• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সাংস্কৃতিক কৰ্মী, ভূপেনদাৰ অনুগামী ভাস্কৰ দত্তৰ মৃত্যুত শিৱসাগৰত শোকৰ ছাঁ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
February 20, 2019 9:09 am
Bhaskar Dutta

ভাস্কৰ দত্তৰ ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter
শিৱসাগৰৰ অন্যতম সাংস্কৃতিক কৰ্মী, ড০ ভূপেন হাজৰিকাৰ অনুগামী তথা জিলাখনৰ সমাজ-সংস্কৃতিলৈ যথেষ্ট বৰঙনি আগবঢ়োৱা ভাস্কৰ দত্তৰ মৃত্যুত শোকৰ ছাঁ পৰিছে চহৰখনত। ১৯ ফেব্ৰুৱাৰিত শিৱসাগৰৰ এখন ব্যক্তিগত নাৰ্ছিং হ’মত ৬২ বছৰ বয়সত মৃত্যু হয় দত্তৰ।
চহৰখনৰ ষ্টেইশ্যন চাৰি আলিৰ প্ৰবীণ মুক্তযোদ্ধা, শিক্ষাবিদ প্ৰয়াত ভগৱান চন্দ্ৰ দত্তৰ পুত্ৰ ভাস্কৰ দত্ত ভূপেন্দ্ৰ সংগীতৰ সাধক হোৱাৰ উপৰি গীতিকাৰ সুৰকাৰ, নিবন্ধকাৰ হিচাপেও সমাজলৈ তেওঁৰ বৰঙনি আছে। ১৯৭২ চনতে গুলস্তা হামাৰা ছবিৰ শ্বুটিঙৰ সময়ত ড০ ভূপেন হাজৰিকাৰ সংস্পৰ্শলৈ আহিছিল আৰু তেতিয়াৰ পৰাই ভূপেনদাৰ ভক্ত হৈ পৰিছিল ভাস্কৰ দত্ত। ভূপেনদাৰ লগত দিহিঙে-দিপাঙে ঘূৰি ফুৰোতেই তেওঁ চাহ বাগিচাৰ মেনেজাৰৰ চাকৰি হেৰুৱায়।
সুধাকণ্ঠই ভাস্কৰ দত্তক ষ্টেইশ্যন চাৰিআলিত সম্পূৰ্ণ অসমীয়া আৰু জনজাতীয় ৰুচিৰ থলুৱা খাদ্যৰ ‘চাংমাইশাল’ নামৰ এখন হোটেল খুলি দিছিল। বহুদিন ধৰি বন্ধ হৈ থকা চাংমাইশাল হোটেলক পুনৰ খুলিবলৈ যো-জা চলাই আছিল যদিও সেই সপোন পূৰণ হোৱাৰ পূৰ্বেই দত্তই মেলানি মাগে।
১৯৮০ চনত ভাস্কৰ দত্তই we are Indian, we are Indian আৰু Oh!  oh! my dear motherland, you have been our since she time began শীৰ্ষক ইংৰাজী গান দুটি সুৰ আৰু ৰচনা কৰিছিল। দত্তই মুঠ প্ৰায় তিনি কুৰি গীত ৰচনা কৰিছিল। তেওঁ আকাশবাণীৰো গীতিকাৰ আছিল। ১৯৮৫ চনত ভূপেন হাজৰিকাই ৰিমেক কৰা ফণী শৰ্মাৰ ‘চিৰাজ’ ছবিত অভিনয় কৰাৰ লগতে কণ্ঠদানো কৰিছিল তেওঁ। সকলো দিশতে ভূপেনদাক অনুসৰণ কৰা ভাস্কৰ দত্তক সকলোৱে জুনিয়ৰ ভূপেন হাজৰিকা বুলিয়েই মাতিছিল।
সাংস্কৃতিক কৰ্মীজনে ভূপেনদাৰ আদৰ্শ, সংগীত প্ৰচাৰৰ বাবে ভূপেনদাৰ দল আৰু মহাত্মা গান্ধীৰ আদৰ্শ প্ৰচাৰৰ বাবে বাপুজী দল নামৰ দুটা অনুষ্ঠানৰ জন্ম দিছিল। গণৰাজ্য দিৱস আৰু গান্ধী জয়ন্তীত দেশপ্ৰেমমূলক গীত আৰু ভূনেদাৰ জন্মদিন আৰু মৃত্যুদিনত ভূপেনদাৰ গীত বজাই নিজৰ পুৰণি ভেণ্টিজ গাড়ীৰে সমগ্ৰ শিৱসাগৰ পৰিভ্ৰমণ কৰা অভ্যাস আছিল ভাস্কৰ দত্তৰ।
অবিৰত শিল্পী জীৱন, সাহিত্য জীৱন আৰু সমাজিক কৰ্মৰাজিৰ বাবে দিল্লীৰ এটা অনুষ্ঠানে দত্তক ‘ভাৰত জ্যোতি’ উপাধি প্ৰদান কৰাৰ লগতে দিল্লীৰ শিখ সমাজে ‘শ্ৰেষ্ঠ নাগৰিক’ উপাধি প্ৰদান কৰিছিল এইজন শিৱসাগৰৰ সন্তানক।
জিলাখনৰ এইগৰাকী সুযোগ্য সন্তানৰ মৃত্যুত সমগ্ৰ শিৱসাগৰত শোকৰ ছাঁ পৰিছে। ১৯ ফেব্ৰুৱাৰিৰ বিয়লি ২ বজাত তেখেতৰ ঘৰত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত শিৱসাগৰৰ বহু দল-সংগঠন তথা ব্যক্তিয়ে শিল্পীগৰাকীলৈ শেষ শ্ৰদ্ধা নিবেদন কৰে।
Apply Now
পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭ টা দিনৰ পাছতো বানাক্ৰান্তক উদ্ধাৰত চৰম ব্যৰ্থ হিমন্ত চৰকাৰ : ৫০% শতাংশ বানাক্ৰান্তই পোৱা নাই চৰকাৰী সাহায্যৰ এটাও টোপোলা

৭ টা দিনৰ পাছতো বানাক্ৰান্তক উদ্ধাৰত চৰম ব্যৰ্থ হিমন্ত চৰকাৰ : ৫০% শতাংশ বানাক্ৰান্তই পোৱা নাই চৰকাৰী সাহায্যৰ এটাও টোপোলা

July 25, 2026 12:16 pm
চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭ টা দিনৰ পাছতো বানাক্ৰান্তক উদ্ধাৰত চৰম ব্যৰ্থ হিমন্ত চৰকাৰ : ৫০% শতাংশ বানাক্ৰান্তই পোৱা নাই চৰকাৰী সাহায্যৰ এটাও টোপোলা

৭ টা দিনৰ পাছতো বানাক্ৰান্তক উদ্ধাৰত চৰম ব্যৰ্থ হিমন্ত চৰকাৰ : ৫০% শতাংশ বানাক্ৰান্তই পোৱা নাই চৰকাৰী সাহায্যৰ এটাও টোপোলা

July 25, 2026 12:16 pm
চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd