• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ পুৰণি পেঞ্চন আচঁনিৰ দাবীত চহী সংগ্রহ অভিযান আৰম্ভ ইয়ং আছামৰ

শিক্ষকক অন্যান্য দায়িত্বৰ পৰা ৰেহাই দিয়াৰ আহ্বান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 27, 2022 4:16 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে পুৰনি পেঞ্চন আচঁনি( OPS) ৰ দাবী কৰিছে ইয়ং আছাম (শিক্ষা বচাওক, সংস্থাপন বচাওক)ৰ আহ্বায়ক কমিটিয়ে আৰু এই দাবীৰ কাৰ্যকৰীকৰণৰ বাবে ৰাজ্যজুৰি চহী সংগ্রহ কৰিব ইয়ং আছামে।

আজি সংবাদ মেলযোগে ইয়ং আছামৰ আহ্বায়ক কৃষ্ণ গগৈ, সুব্রত তালুকদাৰ, মনোজ সিংহ ৰাজা আৰু ছাদ্দাম হুছেইনে এই কথা ঘোষণা কৰি কয় যে ,ৰাজ্যৰ কৰ্মচাৰীসকলে দীৰ্ঘদিনীয়া যি পুৰনি পেঞ্চন আচঁনি ( OPS) ৰ দাবী কৰি আহিছে এইয়া তেওঁলোকৰ প্ৰাপ্য গণতান্ত্রিক দাবী আৰু মানৱীয় দৃষ্টিকোণৰ পৰা অতি গুৰুত্বপূৰ্ণ। পেঞ্চন চৰকাৰৰ অনুগ্ৰহ নহয়, শ্ৰমিক কৰ্মচাৰীৰ কষ্টোপাৰ্জিত ধন।

তেওঁলোকে কয় যে  জীৱনৰ গুৰুত্বপূৰ্ণ সময় দেশ আৰু সমাজৰ বাবে উৎসৰ্গা কৰা শ্ৰমিক, কৰ্মচাৰীসকলক অৱসৰৰ পাছত জীৱনৰ সুৰক্ষা দিয়াটো কল্যাণকামী ৰাষ্ট্ৰ আৰু চৰকাৰৰ মৌলিক দায়িত্ব। নাগৰিকৰ সামাজিক সুৰক্ষা ( Social Security) চৰকাৰৰ অতি গুৰুত্বপূৰ্ণ বিষয়। ৬০ বছৰ বয়সলৈ চাকৰি কৰি দেশক সেৱা কৰা কৰ্মচাৰীসকলৰ বাবে বেলেগ উপাৰ্জনৰ পথ নাথাকে। গতিকে মানুহ এজন ৮০ বছৰলৈ জীয়াই থাকিলে বাকী ২০ বছৰ তেওঁক সামাজিক নিৰাপত্তা দিয়াটো চৰকাৰৰ দায়িত্ব। 

Apply Now

লগতে পঢ়ক: ভাৰতত জন্মদিনৰ ছুটী কটাবলৈ অহা ৰাছিয়াৰ পুটিন বিৰোধী আইন প্ৰণেতাৰ ৰহস্যজনক মৃত্যু

তেওঁলোকে লগতে কয়, ‘’কেৱল চৰকাৰী কৰ্মচাৰীয়ে নহয় ; উন্নত দেশসমূহৰ দৰে খেতিয়ক, শ্ৰমিকৰ বাবেও সামাজিক নিৰাপত্তা থকাৰ প্ৰয়োজন। গতিকে আমি কব খোজো যে প্ৰাপ্য পেঞ্চনৰ পৰা বঞ্চিত কৰা নতুন পেঞ্চন আচঁনি( NPS) গণতন্ত্ৰৰ পৰিপন্থী। আমি দেখিবলৈ পাইছো যে নতুন  পেঞ্চন নীতিৰ অধীনত অৱসৰ পোৱাৰ পিছত এটি টেবলেট খাবলৈও কৰ্মচাৰীসকলে ভাবিব লগা হয়। এনেকুৱা বহুত উদাহৰণ আছে যে অৱসৰ লোৱাৰ আগৰ মাহটোত লাখ টকা দৰমহা পায়, অথচ অৱসৰ পোৱাৰ পিছত ২ হাজাৰ টকাও পেঞ্চন নাপায়। ই অতি দুৰ্ভাগ্যজনক।‘’

চৰকাৰে ডাঙৰ ডাঙৰ বেপাৰীক লাখ লাখ কোটি টকা কৰ ৰেহাই দিব পাৰে অথচ কৰ্মচাৰীসকলৰ প্ৰাপ্য পেঞ্চনটো দিব নোৱাৰে। গতিকে এই অধিকাৰক চৰকাৰে মৰ্যাদা দিব লাগে আৰু ৰাজ্যৰ কৰ্মচাৰীসকলৰ পুৰণি পেঞ্চন আচঁনি প্ৰৱৰ্তনৰ দাবী মানি লব লাগে। যদি ৰাজস্থান, হিমাচল প্ৰদেশ, পঞ্জাব, পশ্চিম বংগ, ঝাৰখণ্ড, ছট্টিশগডত পুৰণি পেঞ্চন নীতি পুনৰ প্ৰৱৰ্তন কৰিব পাৰে তেন্তে অসম চৰকাৰে কিয় নোৱাৰে বুলি ইয়ং আছামৰ নেতৃবৃন্দই প্ৰশ্ন উত্থাপন কৰে।

আনহাতে, আজি সংবাদমেল যোগে শিক্ষকসকলক অইন সকলো দায়িত্বৰ পৰা ৰেহাই দি কেৱল শ্ৰেণীকোঠাৰ দায়িত্ব দিবলৈ অসম চৰকাৰলৈ এক গুৰুত্বপূৰ্ণ আহ্বান জনাইছে ইয়ং আছামে। বিশেষকৈ বিদ্যালয়ৰ শিক্ষকে অতি কম সময়হে পাঠদানত দিব পাৰে।  লোকপিয়ল, অৰুণোদয়, NRC, গুণোৎসৱ আদি পাঠদান বহির্ভূত কামত শিক্ষকসকলক নিয়োগ কৰাৰ ফলত পাঠদান ব্যাহত হয়। আনকি জলজীৱন আচঁনিৰ অধীনত গাওঁৰ মানুহে পানী পাইছে নাই সেইয়া পৰ্যবেক্ষন কৰিবলৈও শিক্ষকসকলক ঘৰে ঘৰে পঠোৱা হয়। ইয়াৰ প্ৰভাৱ প্ৰত্যক্ষভাবে ছাত্র ছাত্রীৰ ওপৰত পৰে। ফলত চৰকাৰী বিদ্যালয়ৰ ছাত্র ছাত্রীৰ ফলাফল বেয়া হয়। গতিকে সকলো দিশ লক্ষ্য কৰি চৰকাৰী বিদ্যালয়ৰ শিক্ষকক পাঠদান বহিৰ্ভূত কামৰ পৰা আতৰত ৰাখিব লাগে।

লগতে পঢ়ক: মৰাণত শিলাবৃষ্টি: নেটিজেনৰ চকুত উপভোগ্য, কৃষকৰ বিভীষিকা

ইয়ং আছামৰ  নেতৃবৃন্দই ক্ষোভ প্রকাশ কৰি কয় যে, অসমৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষকসকলক বেলেগ কামত ব্যস্ত কৰি ৰাখি পৰিকল্পিতভাবে চৰকাৰী বিদ্যালয়ৰ ফলাফল বেয়া কৰোৱা হৈছে যাতে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ব্যবসায় সুকলমে চলি থাকিব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd