• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘দেশদ্ৰোহী’ক মুক্তি আৰক্ষীৰ; পাকিস্তান জিন্দাবাদ-হিন্দুস্তান মুৰ্দাবাদৰ আচল অভিযুক্ত জ্যোতিষ নাথক আটক

এন ই নাও নিউজ by এন ই নাও নিউজ
June 4, 2018 8:11 pm
Ahedul_Ali

আহেদুল আলীৰ ফেইচবুক একাউণ্টটোৰ পৰা দিয়া বিতৰ্কিত পোষ্টটো। ফটো : ফেইচবুকৰ সৌজন্যত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ সাতামপুৰুষীয়া সম্প্ৰীতি বাৰে বাৰে বিঘ্নিত কৰিব খোজা দুষ্টচক্ৰৰ আন এটা প্ৰয়াসক সফলভাৱে চিনাক্ত কৰিবলৈ আৰক্ষী সক্ষম হৈছে।

উল্লেখযোগ্য যে অসম বিজেপিৰ সভাপতি তথা বিধায়ক ৰঞ্জিত দাসৰ সমষ্টি বৰপেটাৰ সৰভোগত কালি ছ’চিয়েল মিডিয়াত পাকিস্তান জিন্দাবাদ, হিন্দুস্তান মুৰ্দাবাদ বুলি পোষ্ট দিয়াৰ ঘটনাক কেন্দ্ৰ কৰি উত্তেজনা বিয়পি পৰিছিল।

Apply Now

ইয়াৰ পিছতে আৰক্ষীয়ে তৎপৰতাৰে এই পোষ্টটো দিয়া ফেইচবুক একাউণ্টটোৰ গৰাকী আহেদুল আলীক সন্ধিয়াক আটক কৰিছিল। কিন্তু উত্তেজিত জনতাই এই অভিযোগতে কালি আহেদুল আলীৰ দোকানখনো জ্বলাই দিছিল আৰু এক ব্যাপক আইন-শৃংখলাজনিত সমস্যাৰ সৃষ্টি কৰিছিল।

আনকি ‘দেশদ্ৰোহী’ আলীক গ্ৰেপ্তাৰৰ দাবীত সৰভোগ থানাও ঘেৰাও কৰিছিল প্ৰতিবাদকাৰীসকলে। স্থানীয় বিজেপি আৰু আৰ এছ এছ কৰ্মকৰ্তাই আৰক্ষীক খবৰ দিছিল আৰু আলীক গ্ৰেপ্তাৰৰ দাবী তুলিছিল। লগতে তেওঁলোকক পাকিস্তান মুৰ্দাবাদ দিয়াও দেখা গৈছিল।

আৰক্ষীয়ে তৎপৰতাৰে প্ৰাথমিক তদন্ত কৰি কালি ৰাতিয়েই একাউণ্টটোৰ গৰাকী তথা ব্যৱসায়ী যুৱক আহেদুল আলীক সোধা-পোছাৰ বাবে আটক কৰে। কিন্তু সোধা-পোছাৰ পিছত আৰক্ষীয়ে আচল কথাৰ পম বিচাৰি পায়। সোধা-পোছাৰ পিছত আৰক্ষীয়ে গম পায় যে আহেদুল আলীয়ে ভালকৈ ফেইচবুক একাউণ্ট চলাবই নাজানে। তেতিয়া উৰহী গছৰ ওৰ ওলাই পৰে। আহেদুল আলীয়ে তেওঁৰ একাউণ্টটো জ্যোতিষ নাথ নামৰ বন্ধু এজনে খুলি দিছিল। লগতে তেওঁ এনেকুৱা কোনো পোষ্ট দিয়া নাছিল বুলিও দাবী কৰে।

JyotishNath
আচল অভিযুক্ত জ্যোতিষ নাথ।

আৰক্ষীয়ে এই সূত্ৰৰ আঁত ধৰি সৰভোগৰ ৰামপুৰ গাৱঁৰ জ্যোতিষ নাথ নামৰ যুৱকজনৰ সন্ধানত নামি পৰে আৰু তেওঁক আটক কৰে। সোধা-পোছাৰ অন্তত তেওঁ নিজৰ মুখেৰে এই অপকৰ্মৰ কথা স্বীকাৰ কৰে। তেওঁ আহেদুল আলীৰ একাউণ্টটো ডেৰ বছৰমানৰ পূৰ্বে খুলি দিয়া বুলি আৰু পাছৱ’ৰ্ড জনা বুলি আৰক্ষীৰ আগত কোৱাৰ লগতে এই বিতৰ্কিত পোষ্টটো তেৱেঁ দিয়া বুলিও স্বীকাৰ কৰে।

মন কৰিব লগীয়া যে কিছু দিন পূৰ্বে নলবাৰী জিলাৰ বেলশৰতো আইছিছৰ পতাকা উদ্ধাৰ হোৱা ঘটনা সন্দৰ্ভত বিজেপিৰ কৰ্মকৰ্তাক সোধা-পোছাৰ বাবে আটক কৰিছিল উক্ত ঘটনাত আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেদি পুৱতি নিশাতে বিজেপি কৰ্মী ক্ৰমে- কৈহাটীৰ পৰা তপন বৰ্মন, চামতাৰ পৰা মোজাম্মিল আলী, বৰুৱাকুৰৰ পৰা মুন আলী, বেলশৰৰ পৰা পুলক বৰ্মন, পিপলিবাৰীৰ পৰা দীপজ্যোতি ঠাকুৰীয়া, সৰজ্যোতি বৈশ্য আৰু খেলুৱা পাটোৱাৰীক সোধা-পোছাৰ বাবে আটক কৰিছিল।

বৰপেটাৰ পৰা পুলেন্দ্ৰ দাস :

ফেইচবুক একাউণ্টটোৰ গৰাকী আহেদুল আলীক মুক্তি দিলে আৰক্ষীয়ে

কালি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ গৃহ সমষ্টি সৰভোগত এজন ব্যক্তিয়ে ফেইচবুকত পাকিস্তানৰ জিন্দাবাদ আৰু হিন্দুস্তানৰ মুৰ্দাবাদ দি পোষ্ট দিয়াক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি সৃষ্টি  হোৱাৰ পিছত আজি ঘটনাই নতুন মোৰ লয়। এই সন্দৰ্ভত আৰক্ষীয়ে উক্ত ফেইচবুক একাউণ্টৰ গৰাকী আহেদুল আলীক কালি সন্ধিয়াই আটক কৰিছিল যদিও আজি সৰভোগ আৰক্ষীয়ে অনুসন্ধান কৰি ঘটনাৰ মূল অভিযুক্ত সৰভোগৰ ৰামপুৰ গাৱঁৰ জ্যোতিষ নাথ নামৰ যুৱকজনক আজি পুৱতি নিশা আৰক্ষীয়ে আটক কৰে ৷

আৰক্ষীৰ জেৰাত জ্যোতিষ নাথ নামৰ যুৱকজনে আহেদুল আলীৰ ফেইচবুক একাউণ্ট হেক কৰি ফেচবুকত পাকিস্তান জিন্দাবাদ, হিন্দুস্তান মুৰ্দাবাদ বুলি এটি পোষ্ট আপডেট দিয়াটো স্বীকাৰ কৰে। আহেদুলৰ  আলীৰ সৈতে থকা ব্যক্তিগত শত্ৰুতাৰ বাবেই আহেদুল আলীক বিপদত পেলাবৰ বাবেই আহেদুলৰ ফেচবুক একাউন্ট হেক কৰি  ফেচবুকত উত্তেজক মন্তব্য দিয়াৰ কথা জ্যোতিষ নাথে স্বীকাৰ কৰা বুলি আৰক্ষীৰ পৰা জানিব পৰা গৈছে।

ইপিনে ফেইচবুক একাউণ্টৰ গৰাকী আহেদুল আলীক আজি বিয়লিৰ ভাগত আৰক্ষীয়ে মুক্ত কৰি দিয়া বুলি জানিব পৰা গৈছে। অসম আৰক্ষীয়ে তৎপৰতাৰে অনুসন্ধান কৰি সাতামপুৰুষীয়া সম্প্ৰীতি বিনষ্ট কৰিব বিচৰা ঘটনাৰ মূল অভিযুক্তক আটক কৰাক অসম আৰক্ষীৰ বৃহৎ সফলতা বুলি স্বীকাৰ কৰিছে সচেতন ৰাইজে।

এই ঘটনা সন্দৰ্ভত গৰীয়া-মৰীয়া দেশী জাতীয় পৰিষদৰ বৰপেটা জিলা সমিতিৰ উপ-সভাপতি মুকুল আলীয়ে জনায় যে সৰভোগ সমষ্টিত হিন্দু-মুছলমানৰ মাজত সংঘাত সৃষ্টি কৰিবলৈ এটি বিশেষ চক্ৰ তৎপৰ হৈ আছে। এনে চক্ৰক নিঃশেষ কৰি অঞ্চলটোৰ সাতামপুৰুষীয়া সম্প্ৰীতি অক্ষুণ্ণ ৰখাৰ বাবে আৰক্ষী প্ৰশাসনক আহ্বান জনাইছে নেতা গৰাকীয়ে।

তলত দিয়া ভিডিঅ’টো মুন্না আহমেদৰ পৰা পোৱা গৈছে।

https://youtu.be/0Pc_miNVqS4

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

August 26, 2026 7:44 pm
পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

August 26, 2026 7:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd