অসমবাসীৰ প্ৰিয় শিল্পী জুবিন গাৰ্গৰ পদযুগল সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। ভাস্কৰ্য শিল্পী দিগন্ত মাধৱ গোস্বামীয়ে বৈজ্ঞানিক পদ্ধতিত এই পদচিহ্ন সংগ্ৰহ কৰিছে, ইয়াৰ পূৰ্বে তেওঁ জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি আৰু হাতৰ চাপো নিৰ্মাণ কৰিছিল বুলি জানিব পৰা গৈছে।
গোস্বামীয়ে পুৰনই স্মৃতি সোঁৱৰি কয় যে “জুবিন দাই আগৰে পৰা কৈছিল, মানুহ মৰি যোৱাৰ পাছত প্ৰতিমূৰ্তি বনাই লাভ নাই, মই জীয়াই থাকোতে বনাবি। এবাৰ দাদা হাস্পাতালত থাকোতে ডিবগৈৰ বিধায়ক সুৰণ ফুকনৰ উপস্থিতিত প্ৰতিমূৰ্তি সন্দৰ্ভত কথা হৈছিল। পাছত দাদাই নিজেই হাসপাতালৰ বিচনাৰ পৰা মোক ফোন কৰি নিৰ্মাণ কৰিবলৈ কৈছিল। মই যিমান পাৰিলোঁ চেষ্টা কৰিলোঁ, আৰু দাদাই নিজেই নিৰ্দেশনা দিছিল কেনেকৈ চকু, মুখ, হাতৰ গঠন হ’ব লাগে। পাছত সেই প্ৰতিমূৰ্তি দাদাই নিজেই উন্মোচন কৰিছিল।”
উল্লেখযোগ্য যে, জুবিন গাৰ্গৰ হাতৰ চাপো দিগন্ত মাধৱ গোস্বামীয়ে ইতিমধ্যে সংৰক্ষণ কৰি ৰাখিছিল। এই সকলোবোৰ শিল্পীগৰাকীৰ নিজ অনুমতিক্ৰমেই কৰা হৈছিল। এতিয়া তেওঁ জুবিন গাৰ্গৰ পদযুগলকো মূৰ্তিৰ ৰূপত সংৰক্ষণ কৰি উলিয়াব।
শেহতীয়া তথ্য অনুসৰি অনুৰাগীসকৰ বাবে আৰু এদিন সৰউসজাইত ৰাখিব বুলি বুলি সদৰী কৰিছে চৰকাৰে। এতিয়া জুবিন গাৰ্গৰ শেষকৃত ক’ত সম্পন্ন হ’ব, সেই লৈ চলিচে জল্পনা কল্পনা। অৱশ্যে সেই বিষয়ে এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা হোৱা নাই। মুখ্যমন্ত্ৰীয়ে শীঘ্ৰই সংবাদমেল কৰি এই বিষয়ে সদৰী কৰিব বুলি জানিব লৈ দিছে।





