• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত নগাঁৱত ‘আজু’ৰ উদ্যোগত নাগৰিক সভা

মিণ্টু দাস by মিণ্টু দাস
June 28, 2018 7:49 am
নগাঁবত নাগৰিক সভা
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

” বিশ্বৰ অন্যতম গৌৰৱময় জাতি হৈছে অসমীয়া। কিন্তু সেই অসমীয়া জাতিক মষিমূৰ কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে নতুন নতুন ধাৰণা জাপি দিছে। সেই ধাৰণা সমুহৰ ভিতৰত অন্যতম হৈছে উগ্ৰ হিন্দুত্ববাদ। এই ধাৰণা চৰকাৰে পৰিকল্পিতভাবে অসমত জাপি দিছে। এই পৰিকল্পনাৰ অংশই হৈছে নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬।”

বুধবাৰে নগাঁও চহৰৰ ৰেনেছা কনিষ্ঠ মহাবিদ্যালয়ত সদৌ অসম সাংবাদিক সন্থা চমুকৈ আজুৰ নগাঁও আৰু হোজাই জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীৰে হোৱা নাগৰিক সভাত এইদৰে মন্তব্য কৰে নিউজ ১৮ নৰ্থ ইষ্ট অসমৰ মুখ্য সম্পাদক পৰাগমণি আদিত্য‌ই।

Apply Now

অসমৰ ঐতিহাসিক প্ৰেক্ষাপটৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয়  যে অসমৰ ঐতিহাসিক প্ৰেক্ষাপট ইমান শক্তিশালী আছিল যে অসমে বহি:ৰাষ্ট্ৰৰ লগতো সাংস্কৃতিক ভাৱধাৰাৰ আদান প্ৰদান কৰিছিল। অসমে সুদীৰ্ঘ কাল ধৰি নিজৰ সংস্কৃতি, বিজ্ঞান, আচাৰ-ব্যৱহাৰ জীয়াই ৰাখিছে। আমি সেই গৌৰৱময় ঐতিহ্যক এতিয়াও অক্ষুন্ন ৰাখিব লাগিব।

মিডিয়া ষ্ট্ৰাষ্টৰ কাৰ্যবাহী ন্যাসৰক্ষী ড: আবু হানিফাই সভাপতিত্ব কৰা সভাখনৰ উদ্ধোধনী ভাষণত আজুৰ কেন্দ্ৰীয় সভাপতি পংকজ কুমাৰ নাথে কয় যে জাতীয় জীৱনৰ এই জটিল সন্ধিক্ষণত অসমৰ কোনো ব্যক্তি নীৰৱে থাকিব নোৱাৰে। নাগৰিকত্ব বিধেয়কখন গৃহীত কৰাৰ ষড়যন্ত্ৰৰে কেন্দ্ৰৰ বিজেপি চৰকাৰে আমাৰ মাতৃভাষা আৰু অখণ্ডতাৰ প্ৰতি ভাবুকি আনিব বিচাৰিছে। ইয়াৰ বিৰুদ্ধে আমি সমগ্ৰ অসমতে সংগ্ৰামী গণ জাগৰণ সৃষ্টি কৰিব লাগিব।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সমালোচনা কৰি নাথে আৰু কয় ২০১৪ৰ ১৬ মে’ৰ পিছত বিদেশীয়ে টালি-টোপোলা বান্ধিব বুলি কোৱা নৰেন্দ্ৰ মোদীয়ে এতিয়া সম্পূৰ্ণ বিপৰীত ভূমিকা গ্ৰহণ কৰিছে। একেদৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও নিজৰ স্থিতি স্পষ্ট কৰা নাই। পৰিস্থিতি এনেদৰে থাকিলে ২০১৯ আৰু ২০২১ চনত কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰেই টালি-টোপোলা বান্ধিব লাগিব।

সভাখনত ভাষণ প্ৰদান কৰি দৈনিক অসমৰ সহকাৰী সম্পাদক অতুল্য মাধৱ গোস্বামীয়ে কয় মই নাগৰিকত্ব সংশোধনী বিধেয়কখন বিৰোধিতা কৰোঁ। কিন্তু এই বিধেয়কখনৰ বিৰুদ্ধে সৃষ্টি হোৱা গণ জাগৰণৰ সময়ত আমি এটা বিষয়তো দৃষ্টি দিব লাগিব যে ইয়াৰ সুবিধা লৈ যাতে কোনেও ৰাজনৈতিক সুবিধা ল’ব নোৱাৰে। এই জাগৰণৰ জৰিয়তে ৰাজনৈতিক মুনাফা আদায়ৰ চেষ্টা চলোৱা সকলক চিনাক্ত কৰিব লাগিব। ইয়াৰ নেতৃত্ব অসমৰ জাতীয় সংগঠন সমুহে ল’ব লাগিব। গোস্বামীয়ে নাগৰিকত্ব বিধেয়কখনৰ বিৰুদ্ধে আজুৱে আৰম্ভ কৰা জনমত গঠনৰ এই প্ৰচেষ্টাৰ শলাগ লয়।

আছাম ট্ৰিবিউন এমপ্লয়িজ ইউনিয়নৰ সাধাৰণ সম্পাদক দুগ্ধৰাম কলিতাই কয় যে এনে সংকটৰ বিৰুদ্ধে যুঁজিবলৈ আমি আমাৰ কৰ্ম-সংস্কৃতি অধিক উন্নীত কৰিব লাগিব। দিল্লীকে ধৰি বহি: ৰাজ্যৰ লগত ফেৰ মাৰিব পৰাকৈ উচ্চ পদবীধাৰী বিষয়াৰ সৃষ্টি কৰিব লাগিব। যাতে আমাক কোনেও মাহী আইৰ চকুৰে চাব নোৱাৰে।

অসমীয়া সাহিত্য সন্মিলনীৰ ৰাজ্যিক সহকাৰী সম্পাদক ধনঞ্জয় তালুকদাৰ আৰু সাংবাদিক চন্দনজ্যোতি বৰাই আঁত ধৰা অনুষ্ঠানটোত আদিভাষী জাতীয় মহাসংঘৰ সভাপতি বীৰেন মিৰ্ধা, সদৌ অসম গৰিয়া-মৰিয়া দেশীয় জাতি পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি কাফিল আহমেদ, আমছুৰ সভাপতি কামৰুজ জামান চৰকাৰ, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জিলা সভাপতি খগেন গায়ন, সম্পাদক জীতেন বৰা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ উপ-সভাপতি মনোজ সিং ৰাজা, যুটীয়া সম্পাদক প্ৰাগজ্যোতিক বনীয়া, কৃষক শ্ৰমিক উন্নয়ন পৰিষদৰ কেন্দ্ৰীয় সভাপতি মুকুল বৰা, সম্পাদক উৎপল বৰুৱা, জিলা সভাপতি প্ৰদীপ শ‌ইকীয়া, সম্পাদক অম্লান জ্যোতি মহন্ত, অসম যুৱ পৰিষদৰ নগাঁও জিলা সমিতিৰ সম্পাদক ৰঞ্জন বৰা, জ্যেষ্ঠ সাংবাদিক ৰাজেন বৰকাকতী, বিশিষ্ট সমাজসেৱী মুকুট ভূঞা, আছাম ট্ৰিবিউন এমপ্লয়িজ ইউনিয়নৰ সভাপতি শান্তনভ হাজৰিকা, উপ-সভাপতি পাৰ্থপ্ৰতীম হাজৰিকা, কাৰ্যবাহী সদস্য ভাস্কৰ দাস, নন্দৰাম বৰদলৈ আদি বিশিষ্ট ব্যাক্তি সকল উপস্থিত থাকে।

আজুৰ নগাঁও জিলা সমিতিৰ সম্পাদক নিলোৎপল বৰাই আদৰণি ভাষণ প্ৰদান কৰা সভাখনতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ খ্যাতিসম্পন্ন চলচ্চিত্ৰ পৰিচালক পাৰ্থজিৎ বৰুৱাক আজুৰ তৰফৰ পৰা আদৰণি জনোৱা হয়। সভাখনত আজুৰ নগাঁও জিলা সমিতিৰ সভাপতি হৰেশ্বৰ বৰা, কাৰ্যকৰী সভাপতি ফাইজুৰ ৰহমান, সহকাৰী সম্পাদক ভাস্কৰজ্যোতি শইকীয়া, হোজাই জিলা সমিতিৰ সভাপতি সুব্ৰত চৰকাৰ, সম্পাদক প্ৰণৱ শৰ্মা, কেন্দ্ৰীয় সদস্য চাদিকুজ জামান, সাংবাদিক পলাশপ্ৰতীম হাজৰিকা, আজুৰ বিষয়-ববীয়া তপন কটকী, জ্যেষ্ঠ সাংবাদিক জীতেন বৰকটকী, ৰকিবুল ৱাহিদ, নাজিম আহমেদ, আবু আনচাৰী, মোজ্জামিল হক আদিও উপস্থিত থাকে।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাৱধান! কেৱল খাদ্যই নহয়, এইসমূহ কাৰণতো বৃদ্ধি পায় কলেষ্টেৰল; প্ৰতি ১০ জনৰ ৯ জনেই আক্ৰান্ত

সাৱধান! কেৱল খাদ্যই নহয়, এইসমূহ কাৰণতো বৃদ্ধি পায় কলেষ্টেৰল; প্ৰতি ১০ জনৰ ৯ জনেই আক্ৰান্ত

July 23, 2026 7:09 am
যন্তৰ-মন্তৰত পুনৰ সংঘৰ্ষ: আৰক্ষীক লক্ষ্য কৰি শিল নিক্ষেপৰ অভিযোগ, আহত পাঁচ আৰক্ষী; সাময়িকভাৱে বন্ধ ইণ্টাৰনেট সেৱা

যন্তৰ-মন্তৰত পুনৰ সংঘৰ্ষ: আৰক্ষীক লক্ষ্য কৰি শিল নিক্ষেপৰ অভিযোগ, আহত পাঁচ আৰক্ষী; সাময়িকভাৱে বন্ধ ইণ্টাৰনেট সেৱা

July 23, 2026 7:07 am
‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

July 22, 2026 9:40 pm
চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

July 22, 2026 8:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাৱধান! কেৱল খাদ্যই নহয়, এইসমূহ কাৰণতো বৃদ্ধি পায় কলেষ্টেৰল; প্ৰতি ১০ জনৰ ৯ জনেই আক্ৰান্ত

সাৱধান! কেৱল খাদ্যই নহয়, এইসমূহ কাৰণতো বৃদ্ধি পায় কলেষ্টেৰল; প্ৰতি ১০ জনৰ ৯ জনেই আক্ৰান্ত

July 23, 2026 7:09 am
যন্তৰ-মন্তৰত পুনৰ সংঘৰ্ষ: আৰক্ষীক লক্ষ্য কৰি শিল নিক্ষেপৰ অভিযোগ, আহত পাঁচ আৰক্ষী; সাময়িকভাৱে বন্ধ ইণ্টাৰনেট সেৱা

যন্তৰ-মন্তৰত পুনৰ সংঘৰ্ষ: আৰক্ষীক লক্ষ্য কৰি শিল নিক্ষেপৰ অভিযোগ, আহত পাঁচ আৰক্ষী; সাময়িকভাৱে বন্ধ ইণ্টাৰনেট সেৱা

July 23, 2026 7:07 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd