হোজাই জিলাৰ অধীনৰ থানাসমূহত এন আৰ চিৰ নথি জালিয়াতি সংক্ৰান্তীয় ২৪টা গোচৰ ৰুজু কৰি ৯১জন লোকৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল কৰা হৈছে। বৃহস্পতিবাৰে হোজাইৰ আৰক্ষী অধীক্ষক অংকুৰ জৈনে এখন সংবাদমেলযোগে এই কথা সদৰী কৰে।
সংবাদমেলত আৰক্ষী অধীক্ষক অংকুৰ জৈনে জানিব দিয়ে যে এন আৰ চিৰ কাম আৰম্ভ হোৱাৰ পাছত হোজাই জিলাৰ অধীনৰ থানাসমূহত এন আৰ চিৰ নথি জালিয়াতিৰ সংক্ৰান্তত মুঠ ২৪টা গোচৰ ৰুজু কৰা হৈছে আৰু ইতিমধ্যে ৯১জন লোকৰ বিৰুদ্ধে শংকৰদেৱ নগৰ ন্যায়িক আদালতত চাৰ্জশ্বিট দাখিল কৰা হৈছে। ইয়াৰে মুঠ ২৪টা গোচৰৰ ভিতৰত ১৯টা গোচৰ মীমাংসা কৰাৰ লগতে ৫টা গোচৰ বৰ্তমান বিবেচনাধীন হৈ আছে।
তদুপৰি চলিত বৰ্ষত মাৰণাস্ত্ৰ সংক্ৰান্তীয় ৯টা গোচৰ ৰুজু কৰাৰ লগতে উক্ত গোচৰৰ লগত জড়িত ১২জন লোকক গ্ৰেপ্তাৰ কৰি কাৰাগাৰালৈ প্ৰেৰণ কৰা হৈছে। উক্ত লোককেইজনৰ পৰা এটা হস্তনিৰ্মিত বন্দুক, ৭.৬৫, ০.২২ আৰু ৯ এম এম ৮টা পিষ্টল আৰু ৫৪টা সজীৱ গুলী জব্দ কৰা হৈছে।
আনহাতে, হোজাইৰ বিভিন্ন স্থানৰ পৰা অপহৰণ কৰা চাৰিজন লোকক অন্ধ্ৰ প্ৰদেশ, দিল্লী, নিউ জলপাইগুৰি আৰু জবকা পাহাৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে। ছ’চিয়েল মিডিয়াৰ অপব্যৱহাৰৰ সংক্ৰান্তত এটা গোচৰ ৰুজু কৰাৰ লগতে এজনক গ্ৰেপ্তাৰ কৰা বুলিও আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে।
হোজাইৰ সদৰ শংকৰদেৱ নগৰস্থিত আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলখনত জিলা আৰক্ষী অধীক্ষক অংকুৰ জৈনৰ উপৰি অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু উপ-আৰক্ষী অধীক্ষকো উপস্থিত থাকে।