আইজলত অনুষ্ঠিত ‘জৰাম পীপ্‌ল’ছ মুভমেণ্ট’ৰ মিজোৰাম সংস্কাৰ আলোচনাচক্ৰ

28regKeneth

মিজোৰামৰ এটা নতুন ৰাজনৈতিক মিত্ৰজোঁট ‘জৰাম পীপ্‌ল’ছ মুভমেণ্ট’ৰ মুখ্য মন্ত্ৰী পদৰ লালদুহমাই কৈছে যে আগন্তুক নিৰ্বাচনত মিত্ৰজোঁটটোৱে মিজোৰামৰ দুটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা নকৰে। মিজোৰামৰ জনগণৰ বৃহত্তৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি দলটোৱে দলটোৰ টিকটত চাকমা প্ৰাৰ্থীক ঠিয় নকৰোৱাৰ সিদ্ধান্ত কৰিছে।

আজি বিভিন্ন ৰাজনৈতিক আৰু অৰ্ধ-ৰাজনৈতিক দলসমূহে ৰাজধানী আইজলত প্ৰাক নিৰ্বাচনী নিৰ্বাচনী মিত্ৰতাপূৰ্বক ‘জৰাম ছিয়ামথাৰ খাৱমপুই’ অৰ্থাৎ মিজোৰামৰ সংস্কাৰ শীৰ্ষক এটা আলোচনাচক্ৰত অংশগ্ৰহণ কৰে। এই আলোচনাচক্ৰখন নিৰ্বাচনী মিত্ৰতাৰ এবছৰ পূৰ্তি উপলক্ষে অনুষ্ঠিত কৰা হয়।

এবছৰীয়া পূৰ্তি উপলক্ষে ‘জৰাম পীপ্‌ল’ছ মুভমেণ্টে’ আইজলত এটা মুকলি আলোচনাচক্ৰৰো আয়োজন কৰে। উপস্থিত সমজুৱাক সম্বোধন কৰি সংগঠনটোৰ মুভমেণ্টৰ মুখ্য মন্ত্ৰী পদৰ প্ৰাৰ্থী গৰাকীয়ে কৈছে যে এই আলোচনাচক্ৰৰ প্ৰধান উদ্দেশ্য হৈছে ‘জৰাম পীপ্‌ল’ছ মুভমেণ্ট’ৰ পৰাই মিজোৰামত পৰিৱৰ্তন সাধিত হ’ব।

লালদুহমাই আৰু কৈছে যে মিজোৰামৰ গাঁৱে-চহৰে দলটোৱে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ প্ৰস্তুত হৈছে। তেওঁ আৰু কয় যে মিজোৰামৰ ৪০ টা সমষ্টিৰ ৩৮টা সমষ্টিত দলটোৱে প্ৰাৰ্থী ঠিয় কৰাব। চাকমা সংখ্যাগৰিষ্ঠ দুটা সমষ্টিত দলটোৱে প্ৰাৰ্থী ঠিয় নকৰোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

স্থানীয় শিল্লীয়ে পৰিৱেশন কৰা গছপেলৰ তালে তালে নৃত্য কৰি ‘জৰাম পীপ্‌ল’ছ মুভমেণ্ট’ মিত্ৰজোঁটৰ হেজাৰ হেজাৰ সমৰ্থকে আলোচনাচক্ৰ অনুষ্ঠিত হোৱা ভানাপা হলৰ বাহিৰত জুম পাতিছিল।

উল্লেখ্য যে মিজোৰামৰ ৪০খন বিধানসভা আসনৰ বাবে এই বছৰৰ শেষৰ ফালে নিৰ্বাচন অনুষ্ঠিত হ’ব। অৱশ্যে এতিয়ালৈকে নিৰ্বাচন আয়োগে নিৰ্বাচনৰ দিন ঘোষণা কৰা নাই।

‘জৰাম পীপ্‌ল’ছ মুভমেণ্ট’ হৈছে ২০১৭ ৰ আগষ্টত জেডএনপি, মিজোৰাম পীপ্‌ল’ছ কনফাৰেঞ্চ, জৰাম এক্সোডাছ মুভমেণ্ট, জৰাম ৰিফৰ্মেশ্যন ফ্ৰণ্ট, মিজোৰাম পীপ্‌ল’ছ পাৰ্টী আৰু ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ দলেৰে গঠিত হোৱা এটা নিৰ্বাচনী মিত্ৰজোঁট।