• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অন্য ৰাজ্যৰ লগত নিমিলে অসমৰ পৰিস্থিতি : অকপট স্বীকাৰোক্তি যুটীয়া সংসদীয় সমিতিৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 10, 2018 11:20 am
Rajendra_agarwal

যুটীয়া সংসদীয় সমিতিৰ অধ্যক্ষ ৰাজেন্দ্ৰ আগৰৱাল : ফাইল ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ পৰিস্থিতি আন ৰাজ্যৰ তুলনাত পৃথক আৰু সেই গতিকে অধিক শুনানিৰ প্রয়োজন আছে বুলি উপলব্ধি কৰি যুটীয়া সংসদীয় সমিতি অসমলৈ পুনৰ শুনানিৰ বাবে অহাৰ কথা ব্যক্ত কৰিছে অধ্যক্ষ ৰাজেন্দ্র আগৰৱালাই। অসম চুক্তি, ৰাষ্ট্রীয় নাগৰিক পঞ্জী উন্নীতকৰণ আদি বিষয় আন ৰাজ্যত নথকাৰ কথা উল্লেখ কৰি অসমৰ সমস্যাবোৰ যে পৃথক সেই কথা স্বীকাৰ কৰিছে যুটীয়া সংসদীয় সমিতিয়ে।

নাগৰিকত্ব আইন সংশোধনী বিধেয়ক সর্ন্দভত যুটীয়া সংসদীয় সমিতিয়ে মতামত গ্রহণ কৰাৰ অন্তত বুজিব পাৰিছে যে দেশৰ আন ৰাজ্যতকৈ অসমৰ সমস্যাসমূহ পৃথক। হিন্দু বাংলাদেশীক নাগৰিকত্ব প্রদানৰ প্ৰস্তাৱ ৰখা কেন্দ্রীয় চৰকাৰে উত্থাপন কৰিবলগীয়া বিধেয়ক সর্ন্দভত গুৱাহাটী আৰু শিলচৰত গ্রহণ কৰা শুনানিৰ অন্তত যুটীয়া সংসদীয় সমিতিয়ে অসমৰ পৰিস্থিতিৰ জটিলতাৰ কথা উপলব্ধি কৰিছে।

Apply Now

অসমত ১৯৭৯ চনৰ পৰা বিদেশী বহিষ্কাৰৰ দাবীত ৬ বছৰ ধৰি চলা আন্দোলনৰ অন্তত ১৯৮৫ চনত অসম চুক্তি সম্পাদন হৈছিল। চুবুৰীয়া দেশৰ পৰা ধর্মীয় কাৰণত ভাৰতলৈ প্ৰব্ৰজন কৰা লোকসকলক নাগৰিকত্ব প্রদান কৰিবলৈ সংসদে গৃহীত কৰিবলগীয়া বিধেয়ক সর্ন্দভত গুৱাহাটী আৰু শিলচৰত যুটীয়া সংসদীয় সমিতিয়ে মতামত গ্রহণ কৰাৰ অন্ততহে অসমৰ পৰিস্থিতি যে আন ৰাজ্যৰ লগত নিমিলে সেই কথা অনুধাৱন কৰিছে।

কেন্দ্রীয় আৰু ৰাজ্যৰ গৃহ বিভাগৰ বিষয়াসকলৰ আগত তেওঁলোকে এই কথা ব্যক্ত কৰিছে বুলি জানিব পৰা গৈছে। সেয়েহে যুটীয়া সংসদীয় সমিতিয়ে গুৱাহাটী আৰু শিলচৰত শুনানি আৰু স্মাৰক পত্ৰ গ্ৰহণ কৰিয়েই বিষয়টো সামৰিব বিচৰা নাই।

ৰাজ্যৰ গৃহ বিভাগৰ উচচ স্তৰীয় সূত্রৰ পৰা জানিব পৰা মতে, ইতিমধ্যে গৃহ বিভাগত বিধেয়কখনৰ সপক্ষে আৰু বিপক্ষে পোনপটীয়াকৈ বা অন লাইনযোগে জমা হোৱা হাজাৰ হাজাৰ স্মাৰক-পত্রবোৰ যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা  হ’ব। তদুপৰি ৰাজ্যখনৰ পৰিস্থিতিৰ গুৰুত্বলৈ লক্ষ্য কৰি সংসদীয় সমিতিৰ পৰামর্শ অনুসৰি বিধেয়কখনৰ সপক্ষে বা বিপক্ষে গৃহ বিভাগত পোনপটীয়াকৈ বা অন লাইনযোগে স্মাৰক-পত্র দিলে জমা লোৱা হ’ব বুলিও জানিব পৰা গৈছে।

গুৱাহাটীৰ পাছত শিলচৰত নাগৰিকত্ব আইন সংশোধনী বিধেয়ক সর্ন্দভত মতামত গ্রহণ কৰি বুধবাৰে বিয়লি যুটীয়া সংসদীয় সমিতিৰ দলটো গুৱাহাটীত উপস্থিত হয়হি। বিধেয়কখন সন্দৰ্ভত মতামত গ্রহণ কৰাৰ বাবে দলটো আজি শ্বিলঙলৈ যাব।

মেঘালয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰোধিতা কৰি ইতিমধ্যে কেবিনেটত সিদ্ধান্ত গ্রহণ কৰিছে। আজি বিধেয়কখনৰ বিৰোধিতা কৰি উত্তৰ-পূব ছাত্ৰ সন্থা (নেছ’)ই  সংসদীয় সমিতিৰ শুনানিত অংশগ্রহণ কৰিব৷

অসম চুক্তিৰ ভিত্তি বর্ষৰ আধাৰত এন আৰ চি উন্নীতকৰণ কৰি ১৯৭১ চনৰ পাছত অহা হিন্দুৱে হওক মুছলমানেই হওক বিদেশী চিনাক্তকৰণ প্রক্রিয়া চলি থকাৰ সময়ত নাগৰিকত্ব সংশোধনী বিধেয়কৰ দ্বাৰা কেৱল হিন্দু বাংলাদেশীক নাগৰিকত্ব প্রদান কৰাৰ প্রক্রিয়াই অসম চুক্তি আৰু এন আৰ চি উন্নীতকৰণ প্রক্রিয়াক অর্থহীন কৰি তোলাৰ দিশটো ইতিমধ্যে স্পষ্ট হৈ পৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অট্টালিকা ভাঙি ৬ জনৰ মৃত্যু, ধ্বংসাৱশেষৰ তলত পোত গৈ বহু কেইজন; বৰষুণৰ বাবে উদ্ধাৰ কাৰ্যত বাধা

অট্টালিকা ভাঙি ৬ জনৰ মৃত্যু, ধ্বংসাৱশেষৰ তলত পোত গৈ বহু কেইজন; বৰষুণৰ বাবে উদ্ধাৰ কাৰ্যত বাধা

July 31, 2026 11:28 am
শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

July 31, 2026 10:31 am
পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অট্টালিকা ভাঙি ৬ জনৰ মৃত্যু, ধ্বংসাৱশেষৰ তলত পোত গৈ বহু কেইজন; বৰষুণৰ বাবে উদ্ধাৰ কাৰ্যত বাধা

অট্টালিকা ভাঙি ৬ জনৰ মৃত্যু, ধ্বংসাৱশেষৰ তলত পোত গৈ বহু কেইজন; বৰষুণৰ বাবে উদ্ধাৰ কাৰ্যত বাধা

July 31, 2026 11:28 am
শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

July 31, 2026 10:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd