• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উপায়ুক্তৰ জাল চহীৰে চাকৰিত ১৬জনকৈ শিক্ষক; নিমাত শিক্ষা মন্ত্ৰী

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
July 26, 2018 3:38 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰৰ সিৰাই সিৰাই যেন প্ৰৱাহিত হৈ আছে দুৰ্নীতিৰ ৰক্ত। এ পি এছ চিৰ আমোলা-বিষয়াৰে নহয়, শিক্ষক নিযুক্তিৰ ক্ষেত্ৰটো এইবাৰ উঠিছে বৃহৎ কেলেংকাৰিৰ অভিযোগ।

লখিমপুৰ জিলাত ড০ আনোৱাৰুদ্দিন চৌধুৰী উপায়ুক্ত হৈ থকাৰ সময়ত তেওঁৰ ভুৱা চহীৰে ১৬ জনকৈ ব্যক্তি শিক্ষক পদত নিযুক্ত হৈ থকাৰ এক বিস্ফোৰক কাহিনী আজি ২৫ জুলাইত পোহৰলৈ আহিছে।

Apply Now

‘এই ১৬ জন শিক্ষকক লখিমপুৰ জিলাৰ তেতিয়াৰ উপায়ুক্ত ড০ আনোৱাৰুদ্দিন চৌধুৰীৰ চহী জালিয়াতিৰে ৰাজ্যিক পৰ্যায়ৰ সমিতিয়ে নিযুক্তিৰ বাবে বাচনি কৰিছিল,’ আৰ টি আই কৰ্মী নিৰ্মল পায়েঙৰ দাবী।

২০১১ৰ পৰা ২০১৮ চনৰ ভিতৰত নিযুক্ত শিক্ষককেইজনৰ নাম থকা তালিকাখন ভুৱা বুলি খোদ লখিমপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্তই গুৱাহাটী উচ্চ ন্যায়ালয়ত শপতনামা দাখিল কৰিছে।

‘২০১৭ চনৰ ২২ মাৰ্চ তাৰিখে লখিমপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত আশ্ৰাফুল আমিনে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা শপতনামাত ২০১৪ চনৰ পহিলা এপ্ৰিলত ৰাজ্যিক পৰ্য্যায়ৰ সমিতিৰ সভাত দাখিল হোৱা লখিমপুৰৰ জিলা পৰ্য্যায়ৰ সমিতিৰ সভাৰ কাৰ্য্যবিৱৰণীখন সত্য নহয় বুলি প্ৰকাশ কৰে,’ শপতনামাৰ প্ৰতিলিপি নৰ্থ ইষ্ট নাও-ক গতাই দাবী কৰে আৰ টি কৰ্মীজনে।

গুৱাহাটী উচ্চ ন্যায়ালয়ত অতিৰিক্ত উপায়ুক্তজনে দাখিল কৰা শপতনামাৰ লগত প্ৰকৃত কাৰ্য্যবিৱৰণীৰ প্ৰতিলিপিও গাঁঠি দিছিল আৰু উক্ত প্ৰকৃত প্ৰতিলিপিখনত নাম নাছিল এই ১৬ জনকৈ শিক্ষকৰ।

orginal
আচল খন তালিকা

নৰ্থ ইষ্ট নাও-ক লখিমপুৰৰ সেই সময়ৰ উপায়ুক্ত ড০ আনোৱাৰুদ্দিন চৌধুৰীয়ে জনাইছে যে শিক্ষকৰ উক্ত তালিকাত তেওঁৰ চহী জালিয়াতি কৰাটো সত্য আৰু সেই সম্পৰ্কে ইতিমধ্যে আদালতক চৌধুৰীয়ে জনাইছে।

লখিমপুৰৰ তদানীন্তন উপায়ুক্তজনৰ চহীৰে একেখন সভাৰে একে তাৰিখৰ দুখন বেলেগ বেলেগ কাৰ্যবিৱৰণী ওলাইছিল! ‘লখিমপুৰ জিলাত ২০১১ চনৰ পৰা ২০১৮ চনৰ ভিতৰত অনুকম্পামূলক ভিত্তিত নিযুক্তি পোৱা শিক্ষকসকলৰ ভিতৰত জিলা পৰ্যায়ৰ সমিতিৰ সভাসমূহৰ কোনো এখন কাৰ্য্য বিৱৰণী (Minutes)তে এই ১৬ জন প্ৰাৰ্থীৰ নামেই নাছিল,’ প্ৰমাণ দাঙি ধৰিলে পায়েঙে।

অনুকম্পামূলক শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত ৰাজ্যিক সমিতিয়ে জিলা পৰ্য্যায়ৰ সমিতি (DLC)ৰ অনুমোদন মতে শিক্ষক নিযুক্তি কৰিব লাগে। কিন্তু জিলা উপায়ুক্তৰ ‘ভুৱা’ চহীৰে প্ৰস্তুত তালিকাৰ ভিত্তিতে এই ১৬গৰাকী শিক্ষকক নিযুক্তি দিছিল তদানীন্তন মুখ্য সচিবৰ অধ্যক্ষতাৰ ৰাজ্যিক সমিতিয়ে।

এই শিক্ষকসকলক ‘অনুকম্পামূলক নিযুক্তি’ৰ কেলেংকাৰিত তদানীন্তন অধ্যক্ষ প্ৰাক্তন মুখ্য সচিব ভি কে পিপাৰছিনিয়াৰ লগতে ৰাজ্যৰ প্ৰাথমিক শিক্ষা বিভাগৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়া জৰিত আছে বুলি দাবী কৰিছে আৰ টি আই কৰ্মীজনে।

‘(শিক্ষকৰ অনুকম্পামূলক নিযুক্তিৰ) সেইসময়ৰ ৰাজ্যিক সমিতিৰ অধ্যক্ষ তেতিয়াৰ মুখ্য সচিব ভি কে পিপাৰচেনিয়া আৰু সদস্য সচিব প্ৰীতম শইকীয়া এই কেলেংকাৰিত জড়িত,’ অভিযোগ আৰ টি আই কৰ্মী নিৰ্মল পায়েঙৰ।

ভুৱা তালিকা

পিপাৰছিনিয়া আৰু শইকীয়া নেতৃত্বাধীন ৰাজ্যিক সমিতিয়ে লখিমপুৰ জিলাৰ উপায়ুক্তৰ চহী থকা ভুৱা তালিকাত থকা ১৬ গৰাকী ব্যক্তিক শিক্ষক হিচাপে নিযুক্তি দিছিল। পায়েঙে দাবী কৰা মতে এই শিক্ষকসকল হ’ল- ‘নিম্ন প্ৰাথমিকত পুলক জ্যোতি বৰা, নাজিৰ আলি, সুৰেশ পেগু, ৰূপক শইকীয়া, হেমন্ত বৰা, মিছ সংগীতা বৰা, অমৃত সন্দিকৈ আৰু নিহাৰিকা বৰা আৰু উচ্চ প্ৰাথমিক শাখাত দিগন্ত বিশ্বাস, প্ৰমোদ দাস, তোষেন ভূঞা, প্ৰদীপ বৰা, তুলিকা হাতীবৰুৱা, জিতু বৰা, যুগানন্দ শৰ্মা আৰু অভিলাস শৰ্মা।’

পায়েঙৰ এই বিস্ফোৰক অভিযোগ সম্পৰ্কে অসমৰ প্ৰাথমিক শিক্ষা বিভাগৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়াৰ লগত যোগাযোগ কৰাত তেওঁ তথ্য নোচোৱাকৈ এতিয়াই এই সন্দৰ্ভত মত প্ৰকাশ কৰিবলৈ অপাৰগতা প্ৰকাশ কৰে।

‘মই ৰে’কৰ্ড চাব লাগিব। আমি পোৱা ৰে’কৰ্ডৰ ভিত্তিতহে কাম বিলাক কৰোঁ। ভুৱা বা তেনেকুৱা কিবা থাকিলে জনাৰ উপায় নাথাকে। জানি-শুনিটো তেনেকুৱা ভুল নকৰোঁ। ৰে’কৰ্ডত কি আছে নোচোৱাকৈ এতিয়াই মই কৈ দিব নোৱাৰিম,’ নৰ্থ ইষ্ট নাও-ক জনাই শইকীয়াই।

পূৰ্বৰ শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু বৰ্তমানৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যক এই সম্পৰ্কে অৱ্গত কৰাৰ পিছতো কোনো তদন্ত কৰা নহ’ল বুলিও আৰ টি আই কৰ্মীজনে অভিযোগ আনে।

‘বিজেপি চৰকাৰে যিহেতু দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি লোৱা বুলি দাবী কৰি আহিছে, গতিকে এই বিষয়টোৰো তদন্ত কৰক,’ সোণোৱাল চৰকাৰক আহ্বান আৰ টি আই কৰ্মীজনৰ।

পায়েঙে এই নিযুক্তি কেৱল লখিমপুৰতে নহয়, গোটেই অসমতে হোৱা বুলিও সন্দেহ প্ৰকাশ কৰে।

দুৰ্নীতিৰ প্ৰতি ‘শূন্য সহনশীল’ সোণোৱাল চৰকাৰে তদন্ত কৰাবনে আৰ টি আই কৰ্মীজনৰ এই বিস্ফোৰক অভিযোগৰ?

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

September 26, 2026 9:20 pm
মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

September 26, 2026 8:15 pm
মমতাৰ সভালৈ যোৱাৰ পথত আক্ৰমণৰ সন্মুখীন তৃণমূল নেতা কুণাল ঘোষ : গাড়ীলৈ দলিয়ালে কণী আৰু ইটা

মমতাৰ সভালৈ যোৱাৰ পথত আক্ৰমণৰ সন্মুখীন তৃণমূল নেতা কুণাল ঘোষ : গাড়ীলৈ দলিয়ালে কণী আৰু ইটা

September 26, 2026 7:10 pm
পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 26, 2026 6:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

September 26, 2026 9:20 pm
মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

September 26, 2026 8:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd