• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চলচ্চিত্ৰ পৰিচালক হেমেন দাসক জ্যোতিপ্ৰসাদ আগৰৱালা জীৱনজোৰা সাধনা সন্মান চলচ্চিত্ৰ প্ৰযোজক সন্থাৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
May 28, 2018 6:59 am
জ্যোতিপ্ৰসাদ আগৰৱালা জীৱনজোৰা সাধনা সন্মান
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশিষ্ট চলচ্চিত্ৰ পৰিচালক, লেখক, নাট্যকাৰ, অভিনেতা, সমাজসেৱক হেমেন দাসক প্ৰদান কৰা হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা জীৱনজোৰা সাধনা সন্মান। দেওবাৰে গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতি আই টি এ সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত দাসক এই সন্মান প্ৰদান কৰে সদৌ অসম চলচ্চিত্ৰ প্ৰযোজক সন্থাই।

উল্লেখ্য যে, ৭০ খনতকৈ অধিক নাটক আৰু ৮ খন চলচ্চিত্ৰত অভিনয়, ১৭ খন নাট পৰিচালনা, যুঁজ, মৃগনাভি, আশ্ৰয় আদিকে ধৰি কেবাখনো ছবি পৰিচালনা, নাট আৰু অভিনয় সম্পৰ্কীয় কেবাখনো গ্ৰন্থ প্ৰণয়ন কৰি অসমৰ সাংস্কৃতিক জগতলৈ আগবঢ়োৱা বিশিষ্ট অৱদানৰ বাবে হেমেন দাসক এই সন্মান প্ৰদান কৰে চলচ্চিত্ৰ প্ৰযোজক সন্থাই।

Apply Now

এই অনুষ্ঠানতেই ২০১৭ বৰ্ষত ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সন্মান লাভ কৰা ছয়খন পূৰ্ণদৈৰ্ঘৰ ছবিৰ প্ৰযোজকক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

অনুষ্ঠানত প্ৰযোজকৰ এই সন্মান লাভ কৰে ‘দূৰণিৰ নিৰলা পঁজা’ৰ প্ৰযোজক সঞ্জীৱ নাৰায়ন, ‘চাকনৈয়া’ ছবিৰ বাবে মৃদুল ৰঞ্জন দাস, ‘অন্তৰীণ’ৰ বাবে মানবেন্দ্ৰ অধিকাৰী, ‘সোনাৰ বৰণ পাখি’ৰ বাবে বসন্ত বৰুৱা, ববী শৰ্মা বৰুৱা আৰু অসম চলচিত্ৰ আৰু বিত্ত নিগম, ‘শৈশৱতে ধেমালিতে’ ছবিৰ প্ৰযোজক মণ্ডলীৰ হৈ মুকুল গগৈ আৰু ‘গ্ৰীফ অন এ চানডে মৰ্ণিং (খাণ্ডৱ দাহ)’ ছবিৰ বাবে প্ৰযোজক অনু বৰুৱাই।

ইয়াৰ লগতে চুটিছবি ‘লিয়াকৎ’ৰ বাবে গোপাল জালান, ‘আচোঁৰ’ৰ বাবে জ্যোতিষ কুমাৰ নাথ আৰু ‘মেমৰিজ অৱ এ ফৰগেটন ৱাৰ’ৰ বাবে সুবিমল ভট্টাচাৰ্যক সম্বৰ্ধনা জনোৱা হয়।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট লেখিকা পদ্মশ্ৰী ড: জয়শ্ৰী গোস্বামী মহন্তই কয়, ‘বহু কষ্টৰ মাজেৰে অসমীয়া চলচ্চিত্ৰই প্ৰাণ ধাৰণ কৰিছে। অসমীয়া চলচ্চিত্ৰ উদ্যোগটো ক’ত থমকি ৰৈছে, কিয় থমকি ৰৈছে সেই কথাখিনি চিনাক্ত কৰি উলিয়াই তাক সমাধান কৰাৰ পথত অগ্ৰসৰ হ’ব লাগে। তেতিয়াহে অসমীয়া চলচ্চিত্ৰৰ ক্ষেত্ৰখন উজ্জ্বল-সুজ্জ্বল-প্ৰজ্জ্বলিত হৈ থাকিব।‘

অনুষ্ঠানত বিশিষ্ট অভিনেতা তথা জ্যেষ্ঠ অধিবক্তা দীলিপ কুমাৰ হাজৰিকা, পৰিচালক পুলক গগৈ, দাৰা আহমেদ, জ্যোতি চিত্ৰবনৰ অধ্যক্ষ পবিত্ৰ মাৰ্ঘেৰিটা, অসম চলচিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমৰ অধ্যক্ষ অভিনেতা যতীন বৰা প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

July 8, 2026 2:35 pm
মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

July 8, 2026 1:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd