NORTHEAST NOW (Assamese)

জাহ্নৱীক মই চিনি পাওঁ, শিল্পীয়ে সদায় সন্ত্ৰাসবাদৰ বিৰুদ্ধে কাম কৰা উচিত : জুবিন

May 17, 2019 5:18 pm · এন ই নাও নিউজ
Updated: May 17, 2019 5:33 pm

গুৱাহাটীৰ মাজমজিয়া  জুৰোডত ১৫ মে’ত সংঘটিত গ্ৰেনেড বিস্ফোৰণক লৈ সৰৱ হৈ পৰিছে জনপ্ৰিয় সংগীত শিল্পী জুবিন গাৰ্গ। বৃহস্পতিবাৰে অৰ্থাৎ ১৬ মে’ত টিহুৰ হালধিবাৰীত অনুষ্ঠিত এক ৰঙালী বিহুৰ অনুষ্ঠানত অংশ গ্ৰহণ কৰি জনপ্ৰিয় গায়ক জুবিন গাৰ্গে বোমা বিস্ফোৰণেৰে নিৰীহ মানুহক হত্যা বন্ধ কৰাৰ বাবে আহ্বান জনায়।

জুবিনে বিহু মঞ্চৰ পৰাই কয় যে, যদি ঘটনাত আলফা জড়িত, মই পুনৰ গালি পাৰিম। পূৰ্বতে আলফাৰ লগত মোৰ সংঘাত আছিল, এতিয়া নাই।’

তাৰোপৰি জুবিনে কয়, “পৰেশ বৰুৱাই গৰিমাক ভনীয়েক পাতি লৈছে। গৰিমালৈ ফোন কৰে কেতিয়াবা, মোকো ফোন কৰে। কিন্তু তথাপিও মই পৰেশ বৰুৱাক কওঁ, এতিয়া ব’ম ব্লাষ্ট কৰি নিৰীহ মানুহক মাৰি লাভ নাই। এতিয়া বোমা ব্লাষ্ট কৰি মানুহ মৰাৰ দিন নাই, এতিয়া নতুন চিন্তা কৰাৰ সময়।”

লগতে জাহ্ণৱী শইকীয়াৰ প্ৰসংগত জুবিনে দুখ প্ৰকাশ কৰি কয় যে, ‘জাহ্ণৱীক মই চিনি পাওঁ, এইবোৰ হ’ব নালাগে।’ জনপ্ৰিয় গায়ক গৰাকীয়ে কয় যে শিল্পীয়ে সদায় সন্ত্ৰাসবাদৰ বিৰুদ্ধে কাম কৰা উচিত।

Related News