NORTHEAST NOW (Assamese)

‘Myntra’ত ৬৯৯৬ টকীয়া ঘড়ী অৰ্ডাৰ দি গ্ৰাহকে পালে ১৭৫ টকীয়া তেলৰ বটল!

February 11, 2019 9:10 pm · শশাংক তালুকদাৰ

বৰ্তমান যুগত গ্ৰাহকসকলৰ বাবে বিভিন্ন প্ৰকাৰৰ সামগ্ৰী ক্ৰয়ৰ কাৰণে জনপ্ৰিয় মাধ্যম হৈ পৰিছে অনলাইন সেৱা। কিন্তু এই অনলাইন সেৱাৰ জৰিয়তে সামগ্ৰী ক্ৰয় কৰি গ্ৰাহকে ঠগ খোৱাৰ ঘটনায়ো নঘটা নহয়।

বৰপেটা জিলাৰ পাঠশালা নগৰৰ এজন যুৱকৰ সংঘটিত হ’ল তেনে এক ঘটনা। অনলাইন সেৱাৰ জৰিয়তে হাতত পিন্ধা এটা দামী ঘড়ী অৰ্ডাৰ দি যুৱকজনে লাভ কৰে ছালত ঘঁহা এটা তেলৰ বটল।

প্ৰাপ্ত তথ্য মতে পাঠশালাৰ নিতিশ দাস নামৰ যুৱকজনে অনলাইন শ্বপিং ছাইত ‘Myntra’ৰ জৰিয়তে ৬৯৯৬  টকীয়া ফ’ছিল (Fossil) ব্ৰেণ্ডৰ এটা হাতত পিন্ধা ঘড়ী অৰ্ডাৰ কৰিছিল। পিছত তেওঁ কৰা অৰ্ডাৰটো আহি পোৱাত যুৱকজনে পেকেটটো খুলিলত তাত ঘড়ীটোৰ পৰিৱৰ্তে ওলাই এটা ১৭৫ টকীয়া তেলৰ বটল।

গ্ৰাহকগৰাকীয়ে জনোৱা মতে তেওঁ অৰ্ডাৰ কৰাৰ সময়তে ঘড়ীটোৰ সম্পূৰ্ণ মূল্য আদায় কৰিছিল। পিছত দাসে Myntraৰ কৰ্তৃপক্ষক বিষয়টো অৱগত কৰাই আৰু তেওঁ অৰ্ডাৰ কৰা ঘড়ী প্ৰেৰণ কৰিবলৈ অনুৰোধ জনাই বুলি জানিবলৈ দিয়ে।

Related News