• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

নন্দিতা হত্যাৰ পুনৰাবৃত্তি! প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবেই শিৰচ্ছেদ কৰিলে কিশোৰীক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 24, 2021 3:49 pm
Murder for rejecting love proposal
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোৱা হয় প্ৰেম সুন্দৰ, প্ৰেম স্বৰ্গীয় অনুভূতি। প্ৰেমৰ বাবে প্ৰেমাস্পদ সাজু থাকে সকলো ত্যাগ কৰিবলৈ।

কিন্তু প্ৰেমৰ এই ধাৰণাত কালিমা সানিলে এক প্ৰত্যাখ্যিত প্ৰেমিকে। অসমত সৌ-সিদিনা মৰিধল কলেজৰ ছাত্ৰী নন্দিতা শইকীয়াৰ হত্যাকাণ্ডই জোকাৰি গৈছিল। আকৌ তেনে এক ঘটনাৰে পুনৰাবৃত্তি হৈছে। এজন যুৱকৰ প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবেই শিৰশ্চেদ কৰিলে এগৰাকী কিশোৰীক। অৱশ্যে এইবাৰ পশ্চিম বংগৰ ফালাকাটাত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ড। এই বৰ্বৰ হত্যাকাণ্ডৰ খবৰ বিয়পি পৰাৰ লগে লগে চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ দেশতে।

হত্যাকাণ্ডৰ বিষয়ে খবৰ পোৱাৰ পিছত স্থানীয় ফালাকাটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সনাতন সিংহ এক বৃহৎ আৰক্ষী বাহিনীৰ সৈতে ঘটনাস্থলীত উপস্থিত হয় আৰু যুৱকজনক গ্ৰেপ্তাৰ কৰে।

Apply Now

স্থানীয় সূত্ৰ অনুসৰি অভিযুক্ত চুবুৰীয়া যুৱকজনে ফালাকাটাৰ খালিচামাৰী গাঁৱৰ এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীক প্ৰেমৰ প্ৰস্তাৱ আগবঢ়াইছিল। কিন্তু ছাত্ৰী গৰাকীয়ে ই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিল।

ইয়াতে খৰ্গহস্ত হৈ যুৱকজনে প্ৰায়ে কিশোৰীগৰাকীক অপদস্থ কৰিছিল। কিন্তু বুধবাৰে এই নিৰ্যাতনে নিৰ্মম আৰু চুড়ান্ত ৰূপ লয়। ছাত্ৰীগৰাকী স্কুললৈ যোৱাৰ সময়তে ঘৰৰ চৌহদতে যুৱকজনে দাৰে আঘাত হানে আৰু কিশোৰীগৰাকীৰ শিৰ ডিঙিৰ পৰা পৃথক হৈ ছিটিকি পৰে। ঘৰৰ চৌহদ তেজেৰে ৰাঙলী হৈ থকা দৃশ্যই সকলোকে হতচকিত কৰি তোলে।

আৰক্ষীৰ ভাষ্য অনুসৰি যুৱকজন হত্যাৰ পিছত ঘৰলৈ উভতি আহিছিল আৰু শৰীৰত লাগি থকা তেজ ধুই পেলায়। যুৱকজনৰ ভগ্নীয়ে এই দৃশ্য দেখি আতংকিত হৈ পৰে যদিও যুৱকজনে তেওঁক এই বিষয়ে কাকো অৱগত নকৰিবলৈ ভাবুকি দিছিল।

এনে এক নিৰ্মম হত্যাকাণ্ডৰ বিষয়ে তথ্য লাভ কৰি ঘটনাস্থলীত এক বৃহৎ আৰক্ষী বাহিনী উপস্থিত হয়। ইতিমধ্যে যুৱকজনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু আৰক্ষী চকীলৈ লৈ যোৱা হৈছে।

প্ৰেমত প্ৰত্যাখ্যানৰ বাবে প্ৰতিশোধলব্ধ হৈ যুৱকজনে এনে নিৰ্মম হত্যাকাণ্ড সংঘটিত কৰে নে ইয়াৰ আঁৰত আন কোনো কাৰণ আছে সেই বিষয়ত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। অৱশ্যে স্থানীয় লোকে এইয়া এক শীতল মস্তিষ্কৰ পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ কৰিছে আৰু হত্যাকাৰী যুৱকজনৰ উচিত শাস্তি দাবী কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

SIR বিতৰ্ক! ‘সংবিধান উলংঘা হৈ থাকিলে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ জৰুৰী’-মুৰলী মনোহৰ যোশী

SIR বিতৰ্ক! ‘সংবিধান উলংঘা হৈ থাকিলে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ জৰুৰী’-মুৰলী মনোহৰ যোশী

October 8, 2026 8:36 pm
অখিল গগৈৰ ধৰ্মঘটৰ সপ্তম দিনত দিছপুৰত ধাৰাবাহিক প্ৰতিবাদ, আৰক্ষীৰে খণ্ডযুদ্ধ

অখিল গগৈৰ ধৰ্মঘটৰ সপ্তম দিনত দিছপুৰত ধাৰাবাহিক প্ৰতিবাদ, আৰক্ষীৰে খণ্ডযুদ্ধ

October 8, 2026 8:19 pm
ফ্ৰান্সৰ পিছত আন এখন দেশত বিয়পি পৰিছে জেন জি আন্দোলন; ৰাজপথত হাজাৰ হাজাৰ যুৱক-যুৱতী

ফ্ৰান্সৰ পিছত আন এখন দেশত বিয়পি পৰিছে জেন জি আন্দোলন; ৰাজপথত হাজাৰ হাজাৰ যুৱক-যুৱতী

October 8, 2026 7:34 pm
কাব্য ভাষাৰ পৰিধি ভাঙি সাধনাৰ ফল; সাহিত্যৰ নোবেল বঁটা লাভ কৰিলে কানাডাৰ কবি এন কাৰ্ছনে

কাব্য ভাষাৰ পৰিধি ভাঙি সাধনাৰ ফল; সাহিত্যৰ নোবেল বঁটা লাভ কৰিলে কানাডাৰ কবি এন কাৰ্ছনে

October 8, 2026 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

SIR বিতৰ্ক! ‘সংবিধান উলংঘা হৈ থাকিলে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ জৰুৰী’-মুৰলী মনোহৰ যোশী

SIR বিতৰ্ক! ‘সংবিধান উলংঘা হৈ থাকিলে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ জৰুৰী’-মুৰলী মনোহৰ যোশী

October 8, 2026 8:36 pm
অখিল গগৈৰ ধৰ্মঘটৰ সপ্তম দিনত দিছপুৰত ধাৰাবাহিক প্ৰতিবাদ, আৰক্ষীৰে খণ্ডযুদ্ধ

অখিল গগৈৰ ধৰ্মঘটৰ সপ্তম দিনত দিছপুৰত ধাৰাবাহিক প্ৰতিবাদ, আৰক্ষীৰে খণ্ডযুদ্ধ

October 8, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd