• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

জয়ী হ’ব কোন, ব্ৰাজিল নে আৰ্জেণ্টিনা! ফুটবল বিশ্বকাপ বিবাদত বন্ধুৰ হাতত প্ৰাণ হেৰুৱালে যুৱকে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 1, 2022 12:14 pm
FIFA world cup
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ব্ৰাজিল বা আৰ্জেন্টিন! কোনটো দল সৰ্বোত্তম? কোনে জয় কৰিব বিশ্ব? কোনে চুম্বন কৰিব বিশ্বকাপৰ সোণালী ট্ৰফীত? পাঁচ দিন ধৰি কেৱল এই আলোচনাৰ উত্তেজনা আৰু উত্তেজনা চৰম বিন্দুত উপনীত হোৱাৰ পিছত বন্ধুৰ হাততে প্ৰাণ হেৰুৱাইছে এগৰাকী যুৱকে। এই চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে বাংলাদেশত।

চলিত কাটাৰ বিশ্বকাপৰ বতাহে সমগ্ৰ বিশ্বৰ ফুটবলপ্ৰেমীক আচ্ছন্ন কৰি ৰখাৰ সময়তে কোনে এই বিশ্বকাপ খিতাপ আজুৰি আনিব পাৰিব, তাকে কেন্দ্ৰ কৰি হোৱা বিবাদৰ ফলত বাংলাদেশৰ সদৰ উপজিলাৰ দক্ষিণ নানুপুৰ অঞ্চলত এগৰাকী যুৱকে নিজ বন্ধুক হত্যা কৰে।

Apply Now

জানিব পৰা মতে, সোমবাৰে নিশা সংঘটিত হয় এই ঘটনা। অঞ্চলটোৰ স্থানীয় ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে, মৃত ১৮ বছৰীয়া মেহদি হাছান বুলি চিনাক্ত কৰা হৈছে।

হত্যাৰ বলি হোৱা মেহদীৰ সমবয়সীয়া বন্ধু তথা হত্যাকাণ্ডৰ অভিযুক্ত বৰকত বেপাৰীক আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। ঘটনা সন্দৰ্ভত আৰক্ষী বিষয়াগৰাকীয়ে উল্লেখ কৰা মতে, ব্ৰাজিলৰ সমৰ্থক মেহদীয়ে আৰ্জেণ্টিনাৰ সমৰ্থক বৰকাতৰ সৈতে বিশ্বকাপৰ সম্ভাৱ্য বিজয়ীক লৈ তৰ্কত লিপ্ত হৈছিল।

এটা সময়ত এই তৰ্কাতৰ্কি চৰম হৈ পৰাৰ পিছত বৰকটে বন্ধু মেহদীক ছুৰীৰে আঘাত কৰে। পিছত আহত মেহদীক ৰক্তাক্ত অৱস্থাত চান্দপুৰ সাধাৰণ চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

আৰক্ষীয়ে অভিযুক্ত বৰকটক গ্ৰেপ্তাৰ কৰি থানালৈ লৈ যায় বুলি উল্লেখ কৰি নিহত মেহদী হাছানৰ পিতৃ হেলালুদ্দিনে তেওঁৰ পুত্ৰৰ হত্যাকাৰীৰ সৰ্বোচ্চ শাস্তি হিচাপে ফাঁচী দিয়াৰ দাবী জনাইছে।

উল্লেখ্য যে, কাটাৰ বিশ্বকাপত ইতিমধ্যে খিতাপৰ প্ৰবল দাবীদাৰ- আৰ্জেণ্টিনা আৰু ব্ৰাজিল, দুয়োটা দলেই অন্তিম ১৬- ত প্ৰৱেশ কৰিছে। ইতিপূৰ্বেই কেৰিয়াৰৰ অন্তিম বিশ্বকাপ খেলা বুলি ঘোষণা কৰা মহাতাৰকা লিঅ’ মেছিয়ে আৰ্জেণ্টিনাৰ হৈ বিশ্বকাপৰ খিতাপত চুম্বন দিব পাৰিবনে, সেয়া লক্ষণীয় হ’ব।

আনহাতে ‘ফুটবলৰ দেশ’ হিচাপে পৰিচিত তাৰকাসমৃদ্ধ ব্ৰাজিলে ষষ্ঠবাৰৰ বাবে বিশ্বকাপৰ খিতাপ নিজৰ দখললৈ আনিব পাৰিবনে সিও হ’ব লক্ষণীয়। মুঠৰ ওপৰত কোনে দখল কৰিব কাটাৰ বিশ্বকাপ- সেই সম্ভাৱনাৰ উত্তৰলৈ উদগ্ৰীৱ হৈ বাট চাইছে ফুটবলপ্ৰেমীয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

August 24, 2026 7:39 pm
এতিয়ালৈকে বহুবাৰ সলনি হৈছে ১০ টকীয়া নোটৰ চেহেৰা : জানক এই নোটখনৰ ইতিহাস

এতিয়ালৈকে বহুবাৰ সলনি হৈছে ১০ টকীয়া নোটৰ চেহেৰা : জানক এই নোটখনৰ ইতিহাস

August 24, 2026 7:16 pm
দেশৰ ৫২ গৰাকী সুন্দৰীক পিছ পেলাই ‘মিছ ইউনিভাৰ্ছ ইণ্ডিয়া ২০২৬’ৰ মুকুট পিন্ধিলে কেৰেলামৰ কেজিয়া লিজ মেজোৱে

দেশৰ ৫২ গৰাকী সুন্দৰীক পিছ পেলাই ‘মিছ ইউনিভাৰ্ছ ইণ্ডিয়া ২০২৬’ৰ মুকুট পিন্ধিলে কেৰেলামৰ কেজিয়া লিজ মেজোৱে

August 24, 2026 6:49 pm
ভিক্ষা কৰিয়েই কটালে জীৱন! মৃত্যুৰ পাছত বৃদ্ধাৰ কোঠাত উদ্ধাৰ ৮.৪০ লাখ টকা

ভিক্ষা কৰিয়েই কটালে জীৱন! মৃত্যুৰ পাছত বৃদ্ধাৰ কোঠাত উদ্ধাৰ ৮.৪০ লাখ টকা

August 24, 2026 6:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

August 24, 2026 7:39 pm
এতিয়ালৈকে বহুবাৰ সলনি হৈছে ১০ টকীয়া নোটৰ চেহেৰা : জানক এই নোটখনৰ ইতিহাস

এতিয়ালৈকে বহুবাৰ সলনি হৈছে ১০ টকীয়া নোটৰ চেহেৰা : জানক এই নোটখনৰ ইতিহাস

August 24, 2026 7:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd