• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ পৰিস্থিতি সম্পৰ্কে জ্ঞান নথকা মানুহে এন আৰ চি সন্দৰ্ভত বাহিৰত হুলস্থূল কৰিছে : হীৰেন গোহাঁই

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
July 24, 2018 6:27 pm
সংবাদমেলত ড০ হীৰেন গোহাঁই আৰু আনসকল। ফটো : য়ু বি।

সংবাদমেলত ড০ হীৰেন গোহাঁই আৰু আনসকল। ফটো : য়ু বি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“এন আৰ চিৰ উদ্দেশ্য একেবাৰেই সাম্প্ৰদায়িক নহয়। কিন্তু ইয়াক এটা চক্ৰই সাম্প্ৰদায়িক ৰূপ দিয়াৰ চেষ্টা চলাই থকা দেখা গৈছে।” এই মন্তব্য বিশিষ্ট চিন্তাবিদ ড০ হীৰেন গোহাঁইৰ।

আজি ২৪ জুলাইত মহানগৰীৰ দীঘলীপুখুৰীপাৰৰ গৌৰী সদনত নাগৰিকত্ব সংশোধনবিৰোধী মঞ্চৰ উদ্যোগত অনুষ্ঠিত এখন সংবাদমেল সম্বোধন কৰি মঞ্চৰ অধ্যক্ষ ড০ গোহাঁয়ে এন আৰ চিক এনেধৰণৰ ষড়যন্ত্ৰকাৰীৰ কুচক্ৰান্তৰ পৰা মুক্ত কৰি ৰাখিবলৈ চৰকাৰৰ লগতে ৰাইজক আহ্বান জনায়।

Apply Now

তেওঁ কয়, “অসমৰ বাহিৰত আন্তৰ্জাতিক মহলত অসমৰ পৰিস্থিতি সম্পৰ্কে বিশেষ জ্ঞান নথকাকৈ মানুহ কিছুমানে বা কিছুমান মহলে অতি হঠকাৰী বা উগ্ৰ ধৰণৰ মন্তব্য প্ৰকাশ কৰিছে। এই বিলাকে এন আৰ চিক লৈ গণ্ডগোল সৃষ্টি কৰাৰ সম্ভাৱনা আছে। গতিকে আমি সকলো সাবধান, দায়িত্বশীল আৰু সংযমী হ’ব লাগে।”

কোনো সম্প্ৰদায়ক বঞ্চিত কৰিবলৈ এন আৰ চি কৰা হোৱা নাই বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে অসম আন্দোলনৰ পাছত স্বাক্ষৰিত ‘অসম চুক্তি’ৰ আধাৰতেই ১৯৭১ চনৰ ২৪ মাৰ্চৰ সময়সীমা বান্ধি লৈ এন আৰ চি উন্নীতকৰণৰ কাম চলি আছে। লগতে অসম চুক্তিখনক অসমৰ যথেষ্ট সংখ্যক ৰাজনৈতিক দল, সোঁপন্থী-বাওঁপন্থী সকলোৱে গ্ৰহণ কৰা বুলি মন্তব্য কৰে।

ইয়াৰ উপৰি তেওঁ অসম আন্দোলনৰ সময়ত সংঘটিত হত্যা-হিংসা, অবিশ্বাস আৰু অশান্তজৰ্জৰ পৰিৱেশৰ এই চুক্তি স্বাক্ষৰিত হোৱাৰ পাছতেই অৱসান ঘটা বুলি উল্লেখ কৰি তাৰ পাছত অসমসলৈ শান্তি ঘূৰি অহা বুলি মন্তব্য কৰে।

আনহাতে আজি নাগৰিকত্ব আইন সংশোধনী বিৰোধী মঞ্চৰ তৰফৰ পৰা প্ৰকাশিত বিবৃতিটোত কোৱা হৈছে, “অশিক্ষা আৰু চৰকাৰৰ অৱজ্ঞাৰ বাবে কিছুমান শ্ৰেণীৰ মানুহৰ সজাগতা তুলনামূলকভাৱে তেনেই কম আৰু তাৰ ফলত বিধিগত আনুষ্ঠানিকতাৰ জ্ঞানো অতি দুৰ্বল। ফলত নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়াটো বহু পৰিমাণে জটিল আৰু বিভ্ৰান্তিকৰ হৈ পৰিছে আৰু ইয়াৰ অপব্যৱহাৰৰো সম্ভাৱনাই দেখা দিছে।

তেনে এক প্ৰেক্ষাপটত নাগৰিকপঞ্জী প্ৰস্তুকৰণ প্ৰক্ৰিয়াটোত বিভ্ৰান্তি, হাৰাশাস্তি আৰু যথাযথ অধিকাৰ অস্বীকাৰ কৰাৰো আশংকা ঘনীভূত হৈছে। কিন্তু এনেদৰে ভাবিলেও ভুল হ’ব যে এই প্ৰক্ৰিয়াটো ইচ্ছাকৃত অথবা পৰিকল্পিতভাৱে গঢ়ি তোলা হৈছে। বৰঞ্চ যান্ত্ৰিক আৰু আমোলাতেন্ত্ৰিক ব্যৱস্থাৱলীয়ে নাগৰিকপঞ্জী প্ৰস্তুকৰণৰ দ্বাৰা প্ৰভাৱিত বহু লোকক যথেষ্ট হাৰাশাস্তি দিছে।”

ইয়াৰ উপৰি বিবৃতিটোত বৰ্তমানৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ দুখনে চুবুৰীয়া বাংলাদেশৰ পৰা প্ৰব্ৰজিত হিন্দু লোকসকলক নাগৰিকত্ব প্ৰদান কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ হোৱাৰ বাবেই নাগৰিকপঞ্জী প্ৰস্তুতকৰণৰ সমগ্ৰ প্ৰক্ৰিয়াটোত সকলো ধৰণৰ বিধিগত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰি ইয়াক মূল উদ্দেশ্যৰ পৰা ফালৰি কাটি নিওৱাৰ চেষ্টা অব্যাহত ৰখাৰ কথাটো অস্বীকাৰ কৰিব নোৱাৰি কোৱা হৈছে।

একেখন সংবাদমেলতে নাগৰিকত্ব আইন সংশোধনবিৰোধী মঞ্চৰ আহ্বায়ক মনজিৎ মহন্তই শেহতীয়াভাৱে ‘আৱাজ’ নামৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা পৰিচালিত এটা ‘ৱেৱছাইট’ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক লৈ যি দাবী উত্থাপন কৰিছে, তাৰ দ্বাৰা তেওঁলোকে নিঃসন্দেহে এক বিভ্ৰান্তিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ বিচাৰিছে বুলিও সংবাদমেলত প্ৰকাশ কৰে। তেওঁ কয়, “বস্তনিষ্ঠ আৰু নিৰপেক্ষভাৱে বিষয়টো অনুধাৱন নকৰি ইয়াৰ জৰিয়তে চৰম উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি কৰিব বিচৰা হৈছে।”

লগতে ‘য়ুনাইটেড এগেইনষ্ট হে’ট’ শীৰ্ষক সংগঠনটোৰ দ্বাৰা প্ৰকাশিত ‘সত্যানুসন্ধান প্ৰতিবেদন’খনত অতি খৰখেদাকৈ উলিওৱা, সুবিবেচনাৰ অভাৱ আৰু ক্ষতিকাৰক প্ৰতিবেদন হিচাপে গণ্য কৰা বুলি মহন্তই সংবাদমেলত প্ৰকাশ কৰে। তেওঁ কয়, “সত্যানুসন্ধান প্ৰতিবেদন’খনত বিদেশী ন্যায়াধিকৰণৰ কামকাজ আৰু নিৰ্বাচন আয়োগে কিছু সংখ্যক বৈধ নথি-পত্ৰ নথকৈ লোকক ‘ডি ভোটাৰ’ হিচাপে চিহ্নিত কৰিবলৈ দিয়া নিৰ্দেশটোৰ সৈতে নাগৰিকপঞ্জীখনক একাকাৰ কৰি দিবলৈ বিচৰা হৈছে। এনে বিষয়সমূহৰ ক্ষেত্ৰত স্বৈৰাচাৰী আৰু কঠোৰ আমোলাতান্ত্ৰিক ব্যৱস্থাৰে গোচৰ চলোৱাৰ পৰিৱৰ্তে সাধাৰণ লোকক সকাহ দিয়াটো নিশ্চয় প্ৰয়োজনীয় কথা।”

কিন্তু নাগৰিকপঞ্জীৰ বৈধতাৰ লগত এনে বিষয়সমূহৰ প্ৰত্যক্ষ কোনো সম্পৰ্ক নাই বুলি তেওঁ সংবাদমেলত কয়।

এই সংবাদমেলতেই ড০ হীৰেন গোহাঁয়ে ৰাষ্ট্রীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ পাছত চিনাক্ত হোৱা বিদেশী লোকৰ বাবে এক ৰাজনৈতিক প্ৰভাৱমুক্ত স্বাধীন আয়োগ গঠন কৰি তেওঁলোকৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণৰ পোষকতা কৰে।

আজিৰ সংবাদমেলত অধ্যাপক আব্দুল মান্নান, বিশিষ্ট সাংবাদিক হাইদৰ হুছেইন আৰু দেৱেন তামুলীও উপস্থিত থাকে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

July 29, 2026 6:53 pm
“আৰু যুঁজিব নিবিচাৰো”, হালধীয়া জাৰ্চি সোলোকাই আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা চিৰবিদায় নেইমাৰৰ

“আৰু যুঁজিব নিবিচাৰো”, হালধীয়া জাৰ্চি সোলোকাই আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা চিৰবিদায় নেইমাৰৰ

July 29, 2026 5:48 pm
লাইভ ষ্ট্ৰীমিং চলিলেও বন্ধ থাকিব অডিঅ’, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত এতিয়াৰে পৰা শুনা নাযাব কথা

লাইভ ষ্ট্ৰীমিং চলিলেও বন্ধ থাকিব অডিঅ’, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত এতিয়াৰে পৰা শুনা নাযাব কথা

July 29, 2026 4:51 pm
`মৃত্যুৰ দুবছৰ পাছত ডা: মনমোহন সিঙৰ কলংকমুক্তি, কয়লা কেলেংকাৰিৰ পৰা ৰেহাই দিলে উচ্চতম ন্যায়ালয়ে

`মৃত্যুৰ দুবছৰ পাছত ডা: মনমোহন সিঙৰ কলংকমুক্তি, কয়লা কেলেংকাৰিৰ পৰা ৰেহাই দিলে উচ্চতম ন্যায়ালয়ে

July 29, 2026 4:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

July 29, 2026 6:53 pm
“আৰু যুঁজিব নিবিচাৰো”, হালধীয়া জাৰ্চি সোলোকাই আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা চিৰবিদায় নেইমাৰৰ

“আৰু যুঁজিব নিবিচাৰো”, হালধীয়া জাৰ্চি সোলোকাই আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা চিৰবিদায় নেইমাৰৰ

July 29, 2026 5:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd