• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ফেচবুকত আনে লিখি দিয়া স্ক্ৰীপ্ট! জুবিন গাৰ্গৰ মৃত্যুক লৈ মেনেজাৰ সিদ্ধাৰ্থৰ ঘঁৰিয়ালৰ চকুপানী!   

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 27, 2025 9:07 am
61
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰতিজন অসমীয়াৰ প্ৰাণৰো প্ৰাণৰ, অসমৰ হৃদস্পন্দন জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ৮দিন পাছত এইবাৰ নিজৰ চাফাই গাবলৈ সময় ওলাল মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ। শেখৰ গোস্বামী, সঞ্জীৱ নাৰায়ন, শ্যামকানুৰ পিছত এইবাৰ সিদ্ধাৰ্থ শৰ্মাইও আবেগ ঢালি লিখিছে নিজৰ ‘মনৰ কথা’।

অসমীয়া লিখিব নজনা সিদ্ধাৰ্থই ইমান সাৱলীল ভাষাত লিখা পোষ্টটো কোনোবাই অসমীয়াত লিখি দিয়া বুলি ধাৰণা কৰা হৈছে। অজ্ঞাত স্থানৰ পৰা দিয়া ফেচবুক পোষ্টত সিদ্ধাৰ্থে লিখিছে, ‘‘অসম সদায় মোৰ ঘৰ আছিল আৰু সদায় থাকিব। যিসকল লোকে মোক মৰম, সন্মান আৰু জীৱিকা দিছিল, তেওঁলোক আজি দুঃখিত আৰু মই তেওঁলোকৰ ‍বেদনাত সমভাগী।’’

Apply Now

জুবিন গাৰ্গক মৃত্যুৰ মুখলৈ ঠেলি দিয়া মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই কয়, ‘‘নীৰৱতাক ভুল বুজিব পাৰে। কিছুমান লোকে ভাবে যে যদি মই একো নকওঁ বা লগে লগে ঘূৰি নাহোঁ, তেন্তে ইয়াৰ অৰ্থ হ’ব যে মই কিবা ভুল কৰিছোঁ। সেইবাবেই মই এই চিঠিখন লিখিছোঁ। মই সকলোকে জনাবলৈ বিচাৰোঁ যে মোৰ লুকুৱাবলৈ একো নাই। মই পলাই যোৱা নাই। মোৰ সুৰক্ষাৰ আশ্বাস আৰু সত্য দাঙি ধৰাৰ এক উচিত সুযোগ পোৱাৰ লগে লগে, মই গুৱাহাটীলৈ আহিম আৰু SIT তথা ৰাইজৰ আগত মোৰ পক্ষ দাঙি ধৰিম।’’

নিজকে ধোৱা তুলসীৰ পাত সজাবলৈ চেষ্টা কৰি সিদ্ধাৰ্থই কয়, ‘‘১৯ ছেপ্টেম্বৰ তাৰিখে North-East Festivalৰ বাবে ছিংগাপুৰত থকা অৱস্থাত, আমাৰ জ্যেষ্ঠ ভাতৃ, জুবিন দা, সাঁতুৰি থাকোঁতে এক শোকাৱহ দুৰ্ঘটনাত পতিত হয়। মই ঘটনাৰ আগত আৰু পাছত তেওঁৰ লগতে আছিলোঁ, তেওঁক সহায় কৰিবলৈ সকলো চেষ্টা কৰিছিলোঁ, আৰু তাৰ পাছত তেওঁক ভাৰতলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰিছিলোঁ।’’

সিদ্ধাৰ্থই কয়, ‘‘বিভিন্ন মাধ্যমে অতি সোনকালে মোক দোষী সজাবলৈ আৰম্ভ কৰিলে আৰু মই মৃত্যুৰ ভাবুকি, ঘৃণাভৰা বাৰ্তা আৰু গালি-গালাজ পাবলৈ ধৰিলোঁ। বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ লোকে মোক গুৱাহাটীলৈ আহিবলৈ বাধা দিছিল আৰু মই দিল্লীত থাকিবলৈ বাধ্য হৈছিলোঁ।’’

নিজৰ দোষ লুকুৱাই চতুৰতাৰে আবেগ ঢালি সিদ্ধাৰ্থই কয়, ‘‘তেওঁক হেৰুৱাই মোৰ হৃদয়ত এনে এক শূন্যতাৰ সৃষ্টি হৈছে যি কেতিয়াও পূৰণ নহ’ব। কিন্তু তাতোকৈয়ো মোক ভাঙি পেলাইছে তেওঁৰ লগত আহিব নোৱৰা, তেওঁৰ শেষকৃত্যত উপস্থিত থাকিব নোৱৰা আৰু পৰিয়ালৰ কাষত থিয় দিব নোৱৰাটোৱে। মই অসহায় আৰু স্তম্ভিত, কিয়নো মোৰ গোটেই পৃথিৱীখন সলনি হৈ গৈছে।’’

জুবিনৰ অজস্ৰ অনুৰাগীক পতিয়ন নিয়াবলৈ বৃথা চেষ্টা কৰি তেওঁ লিখিছে, ‘‘যোৱা সপ্তাহত অনলাইন আৰু টেলিভিছনত বিয়পি পৰা উৰাবাতৰি, গালি-গালাজ আৰু ভাবুকিবোৰ দেখি মই স্তম্ভিত আৰু দুঃখিত হৈছোঁ। কিছুমানে সেইদিনা মোক অৱহেলাৰ অভিযোগ দিছে। আন কিছুমানে দাবী কৰিছে যে মই জুবিন দাৰ নাম আৰু ধন ব্যৱহাৰ কৰি টকা লুকুৱাইছোঁ বা ব্যৱসায় গঢ়ি তুলিছোঁ। আনকি কিছুমানে কৈছে যে মই জুবিন দাৰ কপিৰাইট ৰয়েল্টি লাভ কৰিছোঁ আৰু এতিয়া ইয়াৰ একমাত্ৰ মালিক হ’ম। এই অভিযোগবোৰ সম্পূৰ্ণ মিছা। মই তেওঁৰ বিশ্বাস বা তেওঁৰ ধনৰ কেতিয়াও অপব্যৱহাৰ কৰা নাই আৰু মই কৰ্তৃপক্ষ আৰু তেওঁৰ পৰিয়ালৰ আগত প্ৰতিটো টকাৰ হিচাপ দিবলৈ সম্পূৰ্ণ সাজু আছোঁ।’’

কপিৰাইট প্ৰসংগতো সিদ্ধাৰ্থই দিছে এক কৌশলী কিন্তু চাতুৰ্যভৰা ভায্য, ‘‘কপিৰাইট আৰু ৰয়েল্টিৰ বিষয়ে সত্যটো হ’ল- তেওঁ ৰেকৰ্ড কৰা ৩৮,০০০ গানৰ বেছিভাগেই সম্পূৰ্ণৰূপে আন মিউজিক লেবেল আৰু প্ৰডাকচন হাউচৰ মালিকানাধীন। তেওঁ নিজে তেওঁলোকৰ পৰা এককালীন গায়কৰ মাননি হিচাপে কেইহেজাৰমান টকাৰ বাহিৰে কেতিয়াও কোনো ধন লাভ কৰা নাছিল। তেওঁৰ প্ৰায় সকলো হিট গানকে ধৰি এইবোৰৰ বেছিভাগ গান মই তেওঁৰ জীৱনত অহাৰ আগতেই ৰেকৰ্ড কৰা হৈছিল। জুবিন দাই মোক প্ৰায়ে কৈছিল কিদৰে মানুহে তেওঁক ব্যৱহাৰ কৰিছিল — কিদৰে তেওঁৰ গানে কোটি কোটি টকা উপাৰ্জন কৰাৰ পাছতো তেওঁ অসমৰ প্ৰযোজক বা মিউজিক লেবেলৰ পৰা কোনো ৰয়েল্টি পোৱা নাছিল। যিকোনো ব্যক্তিয়ে সেই প্ৰযোজক আৰু লেবেলসমূহৰ লগত পোনপটীয়াকৈ যোগাযোগ কৰি এই কথাটো পৰীক্ষা কৰিব পাৰে। ২০২১ চনত, তেওঁ তেওঁৰ শেষৰ ফালৰ কিছুমান সৃষ্টিৰ মালিকীস্বত্ব নিজৰ লগত ৰাখিব বিচাৰিছিল, আৰু সেইবাবেই ‘জুবিন গাৰ্গ মিউজিক LLP’ গঠন কৰা হৈছিল। এইটোৱেই আছিল প্ৰথম আৰু একমাত্ৰ ব্যৱসায়, য’ত আমি দুয়ো অংশীদাৰ আছিলোঁ। এই প্ৰতিষ্ঠানৰ অধীনত আমি ২০টাতকৈয়ো অধিক গান মুকলি কৰিছোঁ, য’ত মুঠ বিনিয়োগ আছিল প্ৰায় ১০ লাখ টকা আৰু তাৰে ৬ লাখ টকা তেওঁ বিনিয়োগ কৰিছিল। এই গানবোৰৰ পৰা হোৱা Revenue প্ৰতিমাহে মাত্ৰ কেইহাজাৰমান টকা। প্ৰতিটো টকা কোম্পানীৰ একাউণ্টলৈ যায়, আৰু আজিলৈকে কোনেও এটাও পইচা উলিওৱা নাই। জুবিন দাই LLP-ৰ ৬০%ৰ মালিক আছিল, যিটো এতিয়া স্বয়ংক্ৰিয়ভাৱে তেওঁৰ পত্নীৰ নামত স্থানান্তৰিত হ’ব আৰু মোৰ অংশও পৰিয়ালটোক হস্তান্তৰ কৰিবলৈ পালে মই সন্মানিত হ’ম। এজন সুৰকাৰ আৰু গীতিকাৰ হিচাপে তেওঁৰ ৰয়েল্টি পোনপটীয়াকৈ IPRSৰ পৰা আহে আৰু সেয়া আন কাৰো একাউণ্টলৈ যাব নোৱাৰে। তেওঁৰ মৃত্যুৰ পাছত এই সকলো আইনীভাৱে আৰু তথ‍্যসংগতভাৱে তেওঁৰ পত্নীৰ হাতলৈ যাব।’’

নিজকে জুবিনৰ আপোন বুলাবলৈ ভাও দি সিদ্ধাৰ্থই কয়, ‘‘এয়া অত্যন্ত বেদনাদায়ক যে যিসকল লোকে বছৰ বছৰ ধৰি জুবিন দাক নিজৰ ব্যক্তিগত লাভৰ বাবে ব্যৱহাৰ কৰিছিল, তেওঁলোকে এতিয়া কেৱল নিজৰ দোষ ঢাকিবলৈ আৰু নিজকে বচাবলৈ মোৰ বিৰুদ্ধে মিছা কথা বিয়পাইছে। অসম চৰকাৰে ইতিমধ্যে এই বিষয়টোৰ তদন্তৰ বাবে এখন বিশেষ অনুসন্ধানকাৰী দল (SIT) গঠন কৰিছে আৰু মই ইয়াক সন্মান জনাইছোঁ। আন সকলোৰে দৰে ময়ো বিচাৰোঁ যে সত্য পোহৰলৈ আহক। মই তদন্তত সম্পূৰ্ণৰূপে সহযোগিতা কৰিম আৰু কৰ্তৃপক্ষক প্ৰয়োজন হোৱা প্ৰতিটো সবিশেষ তথ্য দাঙি ধৰিম।’’

অৱশেষত গুৱাহাটীলৈ আহিব নোৱাৰা প্ৰসংগত সিদ্ধাৰ্থই  কয়, ‘‘মই গুৱাহাটীলৈ ঘূৰি যাব পৰা নাই কাৰণ, যোৱা কেইদিনমানত মোৰ ঘৰৰ বাহিৰত মানুহৰ ভিৰ হৈছে, আৰক্ষীৰ গাড়ীত আক্ৰমণ কৰা হৈছে আৰু মই হাজাৰ হাজাৰ মৃত্যুৰ ভাবুকি পাইছোঁ। পৰিয়ালৰ কোনো সদস্য উপস্থিত নথকাৰ বাবে SIT মোৰ ঘৰত সোমাবলৈ বাধ্য হৈছিল। মোৰ মা আৰু ভাই-ভনীসকলে নিজৰ সুৰক্ষাৰ বাবে ঘৰ এৰিছে। বন্ধু-বান্ধৱ, পৰিয়াল আৰু শুভাকাংক্ষীসকলে পৰিস্থিতি শান্ত নোহোৱালৈকে মোক আঁতৰি থাকিবলৈ পৰামৰ্শ দিছে। মই আইনক সন্মান কৰোঁ, কিন্তু মই মোৰ নিজৰ জীৱন আৰু মোৰ আশে-পাশে থকা লোকসকলৰ জীৱনক লৈও শংকিত। এয়াই মোৰ অনুৰোধ। অনুগ্ৰহ কৰি কোনো ভয় বা পক্ষপাতিত্ব অবিহনে তদন্তক নিজৰ পথেৰে আগবাঢ়িবলৈ দিয়ক। ছ’চিয়েল মিডিয়াৰ উৰাবাতৰি বা উচটনিত বিভ্ৰান্ত নহ’ব। জুবিন দাৰ স্মৃতিৰ প্ৰতি সন্মান জনাই আমি শান্তভাৱে আৰু মৰ্যাদাৰে সত্যৰ সন্ধান কৰা উচিত।’’

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ অন্যতম অভিযুক্ত হিচাপে সন্মুখলৈ অহা মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই এই ফেচবুক পোষ্টটো আন কোনোবাই লিখি দিয়া স্ক্ৰীপ্ট বুলি ধাৰণা কৰা হৈছে। কিয়নো ইয়াৰ ভাষা, আবেগমিশ্ৰিত প্ৰকাশভংগী, চাতুৰ্যতা, কৌশলী স্থিতি আদিলৈ চাই সমগ্ৰ ঘটনাৰাজিৰ পৰিকল্পনাৰ সৈতে জড়িত কোনো ব্যক্তিৰ মস্তিষ্কপ্ৰসূত বুলি বিবেচনা কৰিব পাৰি।  

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd