ’ব আৰু দহ শতাংশ দেশৰ পৰা নিৰ্বাসিত হ’ব।

নৰসিংহানন্দৰ বক্তব্যৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল হৈছে। উক্ত ভাষণত হিন্দুত্ববাদী ধৰ্মগুৰু জনে কয়, “২০২৯, ২০৩৪ চন বা ২০৩৯ চনত এজন মুছলমান প্ৰধানমন্ত্ৰী হ’ব।”

“এজন মুছলমান প্ৰধানমন্ত্ৰী হোৱাৰ পিছত দেশৰ ৫০ শতাংশ হিন্দু ধৰ্মান্তৰিত হ’ব, ৪০ শতাংশ হিন্দু লোক নিহত হ’ব আৰু বাকী ১০ শতাংশই হয় শৰণাৰ্থী শিবিৰত বা অহা ২০ বছৰত আন দেশলৈ নিৰ্বাসিত হ’ব।”— নৰসিংহানন্দই কয়।

তেওঁ লগতে হিন্দুৱে এনে ভৱিষ্যতৰ পৰা ৰক্ষা পাবলৈ হাতত অস্ত্ৰ তুলি ল’বলৈও উচতনি দিয়ে।

“এয়াই হিন্দুসকলৰ ভৱিষ্যত হ’ব। যদি আপুনি এই ভৱিষ্যত এৰাই চলিব বিচাৰে, তেন্তে এজন পুৰুষ হিচাপে পৰিচয় দিয়ক আৰু অস্ত্ৰ তুলি লওক।”— বিতৰ্কিত ধৰ্মগুৰু জনে কয়।

নৰসিংহানন্দৰ এই বিতৰ্কিত ভাষণৰ পিছত দিল্লী আৰক্ষীয়ে ধাৰা 153 A ৰ অধীনত এখন এজাহাৰ দাখিল কৰিছে।

দিল্লী আৰক্ষীয়ে জানিবলৈ দিয়া মতে দেওবাৰে হিন্দু মহাপঞ্চায়তৰ অনুষ্ঠান সন্দৰ্ভত তিনিখন এজাহাৰ দাখিল কৰা হৈছে। এখন এজাহাৰ সাম্প্ৰদায়িক ভাষণৰ অভিযোগত দাখিল কৰা হৈছে।

আনহাতে বাকী দুখন এজাহাৰ সাংবাদিকৰ অভিযোগৰ আধাৰত পঞ্জীয়ন কৰা হৈছে বুলি আৰক্ষীয়ে লগতে উল্লেখ কৰে। অনুষ্ঠানটোত সাংবাদিকসকলক আক্ৰমণৰ লক্ষ্য কৰা হৈছিল বুলি অভিযোগ কৰিছে সাংবাদিক সকলে।

বৰ্তমানলৈকে উক্ত গোচৰত কোনো লোককে গ্ৰেপ্তাৰ কৰা নাই বুলি আৰক্ষীয়ে লগতে কয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

July 25, 2026 4:07 pm
দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm
‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

July 25, 2026 12:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

July 25, 2026 4:07 pm
দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd