আলফা (স্বাধীন)ৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত গ্ৰেপ্তাৰ যুৱক

Jorhat-Police-station-750x375

যোৰহাট আৰক্ষী থানা।

যোৰহাটত নিষিদ্ধ ঘোষিত আলফা(স্বাধীন)ৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত আৰক্ষীয়ে এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে।

যোৰহাট চহৰৰ পৰা ১৫ কিলোমিটাৰ নিলগৰ লাহদৈগড়ৰ পৰা দেওবাৰে দীপাংকৰ গোস্বামী নামৰ যুৱকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱালে কয় যে দীপাংকৰৰ লগতে আন দুজন যুৱকো শুকুৰবাৰে নিশা যোৰহাট ষ্টেডিয়ামৰ সমীপত আলফা (স্বা:)ৰ সমৰ্থনত পোষ্টাৰ লগোৱাৰ সৈতে জড়িত থকাৰ অভিযোগ আছে।

আন দুজন যুৱকক ক্ৰমে ডিব্ৰুগড় আৰু ধেমাজিৰ পৰা আটক কৰা হৈছিল।

‘’তেওঁলোকৰ প্ৰকৃততে আলফা (স্বা:)ৰ সৈতে সম্পৰ্ক আছে নে তেওঁলোক সাধাৰণ সমৰ্থক মাথোঁ সেয়া এতিয়াও নিশ্চিত কৰিব পৰা নাই,’’-সোণোৱালে কয়।

তেওঁ লগতে কয় যে আৰক্ষী নিশ্চিত নহয় যে পোষ্টাৰসমূহ নিষিদ্ধ সংগঠনটোৰ পৰা যোগান ধৰা হৈছে, কিয়নো ইয়াৰত আলফা (স্বা:)ৰ প্ৰতীক উদিত সূৰ্যটো নাই।

‘’পোষ্টাৰত অসম বুৰঞ্জীৰ সৈতে সম্পৰ্কিত কথা লিখা হৈছে যদিও তাত কি ক’ব বিচৰা হৈছে সোয়া স্পষ্ট নহয়। ইংৰাজীত মাথোঁ লিখা আছিল ‘Join ULFA (I)’,’’-সোণোৱালে জানিবলৈ দিয়ে।

‘’ আলফা (স্বা:)ৰ এয়া যোগদানৰ অভিযান নে এই যুৱককেইজন সমৰ্থক হিচাপে একেলগ হৈছিল আৰু বিভিন্ন কাৰণৰ বাবে আলফা (স্বা:) নিজাববীয়াকৈ যোগদানৰ বাবে পৰিকল্পনা কৰিছিল সেই বিষয়ে অনুসন্ধান চলাই থকা হৈছে,’’-তেওঁ কয়।

১৯ বছৰীয়া দীপাংকৰ এজন দশম শ্ৰেণীলৈকে পঢ়ি শিক্ষাজীৱন বাদ দিয়া যুৱক।