NORTHEAST NOW (Assamese)

হোজাইত পুনৰ জঘন্য দলবদ্ধ বলাৎকাৰ কাণ্ড; সমগ্ৰ দৃশ্য ৰেকৰ্ডিং কৰিলে মোবাইল ফোনত

April 24, 2019 5:03 pm · এন ই নাও নিউজ
Updated: April 24, 2019 9:33 pm
প্ৰতিনিধিত্বমূলক ফটো।

হোজাইত পুনৰ সংঘটিত হ’ল জঘন্য দলবদ্ধ বলাৎকাৰৰ ঘটনা। বুধবাৰে হোজাইৰ দিঘলীজাৰণি গাঁওত সংঘটিত হয় নাৰকীয় ঘটনাটো।

তথ্যৰ পৰা পোৱা খবৰৰ ভিত্তিত মঙলবাৰে যুৱতী এগৰাকীয়ে সম্বন্ধীয় ভিনিহীয়েক এজনৰ লগত আত্মীয়ৰ ঘৰলৈ আহি থাকোতে বাটত সাতজন দুৰ্বিত্তই তেওঁলোকক আক্ৰমণ কৰে আৰু যুৱতীগৰাকীক জংঘলৰ মাজলৈ টানি লৈ গৈ উপৰ্যুপৰি দলবদ্ধভাবে বলাৎতকাৰ কৰে।

আনহাতে, দুৰ্বিত্ত কেইজনে বলাৎকাৰৰ সমগ্ৰ দৃশ্য মোবাইল ফোনেৰে ৰেকৰ্ড কৰে। হোজাই আৰক্ষীয়ে  সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে।

অঞ্চলটোৰ স্থানীয় জনসাধাৰণে দোষীক শীঘ্ৰে কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তি দিয়াৰ দাবী জনাইছে।

উল্লেখযোগ্য যে, বিগত বৰ্ষতো হোজাই জিলাৰ কপাহবাৰী অঞ্চলত নগাঁওৰ এগৰাকী যুৱতীক দুৰ্বিত্তই দলবদ্ধভাবে বলাৎকাৰ কৰিছিল।

বলাৎকাৰী অভিযুক্তজনে যুৱতীগৰাকীক এখন ট্ৰাকত উঠাই নি হোজাইত দলবদ্ধভাবে বলাৎকাৰ কৰি ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথত পেলাই থৈ গৈছিল।

হোজাইত দুটা বছৰৰ ভিতৰত সংঘটিত দুটাকৈ জঘন্য দলবদ্ধ বলাৎকাৰৰ ঘটনাই ৰাজ্যত নাৰী সুৰক্ষাৰ দিশটোৰ প্ৰতি পুনৰবাৰ ভবাই তুলিবলৈ সকলোকে বাধ্য কৰিছে।

Related News