• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকত্ব বিধেয়ক সন্দর্ভত প্ৰতিবেদন দাখিলৰ বাবে অধিক সময় বিচাৰিলে যুটীয়া সংসদীয় সমিতিয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
July 29, 2018 12:08 pm
parliament-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব আইন সংশোধনী বিধেয়ক সন্দৰ্ভত যুটীয়া সমিতিক সংসদৰ চলিত বৰ্ষাকালীন অধিৱেশনৰ অন্তিম সপ্তাহত প্ৰতিবেদন দাখিলৰ কাৰণে সময় নিৰ্ধাৰণ কৰি দিয়া হৈছিল। কিন্তু সমিতিৰ অধ্যক্ষ ৰাজেন্দ্ৰ আগৰৱালাই প্ৰতিবেদন দাখিলৰ  সময় বৃদ্ধিৰ বাবে জনোৱা আবেদনৰ পৰিপ্ৰেক্ষিতত এতিয়া শীতকালীন অধিৱেশনতহে উক্ত প্ৰতিবেদন দাখিলৰ সম্ভাৱনা আছে।

শেহতীয়াকৈ ক্ষেত্ৰভিত্তিক অধ্যয়নৰ বাবে অধ্যক্ষ ৰাজেন্দ্ৰ আগৰৱালাৰ নেতৃত্বত সমিতিয়ে যোৱা ৭ মে’ৰ পৰা ১১ মে’লৈ গুৱাহাটী, শিলচৰ আৰু শ্বিলং ভ্ৰমণ কৰাৰ অন্তত এই বিষয়টো সন্দৰ্ভত অধিক ৰাজ্য ভ্ৰমণ কৰাৰ প্ৰয়োজন অনুভৱ কৰি  প্ৰতিবেদন দাখিলৰ সময় বৃদ্ধিৰ বাবে অধ্যক্ষই সংসদত অনুৰোধ জনাইছে।

Apply Now

অধ্যক্ষ ৰাজেন্দ্ৰ আগৰৱালাই প্ৰতিবেদন দাখিলৰ সময় বৃদ্ধিৰ বাবে আবেদন জনাই এইক্ষেত্ৰত এক প্ৰস্তাৱ গ্ৰহণ কৰাৰ বাবেও সদনত দাখিল কৰা পত্ৰত অনুৰোধ জনাইছে। তেওঁ উল্লেখ কৰিছে যে শেহতীয়া ভ্ৰমণৰ সময়ত সমিতিয়ে প্ৰায় ৪৪৭টা দল-সংগঠন তথা ব্যক্তি বিশেষৰ মতামত গ্ৰহণ কৰিছিল। বিধেয়কখন সন্দৰ্ভত কোনো চূড়ান্ত প্ৰতিবেদন প্ৰস্তুত কৰাৰ পূৰ্বে সমিতিয়ে অধিক ৰাজ্য ভ্ৰমণ কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছে।

তদুপৰি, বৃহৎসংখ্যক প্ৰব্ৰজনকাৰী থকা বুলি সন্দেহ কৰা ৰাজ্যসমূহৰ জনসাধাৰণৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি বিষয়টো অধিক দল-সংগঠন তথা ব্যক্তিৰ মতামত গ্ৰহণ কৰিব লাগিব বুলিও অধ্যক্ষই উক্ত পত্ৰখনত উল্লেখ কৰিছে।

আনহাতে, ১৯৫৫ চনৰ নাগৰিকত্ব আইনৰ সৈতে জড়িত কেতবোৰ বিষয় উচ্চতম ন্যায়ালয়ৰ বিবেচনাধীন হৈ থকাৰ কথা উল্লেখ কৰি অধ্যক্ষ আগৰৱালাই বিষয়টো সন্দৰ্ভত গৃহ মন্ত্ৰ্যালয়ক বিষয়সমূহৰ অগ্ৰগতি সন্দৰ্ভত সমিতিক নিয়মীয়াকৈ অৱগত কৰাৰ বাবে অনুৰোধ জনোৱাৰ কথাও পত্ৰখনত উল্লেখ কৰিছে।

ইপিনে, অসমত সম্পূৰ্ণ হ’বলৈ আগবঢ়া ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীয়েও বিধেয়কখনত প্ৰভাৱ পেলাব বুলি তেওঁ উল্লেখ কৰি সকলো দিশৰ প্ৰতি লক্ষ্য ৰাখি  নাগৰিকত্ব আইন সংশোধনী বিধেয়ক সন্দৰ্ভত প্ৰতিবেদন দাখিলৰ বাবে সমিতিক অধিক সময় প্ৰদান কৰিবলৈ অধ্যক্ষই অনুৰোধ জনাইছে। তেওঁ লগতে এইক্ষেত্ৰত এক প্ৰস্তাৱ গ্ৰহণ কৰিবলৈও সংসদক অনুৰোধ জনাইছে।

অধ্যক্ষই চলিত বৰ্ষৰ শীতকালীন অধিৱেশনৰ অন্তিম সপ্তাহৰ প্ৰথম দিনটোলৈকে সমিতিক নিজৰ প্ৰতিবেদন দাখিলৰ কাৰণে সময় বৃদ্ধি কৰিবলৈ উক্ত পত্ৰখনত উল্লেখ কৰিছে। দুই এদিনতে সদনত এই বিষয়ে প্ৰস্তাৱ গ্ৰহণ কৰাৰ লগতে সংসদে এই সময় বৃদ্ধিত অনুমোদন জনোৱাৰ সম্ভাৱনা আছে। উল্লেখ্য যে সমিতিৰ প্ৰতিবেদন দাখিলৰ সময় ইয়াৰ পূৰ্বে ইতিমধ্যে পাঁচবাৰ বৃদ্ধি কৰা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব জুবিন গাৰ্গৰ প্ৰথম মৃত্যুবাৰ্ষিকী : ১৭ ছেপ্টেম্বৰত পালন হ’ব ‘জুবিন দিৱস’

তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব জুবিন গাৰ্গৰ প্ৰথম মৃত্যুবাৰ্ষিকী : ১৭ ছেপ্টেম্বৰত পালন হ’ব ‘জুবিন দিৱস’

September 2, 2026 5:09 pm
তামিলনাডুৰ ৫২টা মন্দিৰত স্মাৰ্টফোন ব্যৱহাৰত নিষেধাজ্ঞা : কিন্তু কিয়?

তামিলনাডুৰ ৫২টা মন্দিৰত স্মাৰ্টফোন ব্যৱহাৰত নিষেধাজ্ঞা : কিন্তু কিয়?

September 2, 2026 4:09 pm
ভুলতো নাখাব বানত উটি অহা মাছ : বৰ্ন্যাতক সতৰ্কবাণী প্ৰশাসনৰ

ভুলতো নাখাব বানত উটি অহা মাছ : বৰ্ন্যাতক সতৰ্কবাণী প্ৰশাসনৰ

September 2, 2026 3:18 pm
অটোমোবাইল খণ্ডত উত্তৰ-পূৰ্বৰ জয়যাত্ৰা: ‘ৱমেন ইন এফএডিএ’ৰ অধ্যক্ষা হিচাপে নিযুক্ত অৰুণাচলৰ পেমা ৱাই কে লয়ীক

অটোমোবাইল খণ্ডত উত্তৰ-পূৰ্বৰ জয়যাত্ৰা: ‘ৱমেন ইন এফএডিএ’ৰ অধ্যক্ষা হিচাপে নিযুক্ত অৰুণাচলৰ পেমা ৱাই কে লয়ীক

September 2, 2026 2:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব জুবিন গাৰ্গৰ প্ৰথম মৃত্যুবাৰ্ষিকী : ১৭ ছেপ্টেম্বৰত পালন হ’ব ‘জুবিন দিৱস’

তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব জুবিন গাৰ্গৰ প্ৰথম মৃত্যুবাৰ্ষিকী : ১৭ ছেপ্টেম্বৰত পালন হ’ব ‘জুবিন দিৱস’

September 2, 2026 5:09 pm
তামিলনাডুৰ ৫২টা মন্দিৰত স্মাৰ্টফোন ব্যৱহাৰত নিষেধাজ্ঞা : কিন্তু কিয়?

তামিলনাডুৰ ৫২টা মন্দিৰত স্মাৰ্টফোন ব্যৱহাৰত নিষেধাজ্ঞা : কিন্তু কিয়?

September 2, 2026 4:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd