• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকত্ব বিধেয়ক, নাগৰিকপঞ্জী আৰু সাংবিধানিক ৰক্ষা কৱচ সম্পৰ্কত যৌথ সংগ্ৰামৰ সিদ্ধান্ত আছু-সাহিত্য সভাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 25, 2018 7:02 am
গুৱাহাটীৰ শ্বহীদ ভৱনত অনুষ্ঠিত এখন যৌথ সভাত আছু আৰু সাহিত্য সভাৰ প্ৰতিনিধিসকল। ফটো : ইউ বি

গুৱাহাটীৰ শ্বহীদ ভৱনত অনুষ্ঠিত এখন যৌথ সভাত আছু আৰু সাহিত্য সভাৰ প্ৰতিনিধিসকল। ফটো : ইউ বি

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সদৌ অসম ছাত্ৰ সন্থা আৰু অসম সাহিত্য সভাৰ বৃহস্পতিবাৰে গুৱাহাটীৰ শ্বহীদ ভৱনত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ, সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈ আৰু মুখ্য উপদেষ্টা ড০ সমুজ্বল কুমাৰ ভট্টাচাৰ্যৰ নেতৃত্বত আছুৰ এটি দলে আলোচনাত অংশগ্ৰহণ কৰে। আনহাতে অসম সাহিত্য সভাৰ তৰফৰ পৰা সভাপতি ড০ পৰমানন্দ ৰাজবংশী, সাধাৰণ সম্পাদক পদুম ৰাজখোৱা আৰু কৰ্ণধাৰ সমিতিৰ ড০ বলেন্দ্ৰ কুমাৰ দাস সহ এটি প্ৰতিনিধি দলে সভাত অংশ গ্ৰহণ কৰে।

দুয়োটা প্ৰতিনিধি দলৰ মাজত হোৱা আলোচনাৰ পিছত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ ভিতৰত আছে নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬’ৰ বিৰোধিতা, অসম চুক্তিৰ ৰূপায়ন আৰু সাংবিধানিক ৰক্ষা কৱচৰ দাবী।

Apply Now

সভাই নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬’ৰ তীব্ৰ বিৰোধিতা কৰাৰ কথা দোহাৰি যৌথ সভাই জাতিধ্বংসী বিধেয়কখন শীঘ্ৰেই প্ৰত্যাহাৰ কৰাৰ দাবী জনাইছে। সভাই লগতে চৰকাৰক অসমীয়া খিলঞ্জীয়া লোকৰ পক্ষত থাকি বিধেয়কখন বাতিলৰ বাবে দৃঢ় পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনায়।

আছু আৰু সাহিত্য সভাই অসম চুক্তি ৰূপায়নৰ বাবে সময় নিৰ্দ্ধাৰিত কাৰ্যসূচী গ্ৰহণৰ পোষকতা কৰে। অসম চুক্তিৰ আধাৰত অসমৰ খিলঞ্জীয়া লোকক শীঘ্ৰেই সাংবিধানিক ৰক্ষা কৱচ প্ৰদান কৰাৰো দাবী কৰিছে যৌথ সভাই।

ভাৰত-বাংলা সীমান্ত যুদ্ধকালীনভাৱে ছীল কৰাৰ বাবে দাবী জনোৱাৰ লগতে অসম চুক্তিৰ আধাৰত ১৯৭১ চনৰ পিছৰ অবৈধ বাংলাদেশী বহিস্কাৰৰ বাবে ভাৰত-বাংলাদেশৰ মাজত দ্বিপাক্ষিক চুক্তি সম্পাদনৰ দাবী জনায়।

সভাই উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত তথা তদাৰকীত চলি থকা নাগৰিকপঞ্জী উন্নীতকৰণৰ কামত পূৰ্বৰ দৰে সহযোগিতা আগবঢ়াই যোৱাৰ কথা দোহাৰে। আনহাতে, নাগৰিক পঞ্জী উন্নীতকৰণৰ কামত জড়িত বিষয়া-কৰ্মচাৰীসকলক জাতীয় দায়িত্ব হিচাপে গ্ৰহণ কৰি দুগুণ উৎসাহেৰে কাম কৰি যাবলৈ আহ্বান জনায়। তদুপৰি সভাই খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ প্ৰতিশ্ৰুতি দি অহা জনপ্ৰতিনিধিসকলকো শুদ্ধ নাগৰিক পঞ্জী প্ৰস্তুত কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

অহা ২৭ মে’ত অসম সাহিত্য সভাই আয়োজন কৰা জাতীয় অভিৱৰ্তনখন সফল কৰি তোলাৰ ক্ষেত্ৰত আছুৱে সহোগিতা আগবঢ়াব। একেদৰে ২৯ মে’ত আছু আৰু ২৮ টা জনগোষ্ঠীয় সংগঠনে গুৱাহাটীৰ চানমাৰি খেলপথাৰত আয়োজন কৰা গণ অনশন কাৰ্যসূচীত সাহিত্য সভাৰ এটি দলে অংশগ্ৰহণ কৰিব বুলি জানিব দিয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

October 3, 2026 7:16 pm
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

October 3, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd