• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৃষক মুক্তিৰ আহ্বানত ৰাজ্যৰ শতাধিক দল-সংগঠন একেখন মঞ্চত : ঐক্যবদ্ধ সংগ্ৰামৰ সংকল্প

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 11, 2018 10:29 pm
KMSS_Sabha_2
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শদিয়াৰ পৰা ধুবুৰীলৈকে ৰাজ্যৰ শতাধিক দল-সংগঠনৰ সমাৱেশ ঘটিল অসম সাহিত্য সভাৰ সংগীতাচাৰ্য্য লক্ষ্মীৰাম ভৱন প্ৰেক্ষাগৃহত। প্ৰায়বোৰ জাতি-জনগোষ্ঠীৰ সংগঠনৰ নেতৃবৃন্দ উপস্থিতিত আজি ১১ মে’ত ‘অস্তিত্বৰক্ষা সমন্বয় সমিতি, অসম’ নামৰ এখন নতুন মঞ্চৰ জন্ম দিয়া হয়।

উল্লেখযোগ্য যে এই সভাত আছু, নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী মঞ্চ উপস্থিত নথকাত বিভিন্ন দল-সংগঠনৰ নেতৃবৃন্দই নিজৰ উদ্বিগ্নতা প্ৰকাশ কৰে। আনহাতে কৃষক মুক্তি সংগ্ৰাম সমিতি, নাগৰিক মঞ্চ আৰু শিল্পী সমাজৰ উদ্যোগত আয়োজিত এই সভাত উপস্থিত থাকিবৰ বাবে আছু আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী মঞ্চক আমন্ত্ৰণ জনাইছিল যদিও সংগঠন দুটাৰ কোনো প্ৰতিনিধি উপস্থিত নাথাকিল বুলি কৃষক নেতা অখিল গগৈয়ে আজিৰ সভাত উল্লেখ কৰে।

Apply Now

আনহাতে এই সভাতে অসম জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদৰ হৈ অদীপ ফুকন উপস্থিত থাকি কেন্দ্ৰীয় আৰু ৰাজ্য চৰাকাৰৰ ষড়যন্ত্ৰকাৰী সিদ্ধান্তৰ ঘোৰ বিৰোধিতা কৰাৰ লগতে ভোটৰ অংকৰ বাবে হিন্দু বাংলাদেশীক সংস্থাপন দিব বিচৰা বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে।

ফুকনে লগতে কয়, “দিল্লী আৰু দিচপুৰে লোকসভা নিৰ্বাচনৰ অংকত যদি বিভাজনৰ চেষ্টা কৰে, সেই কথাৰ প্ৰতি আমি লক্ষ্য ৰখাৰ লগতে সজাগ হ’ব লাগে।”

আনহাতে তেওঁ সমগ্ৰ অসমত ১৫ দিনৰ ভিতৰত তীব্ৰ আন্দোলন গঢ়ি তোলাৰ পোষকতা কৰে যাতে চৰকাৰ দাবীসমূহ মানি ল’বলৈ বাধ্য হয়।

সভাত উপস্থিত থকা আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই নিজৰ ভাষণত কয়, “আমাৰ বহুতো বাধা-নিষেধ আছে যদিও আমি অতি কৌশলপূৰ্ণভাৱে মাত মাতি আহিছো। আমি খিলঞ্জীয়া মঞ্চ আৰু এন ই আই পি এফ গঠন কৰি মাত মাতি যাম।”

তাৎপৰ্য্যপূৰ্ণভাৱে অনুপ চেতিয়াই আছুৰ সৈতে এক সমন্বয় গঢ়ি তুলিবৰ বাবেও আহ্বান জনায়। লগতে চেতিয়াই আজিৰ এই সভাতে বিধায়কসকলৰ পদত্যাগৰ দাবী তোলে।

আনহাতে, অসম সাহিত্য সভাৰ ফালৰ পৰা উপস্থিত থকা সভাৰ সাধাৰণ সম্পাদক পদুম ৰাজখোৱাই কয় যে অসম সাহিত্য সভাৰ জিলা শাখাসমূহে এই বিধেয়ক বাতিল কৰাৰ বাবে জিলা উপায়ুক্তৰ জৰিয়তে যুটীয়া সংসদীয় কমিটীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে। তেওঁ ঐক্যবদ্ধ সংগ্ৰামৰ কথাত অকলে সিদ্ধান্ত দিব নোৱাৰিব বুলি জনায়। কাৰ্য্যনিৰ্বাহক আৰু জাতীয় উপদেষ্টা পৰিষদৰ সৈতে আলোচনা কৰিহে সিদ্ধান্ত ল’ব পাৰিব বুলি জনায়। তেওঁ দুই-চাৰি দিনৰ ভিতৰতে বিষয়টো আলোচনা কৰি সিদ্ধান্ত ল’ব পৰা হ’ব যে ঐক্যবদ্ধ সংগ্ৰামত থাকিব নে সাহিত্য সভাই অকলে সংগ্ৰাম কৰিব।

কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ উদয়াদিত্য ভৰালীৰ সঞ্চালনাত অনুষ্ঠিত এই সভাত ভাষণ প্ৰদান কৰি ড০ দীনেশ বৈশ্যই আছুৰ কোনো প্ৰতিনিধি উপস্থিত নথকাৰ বাবে দুখ প্ৰকাশ কৰাৰ লগতে সমন্বয় সমিতিয়ে আছুৰ প্ৰতিনিধিক সাক্ষাৎ কৰি এই সংগ্ৰামত যোগ দিবলৈ আহিবৰ বাবে আহ্বান জনাব লাগে বুলি কয়।

আনহাতে কৃষক নেতা অখিল গগৈয়ে সেই সভাতে ড০ হীৰেন গোহাঁই, অজিত ভূঞা, সমুজ্জ্বল ভট্টাচাৰ্য্যক সাক্ষাৎ কৰি এই ঐক্যবদ্ধ সংগ্ৰামত সহযোগিতা আগ বঢ়াবৰ বাবে আহ্বান জনাব বুলি সদৰী কৰে।

সভাৰ শেষত গঠন হোৱা অস্তিত্বৰক্ষা সমন্বয় সমিতিৰ মুখ্য আহ্বায়কসকল ক্ৰমে উদয়াদিত্য ভৰালী, ড০ দীনেশ বৈশ্য, অনুপ চেতিয়া (খিলঞ্জীয়া সুৰক্ষা মঞ্চ), অখিল গগৈ, আজিজুৰ ৰহমান, বাণী দাস, অদীপ ফুকন, পুতুল দত্ত, লিটল বৰগোহাঁই, ডেভিদ চেতিয়া, জোনমণি খাউণ্ড, কৈলাশ শৰ্মা, কাৰ্বি ছাত্ৰ সন্থা আৰু উত্তৰ-কাছাৰৰ পৰা ছেমছং তেৰন, গকুল বৰ্মন আৰু ষ্টিফেন লাকৰা।

সভাৰ সিদ্ধান্ত তথা পৰৱৰ্তী কাৰ্য্যাৱলী সম্পৰ্কত আজিৰ সভাই জানিবলৈ দি কয় যে অসমত পুনৰ শুনানি অনুষ্ঠিত কৰিবলৈ অসমৰ সকলো প্ৰান্তৰ পৰা ই-মেইলযোগে যুটীয়া সংসদীয় কমিটীলৈ স্মাৰক পত্ৰ প্ৰদান কৰিব। জে পি চিৰ শুনানিত হাজাৰ-হাজাৰ স্মাৰক পত্ৰ প্ৰদান আৰু শুনানিৰ দিনা লক্ষাধিক লোকক সমাবেত কৰিবৰ বাবে এই সমিতিয়ে কাম কৰিব।

লগতে এই সমিতিখনে সকলো বিৰোধী ৰাজনৈতিক দলৰ সৈতে আলোচনা কৰিব আৰু অগপ, বি পি এফ, কংগ্ৰেছ, এ আই য়ু ডি এফৰ বিধায়কসকলৰ সৈতে আলোচনাত বহিব।

অসম গণ পৰিষদ আৰু বি পি এফক বিধানসভাত বিধেয়কখনৰ বিৰুদ্ধে প্ৰস্তাৱ অনাবৰ বাবে সৈমান কৰাবলৈ চেষ্টা কৰিব এই সমিতিয়ে।

অসম ৰাজ্যিক বিজেপি আৰু কেবিনেট মন্ত্ৰীসকলক বিধেয়ক বিৰোধী প্ৰস্তাৱক সমৰ্থন জনাবলৈ বাধ্য কৰাবৰ বাবে এই সমিতিয়ে কাম কৰিব।

বিধান সভাৰ বিশেষ অধিৱেশন অনুষ্ঠিত কৰি তাত বিধেয়ক বিৰোধী প্ৰস্তাৱ লোৱাৰ বাবে ৰাজনৈতিক দলসমূহক বাধ্য কৰাব লগতে যদি অগপই এই পদক্ষেপ ল’ব নোৱাৰে তেন্তে অগপ আৰু বি পি এফক মিত্ৰজোঁটৰ পৰা আঁতৰি আহিবলৈ বাধ্য কৰাৰ প্ৰয়াস কৰিব।

ৰাজ্যজুৰি প্ৰচাৰ অভিযান, জিলা পৰ্য্যায়ত গণ সমাৱেশ, গুৱাহাটীত লক্ষাধিক লোকৰ গণ সমাৱেশ, প্ৰতিবাদী শিল্পীসকলৰ গণ সমাৱেশ, ৰাজ্যজুৰি ধৰ্ণা, জোঁৰ সমদল, বিশিষ্ট লেখক-বুদ্ধিজীৱীসকলৰ দিচপুৰত অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী অনুষ্ঠিত কৰিব।

লগতে বিধায়কসকলৰ বাসগৃহ ঘেৰাও, বিজেপিৰ ৰাজ্যিক কাৰ্য্যালয় ঘেৰাও, জনতা ভৱন ঘেৰাও, দিল্লীত বিশাল কাৰ্য্যসূচী গ্ৰহণ, অসমৰ বাহিৰত থকা অসমীয়াসকলক প্ৰতিবাদ কৰিবৰ বাবে উৎসাহিত কৰা, সৰ্বভাৰতীয় সকলো ৰাজনৈতিক দলৰ নেতাক সাক্ষাৎ কৰি এই বিধেয়কৰ বিৰোধিতা কৰিবৰ বাবে অনুৰোধ কৰা আদি কাৰ্য্যসূচী সমিতিৰ প্ৰাথমিক লক্ষ্য হিচাপে ঘোষণা কৰা হৈছে। সমিতিখনে এখন বিশেষ কমিটি গঠন কৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব বুলিও জানিবলৈ দিয়ে।

আজিৰ সভাত শতাধিক দল-সংগঠনে অংশগ্ৰহণ কৰিছিল। আদিবাসী জইণ্ট একশ্যন কমিটী, অনুসূচিত যুৱ ছাত্ৰ পৰিষদ, কাৰ্বি ছাত্ৰ সন্থা, অনুসূচিত জাতি ছাত্ৰ সন্থা, মৰাণ ছাত্ৰ সন্থা, মটক সন্মিলন, তাই আহোম যুৱ পৰিষদ,  মানৱ অধিকাৰ সংগ্ৰাম সমিতি, মিঞা পৰিষদ, অসম মিঞা যুৱ পৰিষদ, আক্ৰাছু, আমছু, স্বৰাজ অসম,  সদৌ অসম কৈৱৰ্ত ছাত্ৰ সন্থা, তিৱা ছাত্ৰ সন্থাকে ধৰি শতাধিক সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd