DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 20, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

মুছলমান ভাৰতৰ প্ৰধানমন্ত্ৰী হ’লে নিহত হ’ব ৪০ শতাংশ হিন্দু!- সাম্প্ৰদায়িক মন্তব্যৰে উচতনি হিন্দুত্ববাদী ধৰ্মগুৰুৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 5, 2022 4:21 pm
Hate speech
190
VIEWS
Share on FacebookShare on Twitter

যোৱা বৰ্ষৰ শেষৰ উত্তৰাখণ্ডত অনুষ্ঠিত ধৰম সংসদ নামৰ এটা অনুষ্ঠানত মুকলিকৈ মুছলমান হত্যাৰ আহ্বান কৰি দেশজুৰি খলকনি তুলিছিল এচাম হিন্দুত্ববাদী ধৰ্মগুৰুৱে। সমগ্ৰ দেশতে ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিছত আৰক্ষীয়ে কেইজনমান অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল।

প্ৰবল প্ৰতিবাদৰ ফলশ্ৰুতিত উক্ত অনুষ্ঠানৰ অন্যতম আয়োজক য়াতি নৰসিংহানন্দ নামৰ এজন হিন্দুত্ববাদী ধৰ্মগুৰুক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। অৱশ্যে কিছু দিনৰ পূৰ্বে জামিনত মুকলি হৈছিল য়াতি নৰসিংহানন্দ।

এই হিন্দুত্ববাদী নেতাজন পুনৰ এবাৰ নিজৰ সাম্প্ৰদায়িক মন্তব্যৰে চৰ্চালৈ আহিছে। দেওবাৰে দিল্লীৰ এখন হিন্দু মহাপঞ্চায়তক সম্বোধন কৰি য়াতি নৰসিংহানন্দই কয় যে যদি এজন মুছলমান ভাৰতৰ প্ৰধানমন্ত্ৰী হয় তেতিয়া ৫০ শতাংশ হিন্দু ধৰ্মান্তৰিত হ’ব, ৪০ শতাংশ হিন্দু লোক নিহত হ’ব আৰু দহ শতাংশ দেশৰ পৰা নিৰ্বাসিত হ’ব।

নৰসিংহানন্দৰ বক্তব্যৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল হৈছে। উক্ত ভাষণত হিন্দুত্ববাদী ধৰ্মগুৰু জনে কয়, “২০২৯, ২০৩৪ চন বা ২০৩৯ চনত এজন মুছলমান প্ৰধানমন্ত্ৰী হ’ব।”

“এজন মুছলমান প্ৰধানমন্ত্ৰী হোৱাৰ পিছত দেশৰ ৫০ শতাংশ হিন্দু ধৰ্মান্তৰিত হ’ব, ৪০ শতাংশ হিন্দু লোক নিহত হ’ব আৰু বাকী ১০ শতাংশই হয় শৰণাৰ্থী শিবিৰত বা অহা ২০ বছৰত আন দেশলৈ নিৰ্বাসিত হ’ব।”— নৰসিংহানন্দই কয়।

তেওঁ লগতে হিন্দুৱে এনে ভৱিষ্যতৰ পৰা ৰক্ষা পাবলৈ হাতত অস্ত্ৰ তুলি ল’বলৈও উচতনি দিয়ে।

“এয়াই হিন্দুসকলৰ ভৱিষ্যত হ’ব। যদি আপুনি এই ভৱিষ্যত এৰাই চলিব বিচাৰে, তেন্তে এজন পুৰুষ হিচাপে পৰিচয় দিয়ক আৰু অস্ত্ৰ তুলি লওক।”— বিতৰ্কিত ধৰ্মগুৰু জনে কয়।

নৰসিংহানন্দৰ এই বিতৰ্কিত ভাষণৰ পিছত দিল্লী আৰক্ষীয়ে ধাৰা 153 A ৰ অধীনত এখন এজাহাৰ দাখিল কৰিছে।

দিল্লী আৰক্ষীয়ে জানিবলৈ দিয়া মতে দেওবাৰে হিন্দু মহাপঞ্চায়তৰ অনুষ্ঠান সন্দৰ্ভত তিনিখন এজাহাৰ দাখিল কৰা হৈছে। এখন এজাহাৰ সাম্প্ৰদায়িক ভাষণৰ অভিযোগত দাখিল কৰা হৈছে।

আনহাতে বাকী দুখন এজাহাৰ সাংবাদিকৰ অভিযোগৰ আধাৰত পঞ্জীয়ন কৰা হৈছে বুলি আৰক্ষীয়ে লগতে উল্লেখ কৰে। অনুষ্ঠানটোত সাংবাদিকসকলক আক্ৰমণৰ লক্ষ্য কৰা হৈছিল বুলি অভিযোগ কৰিছে সাংবাদিক সকলে।

বৰ্তমানলৈকে উক্ত গোচৰত কোনো লোককে গ্ৰেপ্তাৰ কৰা নাই বুলি আৰক্ষীয়ে লগতে কয়।

Recent News

Russia-Ukraine war

মাৰিঅ’পোলত কেৱল এসপ্তাহত আত্মসমৰ্পণ কৰিছে ১,৭৩০ জন ইউক্ৰেনীয়ান সৈন্যই! দাবী ৰাছিয়াৰ

Monkeypox: যৌন সম্পৰ্কৰেও বিয়পিব পাৰে মাঙ্কিপক্স; বিশেষজ্ঞসকলে কৰিলে সতৰ্ক

Monkeypox: যৌন সম্পৰ্কৰেও বিয়পিব পাৰে মাঙ্কিপক্স; বিশেষজ্ঞসকলে কৰিলে সতৰ্ক

Krishna Janmabhoomi case

কৃষ্ণ জন্মভূমিত মছজিদ বিতৰ্ক: শ্বাহি ইদগাহ মছজিদ আঁতৰাবলৈ কৰা আবেদন দাখিলত অনুমতি আদালতৰ

টকাৰ মূল্যত বৃহৎ পতন; প্ৰতি আমেৰিকান ডলাৰত হ’লগৈ ৭৭.৭২ টকা

টকাৰ মূল্যত বৃহৎ পতন; প্ৰতি আমেৰিকান ডলাৰত হ’লগৈ ৭৭.৭২ টকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd