• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সপোন পূৰণ কৰিও চাকৰিত যোগ দিয়া নহ’ল; ভয়ংকৰ গাড়ী দুৰ্ঘটনাত মৃত্যু যুৱ আই পি এছ বিষয়াৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 2, 2024 3:19 pm
244
VIEWS
Share on FacebookShare on Twitter

সপোন পূৰণ কৰিও অৱশেষত চাকৰিত যোগদান কৰিব নোৱাৰিলে এজন যুৱকে। প্ৰথম পোষ্টিং লৈ চাকৰিত যোগদান কৰিবলৈ যোৱাৰ পথত ভয়ংকৰ গাড়ী দুৰ্ঘটনাত মৃত্যু হয় এজন আই পি এছ বিষয়াৰ। মৃত যুৱকজনৰ নাম হৰ্ষ বৰ্ধন। ২০২৩ বৰ্ষৰ আই পি এছ বেচত আছিল তেওঁ।

সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি সোমবাৰে আৰক্ষীয়ে জনোৱা মতে, দেওবাৰে কৰ্ণাটকৰ হাছান জিলাত সংঘটিত গাড়ী দুৰ্ঘটনাত ২৬ বছৰীয়া আই পি এছ বিষয়া হৰ্ষবৰ্ধনৰ মৃত্যু হয়।

হাছান-মহীশূৰত ঘাইপথত হঠাতে চালকজনে গাড়ীৰ নিয়ন্ত্ৰণ হেৰুৱায়। টায়াৰ ফাটি যোৱাৰ পিছত গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰথমে এটা ঘৰ আৰু তাৰ পিছত গছত খুন্দা মাৰে। হৰ্ষ বৰ্ধনৰ মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। অত্যধিক ৰক্তক্ষৰণৰ ফলত চিকিৎসালয়ত চিকিৎসাৰ সময়ত তেওঁৰ মৃত্যু হয়। গাড়ীখনৰ আহত চালকজন এতিয়াও চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

কৰ্ণাটকৰ মহীশূৰত বিগত চাৰি সপ্তাহ ধৰি হৰ্ষবৰ্ধনে প্ৰশিক্ষণ লৈ থকা বুলিও আৰক্ষীয়ে জানিবলৈ দিয়ে। হাছান জিলাতে প্ৰথম পোষ্টিং পায়। তেওঁ সোমবাৰে সহকাৰী আৰক্ষী অধীক্ষক হিচাপে সেৱাত যোগদান কৰাৰ কথা আছিল।

কিন্তু চাকৰিত যোগদান কৰাৰ পূৰ্বে এক ভয়ংকৰ দুৰ্ঘটনাত মৃত্যু হয় সম্ভাৱনাপূৰ্ণ এজন ২৬ বছৰীয়া যুৱ আই পি এছ বিষয়াৰ। কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াই আই পি এছজনৰ মৃত্যুত শোক প্ৰকাশ কৰে আৰু পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।

Recent News

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

টোপনিৰ অভাৱেও অৱনতি ঘটাই মানসিক স্বাস্থ্যৰ! জানক বিশেষজ্ঞৰ পৰামৰ্শ…

টোপনিৰ অভাৱেও অৱনতি ঘটাই মানসিক স্বাস্থ্যৰ! জানক বিশেষজ্ঞৰ পৰামৰ্শ…

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd