অসম কৃষি বিশ্ব বিদ্যালয়ে অনুষ্ঠিত কৰা এগ্ৰি বি এছ চিৰ প্ৰৱেশ পৰীক্ষাত এগৰাকী ছাত্ৰীয়ে হাফ পেণ্ট পিন্ধি পৰীক্ষাত বহাৰ কথাই ৰাজ্যত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ সময়তে এইবাৰ চৰকাৰী অনুষ্ঠানত হাফ পেণ্ট পিন্ধি অংশগ্ৰহণ কৰিলে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে।
ক’ৰ’নাতংকৰ বাবে গভীৰ সংকটত পৰা অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ শিল্পী, প্ৰযোজক আৰু কলা-কুশলীসকলৰ সৈতে আজি অসম চৰকাৰৰ মন্ত্ৰী বিমল বৰা মিলিত হৈছিল এক আলোচনাত।
গুৱাহাটীৰ জ্যোতি চিত্ৰবনত ভ্ৰাম্যমাণ থিয়েটাৰৰ শিল্পী, প্ৰযোজক আৰু কলা-কুশলীসকলৰ সৈতে অনুষ্ঠিত বৈঠকত হাফ পেণ্ট পিন্ধিয়েই উপস্থিত থাকে শিল্পী জুবিন গাৰ্গ।
বৈঠকত জ্যোতি চিত্ৰবনৰ অধ্যক্ষ পবিত্ৰ মাৰ্ঘেৰিটা , সচিব শ্ৰীমতী মনিতা বৰগোহাঁই , বিশিষ্ট শিল্পী অৰুণ হাজৰিকা আৰু অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ তথা সাংস্কৃতিক জগতৰ সৈতে জড়িত বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল।
শিল্পী জুবিন গাৰ্গে স্বভাৱসুলভ ভংগীমাৰে হাফপেণ্ট পিন্ধিয়েই সমগ্ৰ অনুষ্ঠানটোত অংশগ্ৰহণ কৰে।
ৰাজ্য জুৰি ছাত্ৰী এগৰাকীয়ে প্ৰৱেশ পৰীক্ষাত হাফপেণ্ট পিন্ধাকলৈ বিতৰ্ক হৈ থকাৰ সময়তে জুবিন গাৰ্গৰ দৰে জনপ্ৰিয় শিল্পীয়ে চৰকাৰী অনুষ্ঠানলৈ হাফপেণ্ট পিন্ধি যোৱা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে।
মন্ত্ৰী বিমল বৰাই তেওঁৰ ফেচবুক পোষ্টত লিখিছে—
‘অসমৰ সমাজ জীৱনৰ এটি ঐতিহ্যপূৰ্ণ তথা অতিকৈ জনপ্ৰিয় সাংস্কৃতিক মাধ্যম ভ্ৰাম্যমাণ থিয়েটাৰে আমাৰ কলা-সংস্কৃতিৰ পথাৰখনক সমৃদ্ধ কৰি আহিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অজস্ৰ প্ৰতিভাসম্পন্ন কলা-কুশলীয়ে এই মঞ্চৰ জৰিয়তে সংস্থাপন লাভ কৰিবলৈও সক্ষম হৈছে। কিন্তু দুৰ্ভাগ্যজনকভাৱে ক’ভিড মহামাৰীজনিত অনাকাংক্ষিত পৰিস্থিতিৰ ফলত বিগত দুটা বছৰ ধৰি ভ্ৰাম্যমাণ থিয়েটাৰৰ কাম-কাজ সম্পূৰ্ণৰূপে স্থগিত হৈ পৰিছে।
গুৱাহাটীৰ জ্যোতি চিত্ৰবনত অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ সৈতে জড়িত বিশিষ্ট শিল্পী, প্ৰযোজক আৰু কলা-কুশলীসকলৰ সৈতে আজি এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হওঁ। ‘সদৌ অসম ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰযোজক সন্থা’ৰ সৌজন্যত অনুষ্ঠিত এই বৈঠকত থিয়েটাৰৰ স্বত্বাধিকাৰীসকলে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ লগতে ৰাজ্যত ভ্ৰাম্যমাণ থিয়েটাৰক পুনৰুজ্জীৱিত কৰাৰ সন্দৰ্ভত আলোচনা কৰোঁ।
ৰাজ্যৰ মাননীয় স্বাস্থ্যমন্ত্ৰী শ্ৰী কেশৱ মহন্ত ডাঙৰীয়াৰ সৈতে ইতিমধ্যে মই কথা-বতৰা পাতি শীঘ্ৰেই ভ্ৰাম্যমাণ থিয়েটাৰ মঞ্চস্থ কৰাৰ সম্ভাৱনীয়তা আৰু উপায়ৰ সন্দৰ্ভত আলোচনা কৰিছোঁ। অসম চৰকাৰ আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগ সদায় আমাৰ শিল্পী আৰু কলা-কুশলীসকলৰ কাষত আছে আৰু আগন্তুক দিনতো তেখেতসকলৰ প্ৰতি প্ৰয়োজনীয় সকলোধৰণৰ সহযোগিতা আগবঢ়াই যাব।
আজিৰ বৈঠকত জ্যোতি চিত্ৰবনৰ মাননীয় অধ্যক্ষ শ্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া, সচিব শ্ৰীমতী মনিতা বৰগোহাঁই ডাঙৰীয়ানী, জনপ্ৰিয় সংগীতজ্ঞ তথা প্ৰযোজক শ্ৰী জুবিন গাৰ্গ ডাঙৰীয়া, বিশিষ্ট শিল্পী শ্ৰী অৰুণ হাজৰিকা ডাঙৰীয়া আৰু অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ তথা সাংস্কৃতিক জগতৰ সৈতে জড়িত বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে’।