• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

নাগৰিকত্ব বিধেয়ক : ৩০ জুনলৈ অপেক্ষাৰ অন্তৰালত অভিসন্ধি কি বিজেপিৰ?

ভাস্কৰজ্যোতি বৰা by ভাস্কৰজ্যোতি বৰা
June 7, 2018 4:35 pm
06-06-18 Guwahati- AASU & karmachari parisad rally
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ক্ৰমাৎ প্ৰতিবাদ তীব্ৰ হৈ অহাৰ লগে লগে অসম চৰকাৰ তথা বিজেপিৰ ভাষ্যও মন কৰিবলগীয়া হৈ পৰিছে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ ক্ষেত্ৰত ৩০ জুনৰ পিছতহে চৰকাৰে মতামত প্ৰকাশ কৰিব। বিজেপিয়েও তেতিয়াহে নিজৰ স্থিতিৰ কথা ক’ব। এই ক্ষেত্ৰত চৰকাৰৰ স্থিতিক লৈ প্ৰশ্ন আহিলেই উত্তৰ আহে- ৩০ জুনলৈ অপেক্ষা কৰক। প্ৰথমে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত চৰকাৰে ৩০ জুনৰ পিছত মতামত ৰাজহুৱা কৰিব বুলি কৈছিল। তাৰ পিছত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও ৩০ জুনলৈ অপেক্ষা কৰিবলৈ কৈছে। জাতিধ্বংসী এই বিধেয়কৰ ক্ষেত্ৰত কিয় ৩০ জুনলৈ অপেক্ষা কৰিব লাগে?

চৰকাৰৰ এই স্থিতিয়ে বিভিন্ন মহলত গভীৰ সন্দেহৰ জন্ম দিছে। কাৰণ ৩০ জুনত প্ৰকাশ পাব ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰা। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সৈতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ কি সম্পৰ্ক আছে? তাক লৈ প্ৰশ্ন কৰিছে অসমৰ ৰাইজে। সেই প্ৰশ্ন কৰাৰ অধিকাৰ আছে ৰাজ্যখনৰ জনসাধাৰণৰ।

Apply Now

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ হৈছে অসম চুক্তিৰ আধাৰত। আৰু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা তথা কঠোৰ নিৰীক্ষণত। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অসম চুক্তিৰ মতে ১৯৭১ চনৰ ২৫ মাৰ্চৰ পূৰ্বে অসমলৈ প্ৰব্ৰজন কৰা সকলো লোকৰে নাম অন্তৰ্ভুক্ত হ’ব। সকলো স্তৰৰ লোকৰ পূৰ্ণ সহযোগিতাত নাগৰিক পঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়া চলি আছে। আনহাতে, নাগৰিকত্ব সংশোধনী বিধেয়ক হৈছে আমাৰ দেশৰ সংবিধানৰ পৰিপন্থী। ধৰ্মৰ ভিত্তিত নাগৰিকত্ব প্ৰদান কৰিবলৈ বিচৰা হৈছে এই সংশোধনীৰ জৰিয়তে। যাৰ চূড়ান্ত কু-ফল ভোগ কৰিব লাগিব অসমে। সেইবাবেই অসমত আৰম্ভ হৈছে শক্তিশালী গণ আন্দোলনৰ।

অসমৰ ৰাইজে কোনোপধ্যেই এই নাগৰিকত্ব সংশোধনী বিধেয়ক গ্ৰহণ নকৰে। যুটীয়া সংসদীয় সমিতিয়ে অসমলৈ শুনানি গ্ৰহণ কৰিবলৈ আহোতে কেনেদৰে খিলঞ্জীয়া লোক হিলদ’ল ভাঙি ওলাই আহিছিল তাক সকলোৱে দেখিলে।

বাংলাদেশী হিন্দুক ভাৰত তথা অসমত সংস্থাপন কৰিবলৈ মোদী চৰকাৰে কৰা গভীৰ ষড়যন্ত্ৰৰ বহিঃপ্ৰকাশ ঘটিছে এই সংশোধনী বিধেয়কৰ জৰিয়তে। হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদান কৰি অসমত খিলঞ্জীয়া জনগোষ্ঠীৰ অস্তিত্বৰ প্ৰতি ভাবুকি আনিব বিচাৰিছে বিজেপিয়ে।

বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ ভয়ংকৰ ৰূপ দেখি অন্য কৌশল ৰচনা কৰিছে বিজেপিয়ে।

৩০ জুনত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশ হ’লে বহুলোকৰ নাম বাদ পৰিব বুলি নিশ্চিত হৈছে অসম চৰকাৰ তথা বিজেপি। হিন্দু লোকতকৈ মুছলমান লোক অধিক বাদ পৰাৰ আশংকা আছে। তেতিয়াই বিজেপিয়ে আৰম্ভ কৰিব মেৰু বিভাজনৰ ৰাজনীতি। এন আৰ চিত অন্তৰ্ভুক্ত নোহোৱা মুছলমানৰ সংখ্যাধিক্যক লৈ আৰম্ভ কৰিব ৰাজনীতি। সেই সুযোগৰ অপেক্ষাত আছে অসম চৰকাৰ তথা বিজেপি।

এন আৰ চিত নাম বাদ পৰা লোকসকলৰ হৈ মাত মাতিব কংগ্ৰেছ আৰু এ আই ডি ইউ এফে। তেতিয়াই বিজেপিয়ে এনে এক ধাৰণা দিবলৈ বিচাৰিব যে- কংগ্ৰেছে বাংলাদেশৰ পৰা প্ৰব্ৰজন কৰা মুছলমানসকলৰ স্বাৰ্থৰ হৈ কথা কয়। তেওঁলোকক লৈ কংগ্ৰেছে ৰাজনীতি কৰে। এইখিনিতেই এটা দিশ মন কৰিব লাগিব যে- কংগ্ৰেছে এন আৰ চিত নাম বাদ পৰা সংখ্যালঘুৰ হৈ মাত মাতিবই। কাৰণ, নহ’লে এ আই ডি ইউ এফে এই ক্ষেত্ৰত সুযোগ গ্ৰহণ কৰিব। কংগ্ৰেছ নেতৃত্বই সেই সুযোগ কেতিয়াও এ আই ডি ইউ এফক দিবলৈ নিবিচাৰে। তেতিয়া বিজেপিয়ে কংগ্ৰেছ সংখ্যালঘুৰ দল বুলি এক ধাৰণা দিবলৈ চেষ্টা কৰিব। ইয়াৰ জৰিয়তে মেৰু বিভাজনৰ ৰাজনীতি অধিক ত্বৰান্বিত কৰিবলৈ সাজু হৈছে বিজেপি। সাম্প্ৰদায়িক বিভাজন আনি ৰাজ্যখনত ৰাজনৈতিকভাৱে শক্তিশালী হৈ থাকিব বিচাৰিছে গেৰুৱা বাহিনীয়ে। সেইবাবেই তেওঁলোকে অপেক্ষা কৰিছে ৩০ জুনলৈ।

কিন্তু বিজেপি তথা অসম চৰকাৰৰ এই স্থিতিৰ উমান পাই সজাগ হৈ পৰিছে সকলো। কোনো পধ্যেই যাতে সাম্প্ৰদায়িক, বিভাজনকামী শক্তিয়ে অসমত অঘটন ঘটাব নোৱাৰে তাৰবাবে সজাগ থাকিব লাগিব জনসাধাৰণ।

অহা ৩০ জুন হ’ব অসমৰ জাতীয় জীৱনৰ বাবে এক ঐতিহাসিক মুহূৰ্ত। ঐতিহাসিক অসম চুক্তিৰ আধাৰত উন্নীত কৰা নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশ পাব। আৰু সেই ঐতিহাসিক দিনটোৰ পৰাই বিজেপিয়ে আৰম্ভ কৰিব বিচাৰিব বিভাজনৰ ৰাজনীতি। সেইবাবে সকলোৱে এই কথাত সৰৱ হোৱা উচিত যে- নাগৰিক পঞ্জী আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক একাকাৰ কৰিব বিচৰা অসম চৰকাৰ আৰু বিজেপিৰ এই অভিসন্ধি সফল হ’বলৈ দিব নোৱাৰি। গেৰুৱা বাহিনীৰ এই ষড়যন্ত্ৰ কাৰ্যকৰী হ’বলৈ হ’লে ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ হ’ব। তাৰ বিৰুদ্ধে গণতান্ত্ৰিক, ধৰ্ম নিৰপেক্ষ শিবিৰ মাৰবান্ধি থিয় হ’ব লাগিব।

(লেখক এজন জ্যেষ্ঠ সাংবাদিক। তেখেতৰ ই মে’ইল ঠিকনা : [email protected])

ভাস্কৰজ্যোতি বৰা

ভাস্কৰজ্যোতি বৰা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd