অসম আৰক্ষী বিভাগৰ কনিষ্ঠ সহায়ক পদৰ বাবে হ’ব লগীয়া পৰীক্ষা সম্পৰ্কত ৰাজ্যখনৰ হাজাৰ হাজাৰ আৱেদনকাৰী বিভ্ৰান্তিৰ মাজত থকা বুলি জানিব পৰা গৈছে। বহুতে পৰীক্ষাৰ সূচী তথা এডমিট কাৰ্ডৰ অনুমোদন সম্পৰ্কতো অৱগত নহয়। এনেবোৰ কাৰণতে অসম আৰক্ষী বিভাগে কনিষ্ঠ সহায়ক পদৰ বাবে ১১ মাৰ্চত হ’ব লগীয়া পৰীক্ষা স্থগিত ৰখাৰ সিদ্ধান্ত লয়।
৫ মাৰ্চত ৰাজ্যখনৰ প্ৰায় ৪০ হাজাৰ আৱেদনকাৰীয়ে অৱশেষত দুবছৰৰ আগতে অৰ্থাৎ ২০১৬ চনতে আৱেদন কৰা অসম আৰক্ষীৰ পদৰ বাবে হ’ব লগীয়া পৰীক্ষাত বহিবলৈ সমৰ্থ হ’ব বুলি অৱগত হোৱাত আশ্চৰ্যান্বিত হৈ পৰে।
মন কৰিব লগীয়া যে যি সকল আৱেদনকাৰীয়ে উক্ত পৰীক্ষাত বহিব পৰাকৈ এডমিট কাৰ্ড লাভ কৰিছিল তাৰে প্ৰায় হাজাৰোধিক আৱেদনকাৰীয়ে আসম আৰক্ষী বিভাগৰ কোনটো পদৰ পৰীক্ষাৰ বাবে এডমিট কাৰ্ড লাভ কৰিছে বা তেওঁলোকে অসম আৰক্ষী বিভাগৰ কি পদৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হ’ব সেই সম্পৰ্কে জ্ঞাত নহয়।
এজন আৱেদনকাৰীয়ে জনোৱা মতে অসম আৰক্ষী বিভাগৰ উক্ত পদৰ বিষয়ে ২০১৬ চনৰ ফেব্ৰুৱাৰি মাহত বিজ্ঞাপন প্ৰকাশ পাইছিল আৰু প্ৰায় ৪০ হাজাৰ আৱেদনকাৰীয়ে উক্ত পদৰ বাবে আৱেদন কৰিছিল। তাৰোপৰি আৱেদনকাৰী সকলে আৱেদন কৰাৰ প্ৰায় ১ বছৰ পাৰ হৈ যোৱাৰ পিছতো এই সম্পৰ্কত কোনো ধৰণৰ খা-খবৰ বিভাগৰ ফালৰ পৰা লাভ কৰা নাছিল বা কোনো ধৰণৰ এডমিট কাৰ্ডো লাভ কৰা নাছিল।
ইফালে একাংশ আৱেদনকাৰীয়ে বৰ্তমান অন্য চাকিৰত যোগদান কৰাৰ পিছত উক্ত কনিষ্ঠ সহায়ক পদৰ পৰীক্ষাৰ এডমিট কাৰ্ড লাভ কৰাত তেওঁলোক বিভ্ৰান্তিত পৰে।
আনহাতে অন্য এজন আৱেদনকাৰীয়ে জনোৱা মতে তেওঁলোকে কনিষ্ঠ সহায়ক পদৰ বাবে হ’ব লগীয়া পৰীক্ষাৰ এডমিট কাৰ্ড ৫ মাৰ্চত লাভ কৰি কনিষ্ঠ সহায়ক পদৰ পৰীক্ষা ১১ মাৰ্চত অনুষ্ঠিত হ’ব বুলি অৱগত হোৱাত আশ্চৰ্যান্বিত হৈ পৰে।
লগতে আৱেদনকাৰী জনে কয় যে ৫ মাৰ্চত এডমিট কাৰ্ড লাভ কৰাৰ পিছত ইমান কম সময়ৰ ভিতৰত উক্ত পৰীক্ষালৈ সাজু হোৱাতো সম্ভৱ নহয়। আনহাতে যিসকলে উক্ত পদৰ বাবে ২০১৬ চনত আৱেদন জনাইছিল তেওঁলোকৰ একাংশ বৰ্তমান পৃথক পৃথক ঠাইত বাস কৰে গতিকে তেওঁলোকৰ বাবে ইমান কম সময়ৰ ভিতৰত নিৰ্দিষ্ট দিনত আহি পৰীক্ষাত অৱতীৰ্ণ হোৱাতো সম্ভৱ নহয়।
ইফালে আৱেদনকাৰী সকলৰ এনেধৰণৰ বিভিন্ন সমস্যাৰ বাবে অসম আৰক্ষী বিভগে ১১ মাৰ্চত হ’ব লগীয়া পৰীক্ষা স্থগিত ৰখাৰ লগতে পৰৱৰ্তী পৰীক্ষাৰ দিন অতি শীঘ্ৰে ঘোষণা কৰিব বুলি জানিব পৰা গৈছে।