NORTHEAST NOW (Assamese)

কামাখ্যাত পাকিস্তান জিন্দাবাদ দিয়া যুৱকক লপা-থপা, আটক; “মই কমেই পাকিস্তান জিন্দাবাদ বুলি”, ধৃত যুৱকৰ ফেপেৰি

February 20, 2019 8:33 am · এন ই নাও নিউজ
Updated: February 20, 2019 11:33 am

গুৱাহাটীৰ মাজমজিয়াত থকা কামাখ্যা ধামত পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া এজন যুৱকক কিছু সংখ্যক যুৱকে ১৯ ফেব্ৰুৱাৰিত মৰেল পুলিচিং কৰি লপা-থপা দি আৰক্ষীক গতাই দিয়ে। নিজকে মণিপুৰী বুলি দাবী কৰা মনোজ সিনহা নামৰ যুৱকজনক আৰক্ষীয়ে আটক কৰি সোধা–পোছাৰ বাবে লৈ যায় জালুকবাৰী আৰক্ষী চকীলৈ।

স্থানীয় কিছু সংখ্যক যুৱকে দাবী কৰামতে যুৱকজনে ৰাতিপুৱাই কামাখ্যাত পাকিস্তানত জিন্দাবাদ দিয়াৰ পিছতে তেওঁলোকে যুৱকজনক বিভিন্ন প্ৰশ্ন কৰে। যুৱকজনৰ নাম-ধাম সোধাৰ উপৰি ভোটাৰ আই ডি বিচাৰে। এই গোটেই দৃশ্য ভিডিঅ’ ৰেকৰ্ডিং কৰে যুৱকসকলে।

‘পাকিস্তান জিন্দাবাদ কিয় ক’বি ৰাতিপুৱাই ৰাতিপুৱাই?’ বুলি স্থানীয় যুৱকসকলে প্ৰশ্ন কৰাত যুৱকজনে উভতি ধৰি কয়, ‘কমেই পাকিস্তান জিন্দাবাদ বুলি’।

তাৰ পিছতে মৰেল পুলিচিং কৰি থকা যুৱককেইজনে ‘তই পাকিস্তানী নেকি?’ বুলি প্ৰশ্ন কৰে।

যুৱকজনে উত্তৰ দিয়ে, ‘অঁ মই পাকিস্তানী’।

যুৱকজনে ফেপেৰি পতা অব্যাহত ৰখাত ক্ৰোধান্বিত হয় স্থানীয় যুৱকসকল। তাৰ পিছতে যুৱকজনক লপা-থপা দিয়া আৰম্ভ কৰে।

আনহাতে আৰক্ষীয়ে সন্দেহ কৰামতে, ধৃত যুৱকজন মানসিকভাৱে অসুস্থ হ’ব পাৰে। আৰক্ষীয়ে সোধা-পোছাৰ সময়ত যুৱকজনে দিয়া উত্তৰবোৰৰ পৰা এই সন্দেহ আৰক্ষীৰ। যুৱকজনৰ স্বাস্থ্য পৰীক্ষা কৰাইহে পৰৱৰ্তী ব্যৱস্থা লোৱা হ’ব বুলি জনাইছে আৰক্ষীয়ে।

অনলাইন অসমীয়াৰ (Online অসমীয়া) পৰা তলত উক্ত ঘটনাৰ ভিডিঅ’টোৰ লিংক দিয়া হ’ল-

https://www.facebook.com/126675174818978/videos/302970977083186/?v=302970977083186

Related News