• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এইবাৰ বিজেপিৰ মুছলমান বিধায়ক আমিনুল হক লস্কৰক পত্ৰযোগে হত্যাৰ ভাবুকি; ১৫ দিনৰ ভিতৰত বিজেপি ত্যাগৰ নিৰ্দেশ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
June 12, 2018 5:41 pm
AminulHoque_laskar
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ বিজেপিৰ একমাত্ৰ সংখ্যালঘু বিধায়ক আমিনুল হক লস্কৰক পত্ৰযোগে হত্যাৰ ভাবুকি দিয়াৰ কথা পোহৰলৈ আহিছে। কাচাৰ জিলাৰ সোণাই সমষ্টিৰ বিধায়কজনে যোৱা ৯ জুনত ডাকযোগে এই ভাবুকি পত্ৰখন লাভ কৰিছে বুলি জানিব পৰা গৈছে। আমিনুল হক লস্কৰে নৰ্থ-ইষ্ট নাওক জনোৱা মতে, ঘটনা সন্দৰ্ভত শিলচৰ সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছে আৰু ১৮৭০/২০১৮ নম্বৰৰ গোচৰ ৰুজু হৈছে।

তেওঁ আৰু শিলচৰ আৰক্ষীৰ সূত্ৰই জনোৱা মতে, পত্ৰখনৰ লগতে পত্ৰ প্ৰেৰকে পইণ্ট ৩২ পিষ্টলৰ দুটা সক্ৰিয় গুলীও প্ৰেৰণ কৰিছে। পত্ৰখনত বিধায়কজনক ১৫ দিনৰ ভিতৰত বিজেপি দল ত্যাগ কৰিবলৈ কোৱা হৈছে আৰু ইয়াৰ অন্যথা মৃত্যুৰ সন্মুখীন হ’ব লাগিব বুলি কোৱা হৈছে।

Apply Now

পত্ৰখন প্ৰেৰকে এটা সংগঠনৰ পৰা দিয়া বুলি দাবী কৰিছে আৰু ইয়াক ভুৱা বুলি নাভাবিলৈও কোৱা হৈছে। পত্ৰখনৰ শীৰ্ষাংশত থকামতে সংগঠনটোৰ নাম Save Secure and Development Protection force of Muslim Barak Valley Zone, Assam.  সংগঠনটোৰ নামত হাইদৰ হুছেইন খান নামৰ কোনো লোকে পত্ৰখন পঠিয়াইছিল।

উল্লেখযোগ্য যে অশুদ্ধ বাংলা ভাষাত লিখা এই পত্ৰখনৰ তাৰিখ ২১-৫-২০১৮ বুলি আছে, অৰ্থাৎ বিধায়কজনলৈ পত্ৰখন যোৱা ২১ মে’ত প্ৰেৰণ কৰা হৈছিল। কৰিমগঞ্জ ডাক ঘৰৰ পৰা প্ৰেৰণ কৰা হৈছিল চিঠিখন। তদন্তৰ খাতিৰতে বিষয়টো গোপনে ৰাখিছিল বুলি সূত্ৰটোৱে জানিবলৈ দিছে।

পত্ৰখনত বিধায়কজনে ৯ মে’ত হিন্দুত্ববাদী সংগঠনৰ লগ লাগি নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থন কৰা বাবেও তিৰস্কাৰ কৰা হৈছে।

আনহাতে পত্ৰখনত এইখন ভুৱা বুলি ভাবি পাতলকৈ ল’লে বিধায়কজনৰ লগতে তেওঁৰ পৰিয়ালৰ বাবেও বিপদ হ’ব বুলি কোৱা হৈছে। কোনো নিৰাপত্তা ব্যৱস্থাই বিধায়কজনক ৰখাব নোৱাৰিব তথা তেওঁৰ অহা-যোৱা, থকা-মেলাৰ সকলো খবৰ তেওঁলোকৰ হাতত থকা বুলি দাবী কৰে পত্ৰ প্ৰেৰণ কৰোঁতাই। কেৱল বৰাকতে নহয়, ব্ৰহ্মপুত্ৰ উপত্যকাতো তেওঁ সুৰক্ষিত হৈ নাথাকিব বুলি কোৱা হৈছে।

আনহাতে বিধায়ক আমিনুল হকে নৰ্থ-ইষ্ট নাওক জনায় যে তেওঁ তেওঁৰ অঞ্চলত পূৰ্বৰে পৰা চলি থকা চুপাৰি ছিণ্ডিকেইট, ইউৰীয়া সাৰৰ ছিণ্ডিকেইট বন্ধ কৰি দিছে। ইয়াৰ ড্ৰাগছৰ কৰিড’ৰ বন্ধ কৰাৰ লগতে বহু ভূ-মাফিয়া দমন কৰিছে। গতিকে তেনেকুৱা স্বাৰ্থ বিঘ্নিত হোৱা লোকে এই কাম কৰিছে বুলি কয়। চিঠিখনত স্থানীয় ভাষা ব্যৱহাৰ হৈছে। গতিকে কোনো মৌলবাদীয়ে দিয়া বুলি তেওঁ ভবা নাই।

উল্লেখযোগ্য যে কেইমাহ মানৰ পূৰ্বে চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক বোমাৰে উৰুৱাই দিয়াৰ এটা ম’বাইল বাৰ্তাৰ কথাও পোহৰলৈ আহিছিল। এইটো প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ আৰু প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ ম’বাইললৈও যোৱা বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ পাইছিল। উক্ত ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে দুজন যুৱকক গ্ৰেপ্তাৰ কৰিছিল যদিও বিষয়টো ৰহস্যৰ আৱৰ্ততে কোনো অগ্ৰগতি নোহোৱাকৈ ৰৈ গ’ল।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd