• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এন আৰ চিক সাম্প্ৰদায়িক ৰং দিয়াৰ চেষ্টা ৰয়টাৰৰ প্ৰতিবেদনত; সহ-প্ৰতিবেদক হিচাপে আছে জাৰিৰ হুছেইন

এন ই নাও নিউজ by এন ই নাও নিউজ
July 29, 2018 11:24 am
Reuter_Report
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত যোৱা প্ৰায় তিনিটা বছৰ ধৰি চলি থকা এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াৰ গুৰুত্বপূৰ্ণ সন্ধিক্ষণত লণ্ডনস্থিত আন্তঃৰাষ্ট্ৰীয় স্তৰৰ সংবাদ প্ৰতিষ্ঠান ৰয়টাৰে প্ৰকাশ কৰিছে এটা বিতৰ্কিত প্ৰতিবেদন। প্ৰতিবেদনটোত এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াটোৱে লাখ লাখ বাংলাভাষী মুচলমানক বিদেশী সজাবলৈ কৌশলেৰে টাৰ্গেট কৰা হৈছে বুলি কৈ এই প্ৰক্ৰিয়াটোক সাম্প্ৰদায়িকতাৰ ৰং সানিব খোজা হৈছে|

এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশ কৰিবলৈ ১২ ঘণ্টাৰো কম সময় থকা অৱস্থাত এনে ধৰণৰ প্ৰতিবেদনে সমাজত শান্তি-শৃংখলাৰ অৱনতি ঘটাব পাৰে। এই ক্ষেত্ৰত কোনো উচটনিমূলক মন্তব্য নকৰিবলৈ সকীয়নি দি অহা চৰকাৰে কি ভূমিকা লয় সেয়া লক্ষণীয় হ’ব।

Apply Now

মন কৰিব লগীয়া যে কৃষ্ণ এন দাস নামৰ এজন অসমৰ প্ৰতিবেদকে প্ৰস্তুত কৰা এই অনুসন্ধানমূলক প্ৰতিবেদনটোৰ সহ প্ৰতিবেদক হিচাপে নাম আছে ৰাজ্যখনৰ এজন জ্যেষ্ঠ সাংবাদিক জাৰিৰ হুছেইনৰ।

আনহাতে এই প্ৰতিবেদনটোত অসম আন্দোলনৰ সময়ত ১৯৮৩ চনত হোৱা নেলীৰ গণহত্যাৰ স্মৃতিক পৃষ্ঠভূমি হিচাপে ব্যৱহাৰ কৰা হৈছে, যিটোও এটা আপত্তিকৰ সংযোগ বুলিব পাৰি।

প্ৰতিবেদনটোত লগতে ২০১৯ চনৰ লোকসভা নিৰ্বাচন, বিজেপিৰ ‘হিন্দুক অগ্ৰাধিকাৰ’ কাৰ্য্যসূচী ইত্যাদিৰ সৈতেও এই এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াৰ সংযোগ স্থাপন কৰিব খোজা হৈছে। আনকি উত্তৰ ভাৰতত তথাকথিত গো-ৰক্ষকসকলৰ দ্বাৰা হোৱা মুচলমান লোকক lynching-ৰ ঘটনাবোৰৰ প্ৰসংগও টনা হৈছে, যিবোৰৰ সৈতে এন আৰ চিৰ কোনো সম্পৰ্ক নাই।

উল্লেখযোগ্য যে অসম চুক্তিৰ আধাৰত আৰু উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত চলি থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াৰ দ্বাৰা ১৯৭১ চনৰ ২৪ মাৰ্চলৈকে অসমত থকাসকল আৰু তেওঁলোকৰ উত্তৰাধিকাৰীসকলক ইয়াৰ বৈধ নাগৰিক হিচাপে স্বীকৃতি দিয়া হৈছে। আনসকলক ইয়াৰ বৈধ নাগৰিক হিচাপে গণ্য কৰা নহ’ব। এই প্ৰক্ৰিয়াত হিন্দু-মুচলমান বা অসমীয়া-বাঙালীৰ প্ৰশ্নটোৰ গুৰুত্ব শূন্য। তাৰোপৰি এই এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়া উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশতহে হৈছে, বিজেপি চৰকাৰৰ নিৰ্দেশত নহয়।

তৎসত্ত্বেও বিভিন্ন পক্ষই এই প্ৰক্ৰিয়াটোক মাজে-সময়ে তেনে ৰং দিয়াৰ চেষ্টা কৰি আহিছে। ইয়াৰ অন্তৰালত প্ৰক্ৰিয়াটোৰ নিৰপেক্ষতাক লৈ থকা সন্দেহতকৈ সম্প্ৰদায় ভিত্তিক সহানুভূতিয়ে অধিক ভূমিকা লৈ অহা দেখা গৈছে। যিহেতু অসমত প্ৰচুৰ সংখ্যক অবৈধ মুচলিম বাংলাদেশী আৰু অবৈধ হিন্দু বাংলাদেশীয়ে বাস কৰি আহিছে, গতিকে এই দুয়োটা সম্প্ৰদায়ে তেওঁলোকৰ সম্প্ৰদায়ক কৌশলেৰে টাৰ্গেট কৰা হৈছে বুলি অভিযোগ কৰি আহিছে। ইয়াত হাত উজান দিছে লেখক-বুদ্ধিজীৱীয়েও।

আন এটা উল্লখ কৰিব লগীয়া কথা হ’ল যে বাংলাদেশে অলপতে ম্যানমাৰত নিৰ্য্যাতনৰ বলি হৈ বাংলাদেশলৈ পলাই অহা ভগনীয়া ৰহিঙীয়া মুচলমানসকলক নাগৰিকত্ব দিয়াৰ বাবে স্পষ্ট অসন্মতি প্ৰকাশ কৰিছিল। তাৰ পৰিৱৰ্তে তেওঁলোকে ৰহিঙীয়াসকলক ম্যানমাৰলৈ ঘূৰাই পঠাবলৈহে কূটনৈতিক প্ৰক্ৰিয়া আৰম্ভ কৰে। একেদৰে একেই ধৰ্মৰ হোৱা সত্ত্বেও পেলেষ্টাইনী শৰণীয়াসকলকো মিডল ইষ্টৰ কোনো দেশে এতিয়াও নিজৰ দেশৰ নাগৰিকত্ব দিয়া নাই।

অৱশ্যে কাৰিকৰী আৰু মানৱীয় ভুলৰ বাবে কিছুমান লোক বাদ পৰিব বুলি শংকা প্ৰকাশ কৰাটো অযুক্তিকৰ নহয়। কাৰণ এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াটো কিমান নিখুঁতভাৱে কৰা হৈছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। সেয়া গ’ম পাব পৰা হ’ব কাইলৈ (৩০ জুলাই) প্ৰকাশ পাব লগীয়া চূড়ান্ত খচৰাৰ পিছতহে।

(ৰয়টাৰৰ প্ৰতিবেদনটো চাবলৈ তলৰ লিংকটোত ক্লিক কৰক।)

https://in.reuters.com/article/india-politics-religion/muslim-survivors-of-indian-massacre-shaken-by-citizenship-test-idINKBN1KJ02D

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেন্দ্ৰীয় মন্ত্ৰীসভাত বৃহৎ সালসলনিৰ জল্পনা-কল্পনা; নতুন মুখক লৈ বৃদ্ধি পাইছে ৰাজনৈতিক চৰ্চা

কেন্দ্ৰীয় মন্ত্ৰীসভাত বৃহৎ সালসলনিৰ জল্পনা-কল্পনা; নতুন মুখক লৈ বৃদ্ধি পাইছে ৰাজনৈতিক চৰ্চা

June 26, 2026 12:07 pm
উত্তেজনাপূৰ্ণ মেচত ৩-২ গ’লত পৰাস্ত কৰিলে তুৰস্কই; পৰাজয়ৰ পিছতো পৰৱৰ্তী ৰাউণ্ডলৈ আমেৰিকা

উত্তেজনাপূৰ্ণ মেচত ৩-২ গ’লত পৰাস্ত কৰিলে তুৰস্কই; পৰাজয়ৰ পিছতো পৰৱৰ্তী ৰাউণ্ডলৈ আমেৰিকা

June 26, 2026 11:17 am
পুনৰ হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হৈ যোৱা মালবাহী জাহাজত আক্ৰমণ ইৰাণৰ! কি হ’ব শান্তি চুক্তিৰ?

পুনৰ হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হৈ যোৱা মালবাহী জাহাজত আক্ৰমণ ইৰাণৰ! কি হ’ব শান্তি চুক্তিৰ?

June 26, 2026 10:11 am
ছুইডেনৰ বিৰুদ্ধে ড্ৰ’ খেলিলে জাপানে; নকআউটত ব্ৰাজিলৰ সন্মুখীন হ’ব এছিয়াৰ দেশখনে

ছুইডেনৰ বিৰুদ্ধে ড্ৰ’ খেলিলে জাপানে; নকআউটত ব্ৰাজিলৰ সন্মুখীন হ’ব এছিয়াৰ দেশখনে

June 26, 2026 8:43 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেন্দ্ৰীয় মন্ত্ৰীসভাত বৃহৎ সালসলনিৰ জল্পনা-কল্পনা; নতুন মুখক লৈ বৃদ্ধি পাইছে ৰাজনৈতিক চৰ্চা

কেন্দ্ৰীয় মন্ত্ৰীসভাত বৃহৎ সালসলনিৰ জল্পনা-কল্পনা; নতুন মুখক লৈ বৃদ্ধি পাইছে ৰাজনৈতিক চৰ্চা

June 26, 2026 12:07 pm
উত্তেজনাপূৰ্ণ মেচত ৩-২ গ’লত পৰাস্ত কৰিলে তুৰস্কই; পৰাজয়ৰ পিছতো পৰৱৰ্তী ৰাউণ্ডলৈ আমেৰিকা

উত্তেজনাপূৰ্ণ মেচত ৩-২ গ’লত পৰাস্ত কৰিলে তুৰস্কই; পৰাজয়ৰ পিছতো পৰৱৰ্তী ৰাউণ্ডলৈ আমেৰিকা

June 26, 2026 11:17 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd