• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উচ্চতম ন্যায়ালয়ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 31, 2018 3:22 pm
Himanta
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ এটা ৰায়ৰ পটভূমিত অসমৰ শিক্ষা, স্বাস্থ্য, বিত্ত আদিৰ দৰে গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ভাৰতীয় বেডমিণ্টন এছ’চিয়েশ্যনৰ সভাপতিৰ পদৰ পৰা আঁতৰাব লাগে বুলি আৱেদন জনাই আজি শীৰ্ষতম আদালতখনত এখন ৰাজহুৱা স্বাৰ্থজড়িত আৱেদন দাখিল কৰা হয়। আৱেদনখনত কোৱা হৈছে যে যিহেতু শীৰ্ষ আদালতখনে পূৰ্বে এটা ৰায়ত এজন মন্ত্ৰী বা এজন চৰকাৰী বিষয়া কোনো এটা ক্ৰীড়া সংস্থাৰ বিষয়ববীয়া হ’ব নোৱাৰে বুলি কৈছিল, গতিকে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এই দায়িত্বত থকাটো বে-আইনী।

আনহাতে আৱেদনখনত এইটোও কোৱা হৈছে যে শৰ্মা সাৰদা চিট ফাণ্ড কেলেংকাৰিতো অভিযুক্ত আৰু তেওঁক এই গোচৰটোত চিবিআয়ে চমন দিছিল।

Apply Now

আনহাতে ২০০৯ চনত পদ্ম হাজৰিকায়ো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে তেওঁৰ বিৰুদ্ধে থকা চানমাৰি থানাৰ টাডা গোচৰটোৰ পুনৰ বিচাৰ প্ৰক্ৰিয়া মুকলি কৰিব লাগে বুলি এখন ৰাজহুৱা স্বাৰ্থজড়িত আৱেদন গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰিছিল। কিন্তু ৰাজনৈতিক নেতাই ৰাজনৈতিক নেতাৰ বিৰুদ্ধে ৰাজহুৱা স্বাৰ্থজড়িত আৱেদন দিয়াত ব্যক্তিগত তথা ৰাজনৈতিক আক্ৰোশৰ দ্বাৰা উদ্দেশ্য প্ৰণোদিত হ’ব পাৰে বুলি ৰঞ্জন গগৈৰ খণ্ড বিচাৰপীঠে ওলোটাই আৱেদনকাৰী পদ্ম হাজৰিকাকহে ৫০ হাজাৰ টকাৰ জৰিমনা বিহিছিল।

আজি দাখিল কৰা ৰাজহুৱা স্বাৰ্থজড়িত আৱেদনখনত লগতে ২০১৬ চনত বিচিচিআইৰ গোচৰটোত কৰাৰ দৰে ভাৰতীয় বেডমিণ্টন এছ’চিয়েশ্যন সুচাৰুৰূপে চলিবৰ বাবে প্ৰশাসকৰ এখন কমিটী গঠন কৰিবলৈ নিৰ্দেশনা প্ৰাৰ্থনা কৰে।

আৱেদনখন দাখিল কৰা হৈছে দিল্লীৰ নিৱাসী কমলেশ বৰ্মাৰ দ্বাৰা। আৱেদনখনত তেওঁ তাৎক্ষণিকভাৱে কাৰ্য্যকৰী হোৱাকৈ ভাৰতীয় বেডমিণ্টন এছ’চিয়েশ্যনৰ আন আন  বিষয়ববীয়া সকলকো বৰ্খাস্তৰ অনুৰোধ জনাইছে। লগতে তেওঁ মন্ত্ৰী শৰ্মাই দায়িত্ব লোৱাৰ পিছৰ পৰা বিত্তীয় লেনদেনৰ তথ্য পৰীক্ষা কৰিবলৈও অনুৰোধ জনায়।

উল্লেখযোগ্য যে হিমন্ত বিশ্ব শৰ্মা অসমৰ বিজেপিৰ এজন প্ৰভাৱশালী নেতা আৰু তেওঁ যোৱা অসম বিধানসভাৰ নিৰ্বাচনৰ আগে আগে কংগ্ৰেছৰ পৰা বিজেপিত যোগদান কৰিছিল। তেওঁ যোৱা বছৰৰ ২৩ এপ্ৰিলত ভাৰতীয় বেডমিণ্টন এছ’চিয়েশ্যনৰ সভাপতি হিচাপে নিযুক্ত হৈছিল।

আৱেদনখনত কোৱা হৈছে যে শৰ্মা কেৱল এজন ৰাজনীতিকেই নহয়, অসম চৰকাৰৰ এজন মন্ত্ৰীয়ো। তাৰোপৰি তেওঁ কেতিয়াও বেডমিণ্টন খেলুৱৈ নাছিল। তেওঁৰ বেডমিণ্টন খেলৰ সৈতে কোনো সম্পৰ্ক নাই।

এজন সক্ৰিয় ৰাজনীতিক হোৱাৰ লগতে আৰু বেডমিণ্টনৰ সৈতে কোনো সম্পৰ্ক নথকাৰ উপৰি তেওঁ দুৰ্নীতিৰ বিৰুদ্ধেও অভিযুক্ত হৈ আছে, যাৰ ভিতৰত সাৰদা চিট ফাণ্ড কেলেংকাৰিও আছে আৰু যিটোৰ কাৰণে তেওঁক চি বি আয়ে চমন জাৰি কৰাৰ লগতে তেওঁৰ বাসগৃহও চিবিআয়ে ৰেইড কৰিছিল।’ আৱেদনখনত এইদৰে কোৱা হৈছে।

লগতে কোৱা হৈছে, ‘শৰ্মাক বেডমিণ্টন এছ’চিয়েশ্যনৰ সভাপতি হিচাপে নিযুক্তি দিয়াটো আৰু তেওঁক পদত বাহাল ৰখাটো, নিয়ম আৰু আইনৰ অৱমাননা হ’ব আৰু সম্পূৰ্ণকৈ জানিশুনি সংবিধানৰ  ১৪ নং দফাৰ উলংঘন হ’ব।’

আৱেদনখনত খেলুৱৈসকলৰ কল্যাণৰ স্বাৰ্থত আৰু স্বচ্ছ বিত্তীয় পৰিচালনাৰ স্বাৰ্থত এখন কমিটী নিযুক্তিৰ বাবে একতৰফা নিৰ্দেশ কামনা কৰা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

September 28, 2026 10:35 am
‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

September 28, 2026 9:24 am
স্থগিত বেংকৰ ধৰ্মঘট, বৈঠকত সমাধান সূত্ৰ পোৱাৰ পিছতে ঘোষণা ইউনিয়নৰ; গ্ৰাহকৰ বাবে সকাহ

স্থগিত বেংকৰ ধৰ্মঘট, বৈঠকত সমাধান সূত্ৰ পোৱাৰ পিছতে ঘোষণা ইউনিয়নৰ; গ্ৰাহকৰ বাবে সকাহ

September 28, 2026 8:26 am
কোহলীৰ বিৰাট শতক, ভংগ কৰিলে শচীনৰ দ্বৈত অভিলেখ! ৱেষ্ট ইণ্ডিজক ‘পানী খুৱালে’ ভাৰতে

কোহলীৰ বিৰাট শতক, ভংগ কৰিলে শচীনৰ দ্বৈত অভিলেখ! ৱেষ্ট ইণ্ডিজক ‘পানী খুৱালে’ ভাৰতে

September 28, 2026 7:49 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

September 28, 2026 10:35 am
‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

September 28, 2026 9:24 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd