• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেৱল বিজেপি কৰ্মীয়েহে পাব চৰকাৰী ট্ৰেক্টৰ : মন্ত্ৰী পীযুষৰ মন্তব্যত জোকাৰণি ৰাজ্যত

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
July 4, 2018 8:10 pm
পীযুষ

মন্ত্ৰী পীযুষ হাজৰিকা। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ সকলো শ্ৰেণীৰ ৰাইজৰ সমবিকাশৰ কথা কোৱা বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ বাবে এতিয়া কেৱল বিজেপি কৰ্মীসকলক সন্তুষ্ট কৰাটোহে যেন প্ৰধান উদ্দেশ্য হৈ পৰিছে। এই কথা প্ৰমাণিত হৈছে ৰাজ্যৰ নগৰ উন্নয়ন তথা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকাৰ এক ভাষণত। মঙলবাৰে, এখন সভাত উদাত্ত ভাষণ আগবঢ়াই মন্ত্ৰী হাজৰিকাই বুকু ফিন্দাই ঘোষণা কৰিলে বিজেপিকৰ্মীৰ বাবে চৰকাৰে প্ৰদান কৰিব বিচৰা এক বিশেষ সুবিধাৰ কথা।

মঙলবাৰে গুৱাহাটীৰ মালিগাওঁস্থিত ৰংভৱনত অনুষ্ঠিত ৰাজ্যিক বিজেপিৰ যুৱমৰ্চাৰ সন্মিলনত ভাষণ প্ৰসংগত পীযুষ হাজৰিকাই উদাত্ত কন্ঠে ঘোষণা কৰিলে যে অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত ৰাজহ গাওঁসমুহক প্ৰদান কৰিবলগীয়া ট্ৰেক্টৰসমুহ বিজেপিৰ দখলত থকা সমষ্টিত ৯৯ শতাংশ বিজেপি কৰ্মীয়েহে লাভ কৰিব।

Apply Now

ভাষণত তেওঁ ক’লে, ‘আমাৰ ৬১ জন বিধায়কে আপোনালোকক প্ৰতিশ্ৰুতি দিব পাৰে বুলি মই দৃঢ়তাৰে কওঁ, এই যে ২৫ হাজাৰ ট্ৰেক্টৰ, আমাৰ য’ত য’ত বিজেপি বিধায়ক আছে ৯৯ শতাংশ ট্ৰেক্টৰ বিজেপি দলৰ কৰ্মীয়েহে পাব। মইটো গেৰেণ্টী দিছো জাগীৰোডত ১০০ শতাংশ ট্ৰেক্টৰেই বিজেপি দলৰ কৰ্মীয়ে পাব।‘

উল্লেখ্য যে, বিজেপিৰ যুৱমৰ্চাৰ এই সভাখনত সাংবাদিকৰ প্ৰবেশৰ অনুমতি নাছিল যদিও মন্ত্ৰী হাজৰিকাই ভাষণ দিয়াৰ সময়ত তেওঁৰ নিজৰ ফেইচবুক একাউণ্টত লাইভ কৰি লৈছিল। যাৰবাবে ৰূদ্ধদ্বাৰ বৈঠকখনৰ ভিতৰৰ কথা প্ৰকাশ পাইছিল।

মন্ত্ৰীৰ এই মন্তব্য শুনি জাউৰিয়ে জাউৰিয়ে হাত চাপৰি বজাইছিল সভাত উপস্থিত থকা উৎসাহিত বিজেপিৰ যুৱকৰ্মীসকলে।

পীযুষ হাজৰিকাৰ এই ঘোষণাৰ সময়ত মঞ্চত বহি আছিল বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসকে ধৰি কেবাজনো নেতা। কিন্তু মন্ত্ৰীজনৰ এনে এক উদ্ভট মন্তব্যৰ পাছতো এবাৰো ইয়াৰ বিৰোধিতা কৰা দেখা নগ’ল তেওঁলোকক।

এগৰাকী মন্ত্ৰীৰ এনে এক মন্তব্যৰ পাছতে ৰাজনৈতিক মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। পীয়ুষ হাজৰিকাৰ এই মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰে চৰকাৰৰ মিত্ৰদল অসম গণ পৰিষদৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই।

এয়া এক দূৰ্ভাগ্যজনক কথা বুলি উল্লেখ কৰি কলিতাই কয়, ‘কৃষকৰ মাজত ৰাজনৈতিক প্ৰভাৱ পেলোৱাতো শুভলক্ষণ নহয়। এই কথাষাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সবকা সাথ সবকা বিকাশ নীতিৰ মূল লক্ষ্যৰ পৰাই আঁতৰি আহিছে। যি সকল কৃষকে শ্ৰম কৰি কৃষিকাৰ্য চলাই ৰাজ্যৰ অৰ্থনীতিৰ প্ৰতি অৰিহণা আগবঢ়াই আছে সেইসকলেই চৰকাৰী সুবিধাসমুহ পাব লাগে। তাৰ বিপৰীতে ইয়াক ৰাজনীতিকৰণ কৰিবলৈ গ’লে অৰ্থনীতিত বিৰূপ প্ৰভাৱ পেলাব।‘

একেদৰে অগপ বিধায়ক সত্যব্ৰত কলিতাই প্ৰকৃত কৃষকেহে ট্ৰেক্টৰ পোৱা উচিত বুলি মন্তব্য কৰে।

এই সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ উপসভাপতি প্ৰদ্যুত বৰদলৈয়ে কয়, ‘অসমৰ নৱাগত মন্ত্ৰী পীযুষ হাজৰিকাৰ এই মন্তব্যই বিজেপিৰ পক্ষপাতপুষ্ট চৰিত্ৰক উদঙাই দিছে। এই মন্তব্য এজন মন্ত্ৰীৰ ঠেক মানসিকতাৰ পৰিচায়ক। এনে ধৰণৰ চিন্তা সম্পূৰ্ণ অগণতান্ত্ৰিক আৰু ইয়াক পৰিহাৰ কৰিব নোৱাৰিলে বিজেপিয়ে ভয়ংকৰ পৰিণামৰ সন্মুখীন হ’ব।‘ তেওঁ লগতে এনে ধৰণৰ আঁচনিসমুহ কংগ্ৰেছৰ দিনতে আৰম্ভ হৈছিল বুলি উল্লেখ কৰি কংগ্ৰেছৰ দিনত সকলোৱে সমানে ইয়াৰ সুবিধা পাইছিল বুলি উল্লেখ কৰে।

ইপিনে, পীযুষ হাজৰিকাৰ এই মন্তব্য সন্দৰ্ভত কংগ্ৰেছ বিধায়ক ৰেকিবুদ্দিন আহমেদে কয়, ‘গণতন্ত্ৰত কোনো এক চৰকাৰী আঁচনিৰ অধিকাৰ সকলোৰে বাবে সমান। ইয়াত কোনো দলৰ কথা নাথাকে। মন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ লগে লগে তেওঁ সকলো ৰাইজৰ প্ৰতি দায়বদ্ধ হৈ যায়।‘ তেওঁ লগতে পীযুষ হাজৰিকাই দলীয় সভাত যি মন্তব্য কৰিছে কৰক কিন্তু ৰাইজৰ মাজত যেন তেনে বৈষম্যৰ সৃষ্টি নকৰে তাৰ প্ৰতি আহ্বান জনায়।

পীযুষ হাজৰিকাৰ এই মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰি এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে কয়, ‘এজন মন্ত্ৰীয়ে এন এক পক্ষপাতিত্বমূলক আচৰণ কৰাতো দুৰ্ভাগ্যজনক। এইখন বিজেপিৰ চৰকাৰ নহয়, অসমৰ ৰাইজৰ চৰকাৰ। যদি মন্ত্ৰী এজনে এনেকুৱা এটা মন্তব্য কৰে তেতিয়াহ’লে এই কথা স্পষ্ট যে এই চৰকাৰ কেৱল বিজেপি কৰ্মীসকলৰ। এনেকুৱা এটা মানসিকতা লৈ মন্ত্ৰিত্বৰ গাদী দখল কৰাৰ তেওঁৰ অধিকাৰ নাই। এয়া কৃষকৰ অধিকাৰ, কৃষকক বঞ্চিত কৰি দলৰ কৰ্মীসকলৰ কথা চিন্তা কৰা কথাটো নিতান্তই গৰিহণাৰ যোগ্য। ইছলামে লগতে এই বিষয়টোত মুখ্যমন্ত্ৰী আৰু কৃষিমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰাৰ প্ৰয়োজনীয়তা আছে বুলি মন্তব্য কৰে।

মন্ত্ৰী পীযুষ হাজৰিকাৰ এখন গণতান্ত্ৰিক দেশত ৰাইজৰ সম অধিকাৰক ভেঙুচালি কৰা এই মন্তব্যৰ পাছত চৰকাৰী আঁচনিৰ সম বিতৰণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰবৰ্তী সময়ত লক্ষ্যণীয় হ’ব।

 

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd