• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উপায়ুক্তৰ চহী জালিয়াতি: ১৫জনকৈ শিক্ষকক বৰ্খাস্ত, এজাহাৰ দাখিলৰ নিৰ্দেশ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
August 9, 2018 9:04 pm
fake-teacher at lakhimpur assam
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আৰ টি আই কৰ্মী নিৰ্মল পায়েঙে পোহৰলৈ অনা লখিমপুৰ জিলাৰ উপায়ুক্তৰ ভুৱা চহীৰে অনুকম্পামূলক পদত শিক্ষক হৈ থকা ১৬ জনকৈ ব্যক্তিৰ বিস্ফোৰক কাহিনী নৰ্থ ইষ্ট নাও-ত সবিস্তাৰে প্ৰকাশ পোৱাৰ পিছত অভিযুক্তকেইজনক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ লগতে তেওঁলোকৰ বিৰুদ্ধে এজাহাৰ দাখিলৰ কঠোৰ নিৰ্দেশ দিছে শিক্ষা বিভাগে।

‘গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া ৰায় অনুসৰি তেওঁলোকক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ বাবে প্ৰাথমিক শিক্ষা সঞ্চালকক নিৰ্দেশ দিয়াৰ লগতে তেওঁলোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিবলৈ লখিমপুৰৰ জিলা উপায়ুক্তক নিৰ্দেশ দিয়া হৈছে,’ নৰ্থ ইষ্ট নাও-ক জনালে শিক্ষা বিভাগৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়াই।

Apply Now

তাৰোপৰি এই সমগ্ৰ ঘটনাটোৰ তদন্ত কৰি ৪৫ দিনৰ ভিতৰত প্ৰতিবেদন দাখিলৰ বাবে প্ৰাথমিক শিক্ষা বিভাগৰ যুটীয়া সচিব পাৰ্থ মজুমদাৰক দায়িত্ব দিয়া হৈছে বুলিও শইকীয়াই নৰ্থ ইষ্ট নাও-ক জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে আৰু কিছু অনিয়মৰো তদন্ত কৰাৰ নিৰ্দেশ দিয়া হৈছে।

আনহাতে প্ৰাথমিক শিক্ষা সঞ্চালক সঞ্জীৱ কুমাৰ ভূঞাক এই সন্দৰ্ভত সাক্ষাৎ কৰাত ১৫ জন শিক্ষকৰ দৰমহা বন্ধ কৰাৰহে নিৰ্দেশ দিয়া বুলি নৰ্থ ইষ্ট নাও-ক জনাইছিল।

ক্লিক কৰি পঢ়ক নৰ্থ ইষ্ট নাও-ৰ পূৰ্বৰ প্ৰতিবেদন: উপায়ুক্তৰ জাল চহীৰে চাকৰিত ১৬জনকৈ শিক্ষক; নিমাত শিক্ষা মন্ত্ৰী

অৱশ্যে প্ৰাথমিক শিক্ষা বিভাগৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়াই নৰ্থ ইষ্ট নাও-ৰ আগত শিক্ষকসকলক বৰ্খাস্ত কৰাৰ নিৰ্দেশ দিয়া বুলি নিশ্চিত কৰিছে। ‘শিক্ষক কেইজনক বৰ্খাস্ত কৰাৰ নিৰ্দেশটো হয়তো সঞ্চালকে এতিয়ালৈ লাভ কৰা নাই,’ শইকীয়াই কয়।

প্ৰীতম শইকীয়াই নৰ্থ ইষ্ট নাও-ক জনোৱা মতে ‘লখিমপুৰ জিলাৰ সেই শিক্ষক কেইজনৰ নিযুক্তিৰ বাবে জিলা পৰ্যায়ৰ সমিতি (DLC) য়ে দাখিল কৰা কাৰ্যবিৱৰণী (Minutes) ভুৱা বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া ৰায় অনুসৰি’ এই নিৰ্দেশ দিয়া হৈছে।

লখিমপুৰৰ জিলা প্ৰাথমিক শিক্ষা বিষয়া মৃদুল নাথে ‘প্ৰাথমিক শিক্ষা সঞ্চালকৰ পৰা পোৱা নিৰ্দেশ অনুসৰি পূৰ্বতে ৬ জন আৰু শেহতীয়াভাৱে ৯ জন শিক্ষকৰ দৰমহা ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে’ বুলি জনাইছে।

নাথে জনোৱা মতে দৰমহা বন্ধ হোৱা শিক্ষক ৯ জন হ’ল- উচ্চ প্ৰাথমিকৰ দিগন্ত বিশ্বাস, প্ৰমোদ দাস, তোষেন ভূঞা, প্ৰদীপ বৰা আৰু নিম্ন প্ৰাথমিকৰ পুলক জ্যোতি বৰা, মঃ নাজিৰ আলি, সুৰেশ পেগু, ৰূপক শইকীয়া আৰু মিছ সংগীতা বৰা। আন ৬ জন শিক্ষকৰ দৰমহা পূৰ্বতেই বন্ধ কৰা হৈছিল।

আমি পূৰ্বতে লাভ কৰা তথ্য অনুসৰি ১৬ জন শিক্ষকৰ নাম পোৱা গৈছিল যদিও বৰ্তমান ইয়াৰে ১৫ গৰাকীৰ বিৰুদ্ধেহে ব্যৱস্থা গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে।

সম্পূৰ্ণ তালিকাখন এতিয়ালৈকে লাভ কৰা নাই বাবে জানিব পৰা হোৱা নাই বাকীজন কোন?

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

June 26, 2026 9:48 pm
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

June 26, 2026 9:20 pm
দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ লক্ষ্যৰে অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকা ইচিয়ে

দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ লক্ষ্যৰে অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকা ইচিয়ে

June 26, 2026 9:13 pm
যদি পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয়, তেন্তে কি? চৰকাৰলৈ প্ৰশ্ন শশী থাৰুৰৰ

যদি পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয়, তেন্তে কি? চৰকাৰলৈ প্ৰশ্ন শশী থাৰুৰৰ

June 26, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

June 26, 2026 9:48 pm
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

June 26, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd