NORTHEAST NOW (Assamese)

চাকৰি দিয়াৰ নামত ৰাজ্যত দালাল চক্ৰৰ দপদপনি ; এইবাৰ আৱকাৰী বিভাগত ভুৱা নিযুক্তি

October 28, 2020 6:21 pm · পাৰ্শ্বজ্যোতি গগৈ

এছ আই কেলেংকাৰীৰ তদন্ত চলি থকাৰ মাজতেই ৰাজ্যত পুনৰ ভুৱা নিযুক্তিৰ তথ্য পোহৰলৈ আহিছে।

এইবাৰ আৰক্ষী বিভাগত নহয় আৱকাৰী বিভাগত সংঘটিত হৈছে ভুৱা নিযুক্তি।

শিৱসাগৰ আৱকাৰীবিভাগত ভুৱা নিযুক্তি পত্ৰ লৈ যোগদানৰ বাবে অহা যুৱক ৰঙাঘৰৰ আলহী হ’বলগীয়া হ’ল।

ঘটনা বিৱৰণী মতে আজি শিৱসাগৰ আৱকাৰী বিভাগৰ কাৰ্যালয়লৈ এজন যুৱকে কনিষ্টবলৰ নিযুক্তি পত্ৰ এখন লৈ শিৱসাগৰৰ কাৰ্যালয়লৈ যোগদানৰ বাবে আহে।

শিৱসাগৰ আৱকাৰী বিভাগৰ পৰিদৰ্শকৰ সন্দেহ হোৱাত বিভাগৰ উৰ্দ্ধতন কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰাত বিভাগৰ ফালৰ পৰা তেনে কোনো নিযুক্তি দিয়া হোৱা নাই বুলি স্পষ্ট কৰি দিয়ে।

লগে লগে আৱকাৰীবিভাগৰ শিৱসাগৰৰ পৰিদৰ্শকজনে শিৱসাগৰ আৰক্ষীক অৱগত কৰি যুৱকজনক আৰক্ষীক চমজাই দিয়ে।

যুৱকজনৰ নাম প্ৰসেনজিত বৰ্মন। তেওঁৰ ঘৰ কোচবিহাৰত বুলি জানিবলৈ দিয়ে।

যুৱকজনে জনোৱা মতে তেওঁ গুৱাহাটীৰ এখন হোটেলত কাম কৰি থাকোতে দুধনৈৰ পৱন বৰা নামৰ এজন ব্যক্তিৰ লগত চিনাকী হয় আৰু পৱন বৰাই যুৱকজনক আৱকাৰী বিভাগত চাকৰি দিব বুলি ৪৮ হাজাৰ টকা লয়।

লোকজনে যুৱক জনক নিযুক্তি পত্ৰ খন প্ৰদান কৰি আজি শিৱসাগৰলৈ যোগদান কৰিবলৈ পঠায়।

ইতিমধ্যে ভুৱা নিযুক্তি পত্ৰ লৈ শিৱসাগৰ আৱকাৰী বিভাগত যোগদান কৰিবলৈ অহা প্ৰসেনজিক বৰ্মনক বৰ্তমান শিৱসাগৰ আৰক্ষীৰ জিম্মাত ৰাখি জেৰা চলাই থকা হৈছে।

Related News