• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আকৌ হাফপেণ্ট! এইবাৰ হাফপেণ্ট পিন্ধি চৰকাৰী অনুষ্ঠানত ভাগ ল’লে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
September 25, 2021 4:04 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম কৃষি বিশ্ব বিদ্যালয়ে অনুষ্ঠিত কৰা এগ্ৰি বি এছ চিৰ প্ৰৱেশ পৰীক্ষাত এগৰাকী ছাত্ৰীয়ে হাফ পেণ্ট পিন্ধি পৰীক্ষাত বহাৰ কথাই ৰাজ্যত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ সময়তে এইবাৰ চৰকাৰী অনুষ্ঠানত হাফ পেণ্ট পিন্ধি অংশগ্ৰহণ কৰিলে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে।

ক’ৰ’নাতংকৰ বাবে গভীৰ সংকটত পৰা অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ শিল্পী, প্ৰযোজক আৰু কলা-কুশলীসকলৰ সৈতে আজি অসম চৰকাৰৰ মন্ত্ৰী বিমল বৰা মিলিত হৈছিল এক আলোচনাত।

গুৱাহাটীৰ জ্যোতি চিত্ৰবনত ভ্ৰাম্যমাণ থিয়েটাৰৰ শিল্পী, প্ৰযোজক আৰু কলা-কুশলীসকলৰ সৈতে অনুষ্ঠিত বৈঠকত হাফ পেণ্ট পিন্ধিয়েই উপস্থিত থাকে শিল্পী জুবিন গাৰ্গ।

Apply Now

বৈঠকত জ্যোতি চিত্ৰবনৰ অধ্যক্ষ পবিত্ৰ মাৰ্ঘেৰিটা , সচিব শ্ৰীমতী মনিতা বৰগোহাঁই , বিশিষ্ট শিল্পী অৰুণ হাজৰিকা আৰু অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ তথা সাংস্কৃতিক জগতৰ সৈতে জড়িত বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল।

শিল্পী জুবিন গাৰ্গে স্বভাৱসুলভ ভংগীমাৰে হাফপেণ্ট পিন্ধিয়েই সমগ্ৰ অনুষ্ঠানটোত অংশগ্ৰহণ কৰে।

ৰাজ্য জুৰি ছাত্ৰী এগৰাকীয়ে প্ৰৱেশ পৰীক্ষাত হাফপেণ্ট পিন্ধাকলৈ বিতৰ্ক হৈ থকাৰ সময়তে জুবিন গাৰ্গৰ দৰে জনপ্ৰিয় শিল্পীয়ে চৰকাৰী অনুষ্ঠানলৈ হাফপেণ্ট পিন্ধি যোৱা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে।

মন্ত্ৰী বিমল বৰাই তেওঁৰ ফেচবুক পোষ্টত লিখিছে—
‘অসমৰ সমাজ জীৱনৰ এটি ঐতিহ্যপূৰ্ণ তথা অতিকৈ জনপ্ৰিয় সাংস্কৃতিক মাধ্যম ভ্ৰাম্যমাণ থিয়েটাৰে আমাৰ কলা-সংস্কৃতিৰ পথাৰখনক সমৃদ্ধ কৰি আহিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অজস্ৰ প্ৰতিভাসম্পন্ন কলা-কুশলীয়ে এই মঞ্চৰ জৰিয়তে সংস্থাপন লাভ কৰিবলৈও সক্ষম হৈছে। কিন্তু দুৰ্ভাগ্যজনকভাৱে ক’ভিড মহামাৰীজনিত অনাকাংক্ষিত পৰিস্থিতিৰ ফলত বিগত দুটা বছৰ ধৰি ভ্ৰাম্যমাণ থিয়েটাৰৰ কাম-কাজ সম্পূৰ্ণৰূপে স্থগিত হৈ পৰিছে।

গুৱাহাটীৰ জ্যোতি চিত্ৰবনত অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ সৈতে জড়িত বিশিষ্ট শিল্পী, প্ৰযোজক আৰু কলা-কুশলীসকলৰ সৈতে আজি এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হওঁ। ‘সদৌ অসম ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰযোজক সন্থা’ৰ সৌজন্যত অনুষ্ঠিত এই বৈঠকত থিয়েটাৰৰ স্বত্বাধিকাৰীসকলে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ লগতে ৰাজ্যত ভ্ৰাম্যমাণ থিয়েটাৰক পুনৰুজ্জীৱিত কৰাৰ সন্দৰ্ভত আলোচনা কৰোঁ।

ৰাজ্যৰ মাননীয় স্বাস্থ্যমন্ত্ৰী শ্ৰী কেশৱ মহন্ত ডাঙৰীয়াৰ সৈতে ইতিমধ্যে মই কথা-বতৰা পাতি শীঘ্ৰেই ভ্ৰাম্যমাণ থিয়েটাৰ মঞ্চস্থ কৰাৰ সম্ভাৱনীয়তা আৰু উপায়ৰ সন্দৰ্ভত আলোচনা কৰিছোঁ। অসম চৰকাৰ আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগ সদায় আমাৰ শিল্পী আৰু কলা-কুশলীসকলৰ কাষত আছে আৰু আগন্তুক দিনতো তেখেতসকলৰ প্ৰতি প্ৰয়োজনীয় সকলোধৰণৰ সহযোগিতা আগবঢ়াই যাব।

আজিৰ বৈঠকত জ্যোতি চিত্ৰবনৰ মাননীয় অধ্যক্ষ শ্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া, সচিব শ্ৰীমতী মনিতা বৰগোহাঁই ডাঙৰীয়ানী, জনপ্ৰিয় সংগীতজ্ঞ তথা প্ৰযোজক শ্ৰী জুবিন গাৰ্গ ডাঙৰীয়া, বিশিষ্ট শিল্পী শ্ৰী অৰুণ হাজৰিকা ডাঙৰীয়া আৰু অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ তথা সাংস্কৃতিক জগতৰ সৈতে জড়িত বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে’।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd