শেহতীয়াভাৱে ইণ্টাৰনেটৰ পৃথিৱীত চাঞ্চল্যৰ সৃষ্টি কৰিছে যুৱৰাজ সিঙে। এইগৰাকী যুৱৰাজ সিং কিন্তু ক্ৰিকেটাৰ নহয় টিকটক ষ্টাৰহে।
টিকটক ষ্টাৰ যুৱৰাজ সিঙৰ ‘ডেন্স মুভ’ক লৈ বৰ্তমান সমগ্ৰ ইণ্টাৰনেটৰ পৃথিৱীত চৰ্চা আৰম্ভ হৈছে।
কিছু সংখ্যকে টিকটক ষ্টাৰ গৰাকীক ইয়ং মাইকেল জেকছন আখ্যা দিয়াৰ বিপৰীতে কিছু সংখ্যকে পৃথিৱীৰ তাৰকা নৃত্য শিল্পী সকলৰ সমকক্ষ হিচাপে অভিহিত কৰিছে।
ইণ্টাৰনেটত চৰ্চা অব্যাহত থকাতকৈও ডাঙৰ কথাটো হ’ল টিকটক কৰিয়ে বলিউদৰ ছবিৰ অভাৰ লাভ কৰিছে টিকটক ষ্টাৰ যুৱৰাজ সিঙে।
আনকি, ৰেমো ডি চুজাই টিকটক ষ্টাৰ গৰাকীক পৰৱৰ্তী ছবিত লোৱাৰ বাবেও আগ্ৰহ প্ৰকাশ কৰিছে।
ঘটনাটো হ’ল যুৱৰাজ সিং নামৰ এগৰাকী যুৱকৰ এটা ভিডিঅ’ টিকটকযোগে ভাইৰেল হৈ পৰিছে য’ত বলিউদৰ গানত দুৰ্দান্ত নৃত্য কৰা দেখা গৈছে যুৱকজনক।
যুৱৰাজৰ নৃত্য শৈলীয়ে অতিসহজে হৃতিক ৰোশন, শ্বাহিদ কাপুৰ আদিৰ দৰে বলিউদৰ তাৰকা অভিনেতাৰ নৃত্যক প্ৰত্যাহ্বান জনাব পৰা ক্ষমতা আছে।
ছ’চিয়েল মিডিয়াত যুৱকজনৰ ভিডিঅ’টো ভাইৰেল হৈ পৰাৰ লগে লগে নেটিজেনসকলে যুৱৰাজৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে।
বলিউদৰ জনপ্ৰিয় অভিনেতা-অভিনেত্ৰী হৃতিক ৰোশন, ৰবিনা টেণ্ডন আদিয়েও যুৱৰাজৰ নৃত্যক প্ৰশংসা কৰিছে।
যুৱৰাজৰ নৃত্য দেখি ছ’চিয়েল মিডিয়াত হৃতিকে লিখিছে ‘‘এয়া কোন? মই দেখা সকলতকৈ স্মুথ এয়াৰৱাকাৰ’’, অমিতাভ বচ্চনে লিখিছে ‘‘Wow’’।
টিকটকত ব্যস্ত থকা যুৱ প্ৰজন্ম প্ৰায়ে সমালোচনাৰ সন্মুখীন হৈ আহিলেও টিকটকেও যে কাৰোবাৰ ভাগ্য সুপ্ৰসন্ন কৰিব পাৰে যুৱৰাজে তাকে প্ৰমাণ কৰিছে।