• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জুবিনৰ কাষত থিয় দিলে লামডিঙৰ নাগৰিক সমাজ; দুষ্টচক্ৰৰ অতপালি অব্যাহত

এন ই নাও নিউজ by এন ই নাও নিউজ
May 16, 2018 9:01 am
zubeen
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জুবিন গাৰ্গৰ সমৰ্থনত ওলাই আহিল লামডিঙৰ নাগৰিক সমাজ। ১৫ মে’ স্থানীয় জ্যেষ্ঠ লোকসকলে এখন নাগৰিক সভা পাতি জুবিনৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱাসকলক গৰিহণা দিয়াৰ লগতে কোনো কাৰণতে জুবিনক অপমান কৰিবলৈ দিয়া নহয় আৰু জুবিনে অনুষ্ঠান পৰিৱেশন কৰিবই বুলি দাবী কৰে।

উল্লেখযোগ্য যে অহা ১৯ আৰু ২০ মে’ত অনুষ্ঠিত হ’ব লগীয়া লামডিং সৰ্বজনীন ৰঙালী বিহু সন্মিলনলৈ জুবিন গাৰ্গক সংগীত পৰিৱেশনৰ বাবে আমন্ত্ৰণ কৰা হৈছে। কিন্তু তাৰ আগমুহূৰ্তত যোৱা ১৪ মে’ত শিল্পীগৰাকীৰ বিৰুদ্ধে লামডিঙৰ এটা বাঙালী দুষ্টচক্ৰই Lumding United নামৰ এটা ফেইচবুক পেইজৰ পৰা জুবিনক সকীয়নি দিছিল। কেৱল সেয়াই নহয়, অসমীয়া জাতিৰ প্ৰতি বিৰূপ মন্তব্যও কৰিছিল পোষ্টটোত।

Apply Now

এই দুষ্ট চক্ৰটোৰ বিৰুদ্ধে ইতিমধ্যে সমগ্ৰ ৰাজ্যতে প্ৰতিক্ৰিয়া হোৱা দেখা গৈছে। লামডিঙৰ সচেতন নাগৰিকসকলেও অসমীয়া আৰু বাঙালীৰ মাজত সম্প্ৰীতি বিনষ্ট কৰিব খোজা এনে প্ৰয়াসক গৰিহণা দিয়া দেখা গৈছে।

১৫ মে’ত এই বিষয়টোক কেন্দ্ৰ কৰি চহৰখনৰ চহিদ মৈদানত আৰক্ষী প্ৰশাসন, জিলা প্ৰশাসন আৰু সচেতন নাগৰিকক লৈ এখন নাগৰিক সভা অনুষ্ঠিত কৰা হয়। সভাখনত লামডিং সমষ্টিৰ বিধায়ক তথা ৪৭ সংখ্যক লামডিং সৰ্বজনীন ৰঙালী বিহু সন্মিলনৰ সভাপতি সুপ্ৰিয় মিশ্ৰ, হোজাই জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, উপ-আৰক্ষী অধীক্ষক (প্ৰ) ভনিতা নাথ, লংকা ৰাজহ চক্ৰ বিষয়া ডাঃ গৰ্গমোহন দাস, লামডিং থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুনীন্দ্ৰ নাথ চমুৱা, ৰঙালী বিহু সন্মিলনৰ সাধাৰণ সম্পাদক জয়ন্ত দাস, অঞ্চলটোৰ জ্যেষ্ঠ সাংবাদিক অনিমেষ মজুমদাৰ, লামডিং মণ্ডল বিজেপিৰ সভাপতি বিপুল দাস, কংগ্ৰেছৰ মাণিক গুপ্তা, প্ৰদীপ শীল, বংকু দেৰ লগতে আন ভালেসংখ্যক লোক উপস্থিত আছিল।

সকলো বক্তাই দুষ্ট চক্ৰটোৰ অপপ্ৰচাৰক গৰিহণা দিয়াৰ লগতে অঞ্চলটোত পূৰ্বৰে পৰাই বিহু আৰু দুৰ্গাপূজা পাতি অহাৰ কথাটো উদাহৰণসহ দাঙি ধৰে। বিধায়ক সুপ্ৰিয় মিশ্ৰই কয় যে বহু বছৰৰে পৰা চহৰখনত বিহুত বঙালী, অসমীয়াৰ লগতে আন ভাষা-ভাষীৰ লোকেও অংশগ্ৰহণ কৰি অসমীয়াৰ জাতীয় উৎসৱ অনুষ্ঠিত কৰি আহিছে। তেনেদৰে, বিভিন্ন পূজাসমূহতো সকলোৱে অংশগ্ৰহণ কৰি একতাৰ চিন দাঙি ধৰি আহিছে। কিন্তু কেইজনমান যুৱকে জুবিন গাৰ্গক উদ্দেশ্যি কু-মন্তব্য কৰাটো দুৰ্ভাগ্যজনক আৰু লজ্জাজনক বুলি কয়।

আনহাতে অতিৰিক্ত আৰক্ষী অধীক্ষকজনে নিজৰ বক্তব্যত এই দুষ্ট চক্ৰটোৰ কাণ্ডৰ তদন্ত কৰা হ’ব আৰু এওঁলোকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লোৱা হ’ব বুলি কয়।

মন কৰিব লগীয়া কথাটো হ’ল- এই নাগৰিক সভাৰ মাজতো আৰু স্থানীয় বিধায়ক, আৰক্ষী-প্ৰশাসনৰ লোক উপস্থিত থকাৰ পিছতো একাংশই সভাখন বিঘ্নিত কৰিবলৈ চেষ্টা চলোৱা দেখা গ’ল। এওঁলোকৰ অতপালিৰ বাবেই বিধায়কৰ ভাষণ আধৰুৱা হৈ থকা অৱস্থাতে সভাখন চহিদ ভৱনৰ পৰা বাহিৰৰ বীৰ লাচিত ভৱনলৈ স্থানান্তৰ কৰিব লগীয়া হয়। পিছত তাতো সভাখন আনুষ্ঠানিকতা নোহোৱাকৈয়ে সমাপ্ত কৰিব লগীয়া হ’ল। অৰ্থাৎ দুষ্ট চক্ৰৰ চক্ৰান্ত যে এতিয়াও অব্যাহত আছে সেয়া কালিৰ সভাখনৰ সময়তে প্ৰমাণ হ’ল।

এনে পৰিপ্ৰেক্ষিতত জুবিন গাৰ্গে তাত কিমান নিৰাপদে অনুষ্ঠান পৰিৱেশন কৰিব পাৰিব সেই লৈ শংকাৰ সৃষ্টি হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd