• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰীক সাক্ষাৎ অগপৰ প্ৰতিনিধি দলৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 22, 2017 8:40 pm
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰ অগপৰ প্ৰতিনিধি দলৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰীক সাক্ষাৎ।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰ অগপৰ প্ৰতিনিধি দলৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰীক সাক্ষাৎ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত স্পষ্ট সিদ্ধান্ত ল’বলৈ কালি গুৱাহাটীত অনুষ্ঠিত নাগৰিক সভাৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰক জনাবলৈ অগপৰ এক উচ্চ স্তৰীয় প্ৰতিনিধি দল নতুন দিল্লীলৈ ৰাওনা হোৱাৰ পিছত আজি উক্ত দলটোৱে নতুন দিল্লীত গৃহ মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰে। সাক্ষাৎকালত দলটোৱে গৃহ মন্ত্ৰীজনক নাগৰিক সভাৰ স্থিতি অৱগত কৰি বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কখনে অসম চুক্তিক সমূলি অৰ্থহীন কৰিব বুলি অৱগত কৰে। লগতে দলটোৱে কয় যে এই বিধেয়কখন পাছ হ’লে অসমৰ ভাষা, সাহিত্য, সংস্কৃতিৰ প্ৰতি ডাঙৰ ভাবুকি আহিব তথা অসমৰ খিলঞ্জীয়া লোকক নিজৰ ঠাইতে সংখ্যালঘুত পৰিণত কৰিব বুলি কয়। লগতে কয় যে এনে হ’লে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীত কৰাৰ একো অৰ্থ নাথাকিব। এন ই নাওক অগপ দলৰ সূত্ৰই জনোৱা মতে প্ৰতিনিধি দলটোৰ কথাখিনি গৃহমন্ত্ৰীয়ে গভীৰ মনোযোগেৰে শুনে আৰু অসমৰ মানুহৰ আৱেগ-অনুভূতিৰ প্ৰতি সন্মান জনোৱা হ’ব বুলি আশ্বাস দিয়ে। উল্লেখযোগ্য যে নাগৰিকত্ব সংশোধনী বিধেয়কখনক লৈ অসমৰ ৰাজনৈতিক-সামাজিক পৰিৱেশ উত্তাল হৈ থকাৰ সময়তে অগপই কালি গুৱাহাটীত ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট নাগৰিকসকলক লৈ এক নাগৰিক সভাৰ আয়োজন কৰিছিল আৰু তাত এইটো সিদ্ধান্ত হৈছিল যে উক্ত বিধেয়কখন অসমৰ ৰাইজে মানি নলয় আৰু ই অসম চুক্তিক অৱমাননা কৰিব। আনহাতে সভাৰ সিদ্ধান্তবোৰ কেন্দ্ৰীয় চৰকাৰক জনাবলৈ দলটোৰ প্ৰতিনিধিসকল কালিয়েই নতুন দিল্লীলৈ গৈছিল। প্ৰতিনিধিসকলৰ মাজত আছিল দলৰ সাধাৰণ সম্পাদক তথা প্ৰাক্তন সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, সাধাৰণ সম্পাদক ডাঃ কমলাকান্ত কলিতা, জ্যেষ্ঠ নেতা তথা বিধায়ক ফণীভূষণ চৌধুৰী, সাধাৰণ সম্পাদক তথা বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, প্ৰাক্তন সাংসদ কুমাৰ দীপক দাস, সাধাৰণ সম্পাদক নুৰুল হুছেইন, ভূপেন ৰায়, মনোজ শইকীয়া।

আনহাতে দলটোৰ প্ৰতিনিধিসকলে এই বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাত সমৰ্থন বিচাৰি সংসদ ভৱনত দেশৰ ৯ টাকৈ আঞ্চলিক দলৰ প্ৰতিনিধিক সাক্ষাৎ কৰে। অগপ দলটোৰ আঠ জনীয়া প্ৰতিনিধি দলটোৱে বিধেয়কখন সন্দৰ্ভত তেওঁলোকৰ স্থিতি অৱগত কৰি আঞ্চলিক দলবোৰৰ নেতৃবৰ্গক সংসদত বিধেয়কখনৰ বিৰোধিতা কৰিবলৈ আহ্বান জনায়। প্ৰতিনিধি দলটোৱে তেলুগু দেশম দল, আকালি দল, শিৱসেনা, ডি এম কে, এ আই ডি এম কে, তৃণমূল কংগ্ৰেছ, বিজু জনতা দল, ঝাৰখণ্ড মুক্তি মৰ্চা আৰু শিৰোমণি আকালী দলৰ সাংসদ তথা নেতৃবৰ্গক লগ কৰে বুলি আমাক জনাইছে। দলটোৰ জ্যেষ্ঠ নেতা মনোজ শইকীয়াই কৈছে যে তেওঁলোকে বিধেয়কখনৰ বিৰোধিতা কৰিবলৈ সমৰ্থন বিচাৰি দিল্লীত অভিযান অব্যাহত ৰাখিব, যাতে কেন্দ্ৰৰ ওপৰত হেঁচা দিব পাৰি।

Apply Now
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত প্ৰৱেশত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ উপদেষ্টাক! ঢাকাৰ ভাৰতীয় দূতক তলব

দিল্লীত প্ৰৱেশত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ উপদেষ্টাক! ঢাকাৰ ভাৰতীয় দূতক তলব

June 16, 2026 9:09 am
অঘটনৰ আৰম্ভণি! শিশু কেপ ভাৰ্ডেৰ ‘বুঢ়া’ গ’লৰক্ষকে কৰিলে বিমুখ; ইয়ামালক নমাইও ব্যৰ্থ স্পেইন

অঘটনৰ আৰম্ভণি! শিশু কেপ ভাৰ্ডেৰ ‘বুঢ়া’ গ’লৰক্ষকে কৰিলে বিমুখ; ইয়ামালক নমাইও ব্যৰ্থ স্পেইন

June 16, 2026 8:09 am
ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

June 16, 2026 7:22 am
ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত প্ৰৱেশত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ উপদেষ্টাক! ঢাকাৰ ভাৰতীয় দূতক তলব

দিল্লীত প্ৰৱেশত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ উপদেষ্টাক! ঢাকাৰ ভাৰতীয় দূতক তলব

June 16, 2026 9:09 am
অঘটনৰ আৰম্ভণি! শিশু কেপ ভাৰ্ডেৰ ‘বুঢ়া’ গ’লৰক্ষকে কৰিলে বিমুখ; ইয়ামালক নমাইও ব্যৰ্থ স্পেইন

অঘটনৰ আৰম্ভণি! শিশু কেপ ভাৰ্ডেৰ ‘বুঢ়া’ গ’লৰক্ষকে কৰিলে বিমুখ; ইয়ামালক নমাইও ব্যৰ্থ স্পেইন

June 16, 2026 8:09 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd