• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিমা হাচাওতো দাবী উঠিল নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ; হাফলঙত শুনানি গ্ৰহণৰ আহ্বান আডছুৰ

পংকজকুমাৰ দেব by পংকজকুমাৰ দেব
May 13, 2018 4:02 pm
নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত সংবাদমেলত সদৌ ডিমাচা ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল।

নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত সংবাদমেলত সদৌ ডিমাচা ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰাৰ লগতে এই বিধেয়কৰ বিষয়ে ৰাইজৰ মতামত ল’বলৈ কেন্দ্ৰীয় চৰকাৰে গঠন কৰা যুটীয়া সংসদীয় সমিতিক ডিমা হাচাও জিলাৰ হাফলঙত উপস্থিত হৈ বিভিন্ন দল-সংগঠনৰ শুনানি গ্ৰহণ কৰাৰ আহ্বান জনাইছে সদৌ ডিমাচা ছাত্ৰ সন্থা বা চমুকৈ আডছুৱে।

ছাত্ৰ সন্থাটোৰ কেন্দ্ৰীয় উপদেষ্টা প্ৰফুল্ল হাপিলাই কেন্দ্ৰীয় চৰকাৰৰ হিন্দু বাংলাদেশীপ্ৰীতিক সমালোচনা কৰাৰ লগতে ৰাজ্য চৰকাৰৰ দুমুখীয়া নীতিৰো তীব্ৰ সমালোচনা কৰে।

Apply Now

উল্লেখযোগ্য যে আজি হাফলঙৰ জিলা কাৰ্যালয়ত সদৌ ডিমাচা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ বৈঠক অনুষ্ঠিত হয়, য’ত নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ দীৰ্ঘ আলোচনা হয়। আলোচনাত কেন্দ্ৰীয় নেতৃত্বৰ উপৰি জিলা সভাপতি উত্তম লাংঠাচা, সচিব অনুজ কেম্প্ৰাই, সঞ্জীৱন লাংঠাচা, কেন্দ্ৰীয় কমিটীৰ সাধাৰণ সচিব মাইৰিং জহৰী, সাংগঠনিক সচিব স্বদীপ হাচাম প্ৰমুখ্যে বিষয়ববীয়া উপস্থিত আছিল।

কাৰ্যনিৰ্বাহক সমিতিৰ বৈঠকৰ পাছত সদৌ ডিমাচা ছাত্ৰ সন্থাৰ (আডছু)ৰ কেন্দ্ৰীয় উপদেষ্টা প্ৰফুল্ল হাপিলা, কেন্দ্ৰীয় সভাপতি নবীন জহৰীয়ে  সংবাদমেল সম্বোধন কৰে। সংবাদমেলত কেন্দ্ৰীয় চৰকাৰৰ হিন্দু বাংলাদেশীক নাগৰিকত্ব সংশোধনীৰ মাধ্যমৰে সংস্থাপন দিয়াৰ প্ৰয়াসক কঠোৰ ভাষাৰে সমালোচনা কৰে আডছুৰ কেন্দ্ৰীয় উপদেষ্টা প্ৰফুল্ল হাপিলাই।

হাপিলাই কয় যে বিজেপি মিত্ৰজোঁটৰ চৰকাৰ গঠন হোৱাৰ আগে আগে অসমৰ বৰ্তমান মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছিল, “ এইবাৰৰ নিৰ্বাচন হ’ব দ্বিতীয় শৰাইঘাটৰ ৰণ।” আনহাতে বৰ্তমান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও কৈছিল যে ১৬ মে’ৰ পাছত অবৈধ বাংলাদেশীসকলে টালি-টোপোলা বান্ধি অসম বা ভাৰতবৰ্ষ এৰিব লাগিব।

কিন্তু বাস্তৱত কেন্দ্ৰীয় চৰকাৰে বাংলাদেশী নাগৰিকক ৰঙা দলিচাৰে আমন্ত্ৰণ দিয়াৰ কাৰণে এই  নাগৰিকত্ব বিধেয়ক আনিব বিচাৰিছে। সেই কাৰণে সদৌ ডিমাচা ছাত্ৰ সংগঠনে কেতিয়াও এই বিধেয়ক সমৰ্থন নকৰে। হাপিলাই লগতে কয়, “আমি ইয়াৰ আগতে ৰাজ্যৰ ২৮টা সংগঠনৰ সৈতে যুটীয়াভাৱে নাগৰিকত্ব বিধেয়কৰ বিৰোধিতাৰে যুটীয়া সংসদীয় সমিতিক স্মাৰকপত্ৰ দিছো। ইয়াৰ উপৰি আডছুয়ে নিজাববীয়াকৈও জেপিচিক দিল্লীত লগ কৰি নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে স্মাৰকপত্ৰ প্ৰদান কৰিছো। তেওঁ স্পষ্ট কৰি দি কয় যে কোনো কাৰণতেই নাগৰিকত্ব বিধেয়ক আইনত পৰিণত হ’বলৈ দিয়া নহ’ব।

হাপিলাই লগতে কয় যে আজি অসমত অবৈধ অনুপ্ৰৱেশকাৰীৰ আগ্ৰাসনত ভূমিপুত্ৰ সকলৰ অস্তিত্ব সংকটত উপনীত হৈছে। ট্ৰাইবেল বেল্টৰ ভূমি বেদখল হৈছে।  কিন্তু দুৰ্ভাগ্যৰ কথাটো হ’ল যে কংগ্ৰেছ চৰকাৰে যোৱা পোন্ধৰ বছৰ অসমক ধ্বংসৰ পথত ঠেলি দিয়াৰ বিপৰীতে বৰ্তমান সোণোৱাল চৰকাৰে ভূমিপুত্ৰৰ উন্নয়ন বা সুৰক্ষাক বাদদি বাংলাদেশীপ্ৰীতিত ব্যস্ত।

তেওঁ লগতে ডিমা হাচাও জিলাৰ প্ৰসংগ টানি আনি কয়, “ইয়াত ১৯৫২ চনত সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত স্বায়ত্তশাসিত পৰিষদ গঠন কৰা হ’লেও চৰকাৰ বা পৰিষদে বহিৰাগত নাগৰিকৰ অনুপ্ৰৱেশত তেনে গুৰুত্ব দিয়া নাই। তেওঁ এনে ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ আন্তৰিকতাক লৈ প্ৰশ্ন উত্থাপন কৰে। কাৰণ কাজিৰঙা বা ৰাজ্যৰ অন্যান্য প্ৰান্তত উচ্ছেদ অভিযান চলোৱা হ’লেও ট্ৰাইবেল বেল্টত উচ্ছেদ হোৱা নাই।

সংবাদ মেলত  সদৌ ডিমাচা ছাত্ৰ সংগঠনৰ কেন্দ্ৰীয় সভাপতি নবীন জহৰীয়েও একেমুখে কেন্দ্ৰীয় চৰকাৰৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমালোচনা কৰি যুটীয়া সংসদীয় সমিতিক হাফলংত উপস্থিত হৈ পাহাৰীয়া জিলাৰ বিভিন্ন দল-সংগঠনৰ শুনানি গ্ৰহণৰ কাৰণে আহ্বান জনায়।

পংকজকুমাৰ দেব

পংকজকুমাৰ দেব

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোৰ কোনো ব্যক্তিগত স্বাৰ্থ নাই, ইথানল নীতিক লৈ গভীৰ ষড়যন্ত্ৰ চলিছে: নিতিন গাডকাৰী

মোৰ কোনো ব্যক্তিগত স্বাৰ্থ নাই, ইথানল নীতিক লৈ গভীৰ ষড়যন্ত্ৰ চলিছে: নিতিন গাডকাৰী

July 8, 2026 8:05 pm
কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

July 8, 2026 2:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোৰ কোনো ব্যক্তিগত স্বাৰ্থ নাই, ইথানল নীতিক লৈ গভীৰ ষড়যন্ত্ৰ চলিছে: নিতিন গাডকাৰী

মোৰ কোনো ব্যক্তিগত স্বাৰ্থ নাই, ইথানল নীতিক লৈ গভীৰ ষড়যন্ত্ৰ চলিছে: নিতিন গাডকাৰী

July 8, 2026 8:05 pm
কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd