• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অহা ফেব্ৰুৱাৰিত পঞ্চায়ত নিৰ্বাচন

এন ই নিউজ ব্যুৰো: by এন ই নিউজ ব্যুৰো:
November 30, 2017 9:41 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ১৫ ফেব্ৰুৱাৰিৰ ভিতৰত অসমৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি কালি ৰাজ্যিক নিৰ্বাচন আয়ুক্ত এইচ্চ এন বৰাই জানিবলৈ দিয়ে। দুটা পৰ্য্যায়ত সম্পন্ন হ’ব লগীয়া এই নিৰ্বাচনৰ বাবে ইতিপূৰ্বে ৰাজ্যিক নিৰ্বাচন আয়োগৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। আয়োগে তাৰ বাবে চূড়ান্ত ভোটাৰ তালিকা সাজু কৰি তোলাৰ লগতে নিৰাপত্তা কৰ্মী, নিৰ্বাচনৰ কামত নিয়োজিত হ’ব লগীয়া বিষয়া-কৰ্মী আদি সম্পৰ্কতো সংশ্লিষ্ট পক্ষৰ সৈতে আলোচনা হোৱাৰ কথা অৱগত কৰে। ৰাজ্যিক নিৰ্বাচন আয়োগৰ এই ঘোষণা ৰাজ্যৰ ৰাজনৈতিক দল বিলাকৰ বাবে অতি গুৰুত্বপূৰ্ণ বিবেচিত হৈছে। কিয়নো এতিয়া ৰাজ্যৰ ৰাজনৈতিক জগতখন বিভিন্ন প্ৰসংগ তথা জ্বলন্ত সমস্যাৰ দ্বাৰা আলোড়িত হৈ আছে। বিশেষকৈ নাগালিম, এন আৰ চি ৰ প্ৰসংগ আৰু বিভিন্ন ঠাইত চলি থকা উচ্ছেদ অভিযানবোৰে সাধাৰণ ৰাইজক ভিন্ন দৃষ্টিকোণেৰে এইবোৰত আলোকপাত কৰিবলৈ বাধ্য কৰিছে। আনহাতে নতুনকৈ শাসনলৈ অহা বিজেপিৰ বাবেও এই নিৰ্বাচন হ’ব অগ্নিপৰীক্ষাস্বৰূপ। কাৰণ তেওঁলোকে শাসনলৈ অহাৰ পিছত যোৱা দুটা উপ-নিৰ্বাচনত (লখিমপুৰ লোকসভা আৰু ধেমাজি বিধানসভা) জয় লাভ কৰাৰ লগতে কাৰ্বি পাহাৰৰ নিৰ্বাচনতো জয়ী হৈছে যদিও জনতা এতিয়াও তেওঁলোকৰ প্ৰতি কিমান আস্থাশীল হৈ আছে পঞ্চায়ত নিৰ্বাচনত তাৰ প্ৰমাণ পোৱা যাব। আনহাতে চৰকাৰৰ অংশীদাৰ হৈ থকা অগপ দলৰ বাবেও এই নিৰ্বাচন হ’ব সমানে গুৰুত্বপূৰ্ণ। অগপই ইতিমধ্যে অকলে পঞ্চায়ত নিৰ্বাচন খেলাৰ কথা কৈ আছে। অকলে পঞ্চায়ত নিৰ্বাচন খেলিলে তেওঁলোকেৰ বাবে ই হ’ব এচিড টেষ্টৰ দৰে। কিয়নো বিজেপি আৰু অগপই যোৱা বিধানসভা নিৰ্বাচনত মিত্ৰ বাহিনীটো জয়ী হোৱাৰ ক্ষেত্ৰত নিজৰ নিজৰ দলৰ গণভিত্তিৰ ভূমিকাহে অধিক বুলি দাবী কৰি আহিছে। কিন্তু অকলে পঞ্চায়ত নিৰ্বাচন খেলাৰ কথা মুখেৰে কৈ থাকিলেও মূৰকত হয়তো অগপই সেয়া কৰাৰ পৰা বিৰত থাকিব বা তেওঁলোকক কেনেবাকৈ হ’লেও বিজেপিৰ নেতৃত্বৰ দ্বাৰা মেনেজ কৰা হ’ব পাৰে। এনে অনুমানৰ মূলতে হ’ল যোৱা দুটা উপ নিৰ্বাচনত অগপৰ স্থিতিৰ পৰিৱৰ্তন। দুয়োটা উপ নিৰ্বাচনতে অগপই নিজাকৈ প্ৰাৰ্থী দিয়াৰ কথ কৈও শেষ মুহূৰ্তত সেয়া প্ৰত্যাহাৰ কৰিছিল। আনহাতে দুটা বছৰৰ আগলৈকে ৰাজ্যৰ শাসনত থকা কংগ্ৰেছৰ বাবেও এই নিৰ্বাচনৰ গুৰুত্ব কম নহয়। যদিও কংগ্ৰেছে বৰ বেছি কিবা কৰিব পাৰিব যেন নালাগে, এই নিৰ্বাচনে কংগ্ৰেছৰ বাবে এটা কথাই পৰিষ্কাৰ কৰিব, সেয়া হ’ল শেহতীয়াকৈ দেখা পোৱা প্ৰতিষ্ঠান বিৰোধী ঢৌৱে ৰাজ্যৰ জনতাক পুনৰ কংগ্ৰেছমুখী কৰিছে নেকি? অন্য ধৰণে কংগ্ৰেছৰ কোনো সাংগঠনিক সক্ৰিয়তা বা জনতাৰ মাজলৈ পুনৰ আস্থা বিচাৰি যোৱাৰ কোনো লক্ষণ দেখা নাযায়। গতিকে কংগ্ৰেছে যদি কিছু সফলতা পায়, সেয়া হ’ব সাম্প্ৰতিক চৰকাৰখনৰ প্ৰতি মানুহৰ মোহভংগৰ প্ৰতিফলন।

Apply Now
এন ই নিউজ ব্যুৰো:

এন ই নিউজ ব্যুৰো:

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd