বুধবাৰে এছিয়ান গেমছ টি-২০ প্ৰতিযোগিতাত মংগোলিয়াৰ বিৰুদ্ধে নেপাল ক্ৰিকেট দলে দুৰ্লভ অভিলেখ সৃষ্টি কৰিছে। বিশ্ব ক্ৰিকেটৰ শিশু হিচাপে পৰিচিত নেপালে টি২০ ক্ৰিকেটত একমাত্ৰ দল ৰূপে ৩০০ তথা ত্ৰিশতাধিক ৰাণ সংগ্ৰহ কৰাৰ অভিলেখৰ অধিকাৰী হয়।
বুধবাৰে এছিয়ান গেমছৰ টি২০ ক্ৰিকেট শাখাত চীনৰ হাংঝৌৰ পিংফেং কেম্পাছ ক্ৰিকেট ফিল্ডত নেপাল আৰু মংগোলিয়াৰ মাজৰ খেলখন অনুষ্ঠিত হয়। প্ৰথমে বেট ধৰি নেপালৰ বেটছমেনসকলে ৰুদ্ৰমূৰ্তি ধাৰণ কৰি একপ্ৰকাৰে মংগোলিয়াৰ বলাৰসকলক উপহাসে কৰে।
নিৰ্ধাৰিত ২০ অভাৰত নেপালে তিনিটা উইকেট হেৰুওৱাই ৩১৪ ৰাণ সংগ্ৰহ কৰি বিশ্ব অভিলেখ গঢ়েয ইয়াৰ পূৰ্বে টি২০ ক্ৰিকেটৰ সৰ্বোচ্চ দলীয়া ৰাণ আছিল ২৭৮/৩। ইয়াৰ পূৰ্বে আয়াৰলেণ্ডৰ বিৰুদ্ধে আফগানিস্তানে ২৭৮/৩ সংগ্ৰহ কৰি এই অভিলেখৰ অধিকাৰী আছিল।
মেচখনত নেপালী বেটাৰ দীপেন্দ্ৰ সি আইৰীয়েও গঢ়ে অন্য এক বিশ্ব অভিলেখ। দীপেন্দ্ৰই একালৰ ভাৰতৰ বিস্ফোৰক বেটাৰ যুৱৰাজ সিঙৰ দ্ৰততম অৰ্ধ শতক অভিলেখ ভংগ কৰে। নেপালী বেটাৰ দীপেন্দ্ৰই মাত্ৰ ৯ টা বলতে অৰ্ধ শতক সম্পূৰ্ণ কৰেয ইয়াৰ পূৰ্বে ২০০৭ৰ টি২০ বিশ্বকাপত ইংলেণ্ডৰ বিৰুদ্ধে মাত্ৰ ১২ টা বলতে যুৱৰাজে সিঙে অৰ্ধ শতক সম্পূৰ্ণ কৰি বিশ্ব অভিলেখ ৰচনা কৰিছিল। মাত্ৰ ১০ টা বলত ৫২ ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে বেটাৰ দীপেন্দ্ৰই।
আনফালে আন এজন নেপালী বেটাৰ কুশল মাল্লাই ভাৰতৰ ৰোহিত শৰ্মা আৰু দক্ষিণ আফ্ৰিকাৰ ডেভিদ মিলাৰৰ অভিলেখো ভংগ কৰে। মাত্ৰ ৩৪ বলতে শতক অৰ্জন কৰি মাল্লাই টি২০ ক্ৰিকেটত দ্ৰুততম শতক অৰ্জন কৰাৰ গৌৰৱৰ অধিকাৰী হয়। মাল্লাই ৫০ টা বলত ১২ টা ছয় আৰু ৮ টা চাৰিৰে ১৩৭ ৰাণ সংগ্ৰহ কৰে।
মুঠৰপ ওপৰত এছিয়ান গেমছ টি-২০ত মংগোলিয়াৰ বিৰুদ্ধে নেপাল ক্ৰিকেট দলৰ ঐতিহাসিক প্ৰদৰ্শন ক্ৰিকেট ইতিহাসৰ বুৰঞ্জীত খোদিত হ’ব।