হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানক লৈ ৰাজ্য উত্তপ্ত হৈ থকাৰ মাজতে ‘সাহস আছে যদি এজন বাঙালীৰ গাত হাত দি চাওক’ বুলি যোৱা ৮ মে’ত মন্তব্য কৰা প্ৰাক্তন মন্ত্ৰী তথা হোজাইৰ কংগ্ৰেছী নেতা ডাঃ অৰ্ধেন্দু দে’ক গ্ৰেপ্তাৰ কৰিবলৈ চৰকাৰক দাবী জনাইছে এ’ আই দি ইউ এফৰ সভাপতি বদৰুদ্দিন আজমল ( Badruddin Azmal )। দে’ৰ মন্তব্য দলৰ ‘নীতিৰ বিৰুদ্ধে’ যোৱা বুলি অসম প্ৰদেশ কংগ্ৰেছেও তেওঁলৈ ৯ মে’ত কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে।
নৰ্থ ইষ্ট নাওলৈ আজি ৯ মে’ত প্ৰেৰণ কৰা এক বিবৃতিত আজমলে কয় যে ‘সাম্প্ৰদায়িক উচতনিমূলক বক্তব্য দিয়াৰ বাবে’ অৰ্ধেন্দু দে’ক গ্ৰেপ্তাৰ কৰিব লাগে।
অৰ্ধেন্দুৰ বক্তব্যই সমগ্ৰ অসমৰ সাম্প্ৰদায়িক শান্তি-সম্প্ৰীতি বিনষ্ট কৰিব বুলি আশংকা কৰি আজমলে দে’ৰ বক্তব্যক গৰিহণা দিছে।
তাৰোপৰি অৰ্ধেন্দু দে’ৰ বিৰুদ্ধে গোলাঘাট থানাত গোচৰ তৰিছে দুৰ্নীতিবিৰোধী ঐক্যমঞ্চই।
আনহাতে ‘২০ বছৰ আগৰ অসম নহয়, আমাৰ গাত হাত দি চাওক’ বুলি দে’ই কৰা মন্তব্য ‘কেঞ্চাৰ বেমাৰৰ নিচিনা’ বুলি মন্তব্য কৰিছে তাহানিৰ অগপ চৰকাৰৰ মন্ত্ৰী হাজী আব্দুল ৰৌফে।
আলফা (স্বাঃ)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ অসমেও কংগ্ৰেছ নেতা দে’ক এনে মন্তব্য নকৰিবলৈ সকীয়নি প্ৰদান কৰিছিল। তাৰ বিপৰীতে বৰাকৰ কংগ্ৰেছ নেতা ছিদ্দেক আহমেদে ‘অৰ্ধেন্দু দে’ক সকীয়নি দিবলৈ পৰেশ বৰুৱা কোন? পৰেশ বৰুৱাৰ সেই দিন আৰু নাই’ বুলি মন্তব্য কৰিছিল।
ধৰ্মৰ ভিত্তিত দেশৰ নাগৰিকত্ব প্ৰদানৰ বাবে বিজেপি চৰকাৰে উত্থাপন কৰা বিধেয়কখনক লৈ সমগ্ৰ অসমৰ খিলঞ্জীয়া ৰাইজে তীব্ৰ বিৰোধ কৰি অহাৰ পৰত প্ৰৰোচনামূলক এনে বক্তব্যৰ বিৰুদ্ধে ৰাজ্যৰ বিজেপি চৰকাৰে কি ব্যৱস্থা লয় বা এনে মন্তব্যৰ পৰিণাম ভয়ংকৰ হয়গৈ নেকি সেয়া লক্ষণীয় হ’ব।