• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চল…’, সাগৰৰ ‘অভিভাৱক ‘বাংলাদেশ! চীনক কি আহ্বান জনালে ঢাকাই?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 1, 2025 9:09 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে শেহতীয়াকৈ চীন ভ্ৰমণ কৰিছিল। চাৰিদিনীয়া চীন ভ্ৰমণৰ সময়ত তেওঁ বেইজিঙত দেশখনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ সৈতে সাক্ষাৎ কৰে। শেহতীয়াকৈ এটা পোষ্টত দাবী কৰা হৈছে যে মহম্মদ ইউনুছে চীন ভ্ৰমণৰ সময়ত বেইজিঙক এটা আহ্বান জনাইছিল। সমগ্ৰ ঘটনাটো ভিডিঅ’ত বন্দী হোৱা বুলি জানিব পৰা গৈছে।

যিটো ভিডিঅ’ প্ৰকাশ পাইছে তাত মহম্মদ ইউনুছৰ বাৰ্তা আছিল যে ভাৰতৰ উত্তৰ-পূবৰ ‘ছেভেন ছিষ্টাৰ্ছ’ নামেৰে পৰিচিত সাতখন ৰাজ্য সকলো স্থলভাগেৰে আবদ্ধ,  ফলস্বৰূপে বাংলাদেশ সেই অঞ্চলৰ জলভাগৰ ‘অভিভাৱক’! এই যুক্তিৰে বেইজিঙৰ প্ৰতি ঢাকাৰ আবেদন হৈছে যে চীনে বাংলাদেশত অৰ্থনৈতিক ভিত্তি স্থাপন কৰি নিজৰ অৰ্থনৈতিক কাৰ্যসূচীৰ পৰিসৰ বৃদ্ধি কৰিব লাগে।

Apply Now

ভাইৰেল হোৱা ভিডিঅ’টোত ইউনুছে কোৱা শুনা গৈছে যে, “পূব ভাৰতৰ সাতখন ৰাজ্য, যাক ছেভেন চিষ্টাৰ্ছ বুলি কোৱা হয়… সেইবোৰতো স্থলভাগেৰে আৱদ্ধ… সাগৰলৈ যোৱাৰ তেওঁলোকৰ কোনো পথ নাই।” তাৰ পিছত তেওঁ কয়, “সেই অঞ্চলত আমিয়েই একমাত্ৰ সাগৰৰ অভিভাৱক। ফলত ই বৃহৎ সম্ভাৱনাৰ সৃষ্টি কৰে। ইয়াৰ দ্বাৰা চীনৰ অৰ্থনীতিয়ে নিজৰ সীমা সম্প্ৰসাৰণ কৰিব পাৰে, কিবা এটা নিৰ্মাণ কৰিব পাৰে, কিবা এটা উৎপাদন কৰিব পাৰে, বজাৰ সৃষ্টি কৰিব পাৰে… চীনলৈ বস্তু আনিব পাৰে, চীনৰ পৰা সমগ্ৰ বিশ্বলৈ বস্তু পঠাব পাৰে…।”

উল্লেখ্য যে নৰেন্দ্ৰ মোডীৰ অৰ্থনৈতিক উপদেষ্টা সঞ্জীৱ সান্যালে এটা পোষ্টত ইউনুছৰ মন্তব্যৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে। তাত সঞ্জীৱ সান্যালে লিখিছে, ” ইউনুছে চীনৰ ওচৰত ৰাজহুৱা আবেদন জনাইছে, ভাৰতৰ ৭খন ৰাজ্য স্থলভাগত আৱদ্ধ বুলি। বাংলাদেশত চীনৰ বিনিয়োগক আদৰণি জনোৱা হৈছে, কিন্তু ভাৰতৰ ৭খন ৰাজ্যৰ ভূ-পৃষ্ঠত আবদ্ধ হোৱাৰ তাৎপৰ্য সঠিকভাৱে কি?”

প্ৰসংগক্ৰমে মহম্মদ ইউনুছে বাংলাদেশৰ নদী ব্যৱস্থাপনাৰ বাবে চীনৰ পৰা ৫০ বছৰীয়া মাষ্টাৰ প্লেন বিচাৰিছে। মন কৰিবলগীয়া যে এই ক্ষেত্ৰত তিস্তাৰ বিষয়টো আহি পৰে। যাৰ পানী বাংলাদেশে ভাৰতৰ সৈতে ভাগ কৰি লয়। কোৱা বাহুল্য যে যদি সেইখিনিৰ পৰা চীনে বাংলাদেশৰ জলসম্পদত মূৰ সোমোৱাৰ কোনো ইংগিত পোৱা যায় তেন্তে সেয়া দিল্লীৰ বাবে অস্বস্তিৰ কাৰণ হ’ব পাৰে।

ইউনুছে দাবী কৰে যে চীন ‘জলসম্পদ ব্যৱস্থাপনাৰ মাষ্টাৰ’। ইপিনে ভাৰতৰ ৭খন ৰাজ্যক টানি আনি কৰা ইউনুছৰ বক্তব্যক লৈ বিভিন্ন জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। প্ৰতিৰক্ষা বিশেষজ্ঞ ধ্ৰুৱ কাটোচে কয়, “এই আলোচনাত ভাৰতৰ নাম উল্লেখ কৰি তেওঁ ভাবুকি দিছে, তেওঁ বুজাব বিচাৰিছে নেকি যে বাংলাদেশে ভাৰতৰ উত্তৰ-পূবক বিছিন্ন কৰি পেলাব পাৰে?”

Interesting that Yunus is making a public appeal to the Chinese on the basis that 7 states in India are land-locked. China is welcome to invest in Bangladesh, but what exactly is the significance of 7 Indian states being landlocked? https://t.co/JHQAdIzI9s

— Sanjeev Sanyal (@sanjeevsanyal) March 31, 2025

তেওঁ লগতে কয়, “ভাৰতক এই আলোচনাৰ মাজলৈ টানি নিয়াৰ ইউনুছৰ কোনো কাৰণেই নাছিল। সাগৰৰ সৈতে সংযোগ কেনেকৈ কৰা হয়, সেই সংযোগৰ বিষয়টো আমাৰ চৰকাৰৰ, আমি ইয়াক চম্ভালিছো।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm
‘বিস্ময় বালক’ক লৈ কৌতুহল! IIM ইন্দোৰৰ গৱেষণাৰ বিষয় বৈভৱ সূৰ্য্যবংশী

‘বিস্ময় বালক’ক লৈ কৌতুহল! IIM ইন্দোৰৰ গৱেষণাৰ বিষয় বৈভৱ সূৰ্য্যবংশী

June 4, 2026 8:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd