• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

নাৰীৰ মৰ্য্যাদা উন্নত হ’বলৈ হ’লে নতুন পুৰুষৰ দৃষ্টিভংগি সলনি হ’ব লাগিব

ময়ূৰী শৰ্মা বৰুৱা by ময়ূৰী শৰ্মা বৰুৱা
April 26, 2018 4:21 pm
Gender_Equality
13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মোৰ সন্তানসম ল’ৰাবিলাকৰ কথা ভাবিয়ে এই কথাখিনি লিখিবলৈ লৈছোঁ৷ তোমালোক সমাজৰ ভৱিষ্যৎ৷ সাম্প্ৰতিক সময়ত আমাৰ সমাজত ঘটি থকা অশুভ ঘটনাবিলাকে বাৰু তোমালোকক চিন্তাত পেলাইনে? বিশেষকৈ দিনে দিনে বাঢ়ি অহা নাৰী নিৰ্যাতনৰ যন্ত্ৰণাদায়ক খবৰবিলাকে তোমালোকক লাজত পেলাইনে?

তিনিমহীয়া কেঁচুৱাটিৰ পৰা ষাঠি বছৰীয়া মহিলাগৰাকীলৈকে কোনোৱে দেখোন সুৰক্ষিত নহয়৷ নিজৰ ঘৰৰ নাৰীসকলৰ ক্ষেত্ৰত তোমালোক হয়তো সাংঘাতিক সাৱধান৷ মায়ে হওক বা বাই-ভনীহঁতৰ কোনোবা হওক, অকলে কলৈকো যাবলৈ নিদিয়া নহয়নে? তোমালোকক দায়িত্বশীল ৰূপত দেখিলে মাহঁতৰো ভাল লগাৰ কথা৷ কিন্তু কি জানা, আমিবোৰ বৰ আপোনপেটীয়া৷ তেনেকৈ কোৱাৰ কাৰণ আছে৷ নিজৰ পৰিয়ালৰ নাৰীৰ সুৰক্ষাৰ বাবে যিদৰে চিন্তা কৰোঁ, আনৰ ঘৰৰ ছোৱালীৰ ক্ষেত্ৰত কথাৰ সুৰ বদলি যায়৷ আমি অনায়াসে বেলেগৰ ছোৱালীজনীক জোকাব পাৰোঁ বা অশ্লীল ইংগিত দিব পাৰোঁ৷ যিটো ল’ৰাই নিজৰ ভনীয়েকৰ সুৰক্ষাৰ দায়িত্ব সুচাৰুৰূপে পালন কৰে, সিয়ে আকৌ অচিনাকি ছোৱালী এজনীৰ দুপাট্টাত ধৰি টান মাৰে! কেতিয়াবা ভাবি চাইছানে এনেকুৱা কিয় হয়? ভবাৰ প্ৰয়োজন আছে বুলি নাজানিছিলা নহয়নে?

Apply Now

আমি সহজেই সমাজৰ অৱক্ষয়ৰ বাবে নতুন প্ৰজন্মৰ উচ্ছৃংখল আচৰণক জগৰীয়া কৰোঁ৷ নতুনচামৰ এনে আচৰণৰ কাৰণ নিবিচাৰি আমি নেতিবাচক মন্তব্যৰে সিহঁতক সমালোচনা কৰোঁ৷ সেয়া সহজ পন্থা৷ কিন্তু চাপৰিলে জানো মেঘ আঁতৰিব! আমি আচলতে এনে এখন সমাজত বাস কৰো য’ত ‘সংস্কাৰ’ শব্দটোৰ অপপ্ৰয়োগে আমাক বাৰে বাৰে বিভ্ৰান্ত কৰে৷ জন্মৰে পৰা তোমালোকক শিকোৱা হয় যে ছোৱালীৰ তুলনাত ল’ৰাৰ জীৱন বহু পৰিমাণে স্বাধীন৷

শিশুৱে দেখি শিকে৷ তোমালোকেও যি দেখিছা তাকে শিকিছা৷ প্ৰতিটো কথাই জানো আমি স্কুল কলেজত শিকোঁ! এটা কথা মন কৰিবা, নাৰীক তুচ্ছ জ্ঞান কৰা মনোভাবটো কিন্তু কেৱল অশিক্ষিত মানুহৰ মাজতে নাই৷ বহু উচ্চ শিক্ষিত ভদ্ৰলোকে নাৰীক বেয়া ব্যৱহাৰ কৰে৷ আনকি মানুহ বুলিয়ে নাভাবে৷ গতিকে তেনেকুৱা এখন ঘৰত জন্ম লোৱা ল’ৰাটোৱে দেখোন সেইটোকে শিকিব আৰু শুদ্ধ বুলি ভাবিব৷

যিখন ঘৰৰ পুৰুষ সদস্যসকলে মহিলাসকলক কথাই প্ৰতি তুচ্ছতামূলক ব্যৱহাৰ কৰি থাকে, সেইখন ঘৰৰ সন্তানে সেই সংস্কাৰকে শুদ্ধ বুলি মানি ল’ব৷ এই ধাৰণাবিলাক বহু পুৰণি৷ তোমালোকৰ ভাষাত ক’বলৈ হ’লে আউটডেটেড৷ তথাপি কোনেও এইবিলাক এৰিব নিবিচাৰে৷ আমাৰ সমাজ আৰু সংস্কৃতিৰ দোহাই দিয়ে৷ এহাতে কওঁ সংস্কৃতি গতিশীল আৰু আনহাতে ইয়াৰ সাকাৰাত্মক পৰিৱৰ্তনক সমালোচনা কৰোঁ৷ আমি আচলতে সুবিধাবাদী৷ বিজ্ঞান আৰু প্ৰযুক্তিৰ ন-ন উদ্ভাৱনবিলাক আমি সহজাতভাৱে আঁকোৱালি লৈছোঁ অথচ এলান্ধুকলীয়া কিছুমান চিন্তাক আজিও খামুচি ধৰি আছোঁ৷ এনেবিলাক দ্বন্দ্ব সমাজৰ বাবে ক্ষতিকাৰক৷ এনে বিপৰীতমুখী আচৰণে তোমালোকক বিভ্ৰান্ত কৰে৷

আজিকালি সঘনাই এটা অভিযোগ শুনা যায় যে তোমালোকৰ বহুতেই ডাঙৰক সন্মান কৰিব নাজানা৷ অনেকেই ইয়াক প্ৰজন্মৰ ব্যৱধানে (generation gap) আনি দিয়া দূৰত্ব বুলি ক’ব বিচাৰে৷ কিন্তু মোৰ ধাৰণা কেৱল বয়সভিত্তিক নহৈ এয়া আদৰ্শগত ব্যৱধানৰ দূৰত্ব৷ আমি আদৰ্শ হোৱাত অসফল হৈছোঁ যাৰ ফলত তোমালোকৰ আস্থা আৰু সন্মান হেৰুৱাইছোঁ৷

এইখিনিতে হজৰত মহম্মদৰ এটি সৰু কাহিনী মনত পৰিছে- অত্যধিক মিঠাই খাই ভাল পোৱা শিশু পুত্ৰক লগত লৈ এদিন এগৰাকী মাক হজৰত মহম্মদৰ শৰণাপন্ন হ’ল৷ যিকোনো প্ৰকাৰে ল’ৰাটোৰ মিঠাই-প্ৰীতি কমাব লাগে৷ কথাখিনি শুনাৰ পিছত হজৰতে কেইদিনমান সময় বিচাৰিলে৷ সেইমতে মাক-পুতেকক এসপ্তাহমান পিছত আহিবলৈ নিৰ্দেশ দিলে৷ যথা সময়ত দুয়ো পুনৰ অহাত হজৰত মহম্মদে ল’ৰাটোক অতিমাত্ৰা মিঠাই খোৱাৰ অপকাৰিতাৰ কথা বুজালে৷ ল’ৰাটোৱেও সেইদিনাৰ পৰা মিঠাই খোৱা কমাব বুলি কৈ গুচি গ’ল৷ গোটেই ঘটনাটোৰ সাক্ষী মহম্মদৰ দুই-এক শিষ্যই তেখেতক সুধিয়ে পেলালে যে ইমান সাধাৰণ দিহাটোকে দিবলৈ তেখেতেনো এসপ্তাহ সময় কিয় ল’লে৷ উত্তৰত হজৰত মহম্মদে যিখিনি ক’লে সেয়া আমাৰ সকলোৰে কাৰণে আদৰ্শ হোৱা উচিত৷ তেখেতে কৈছিল যে নিজৰ মিঠাইৰ প্ৰতি দুৰ্বলতা থকা হেতুকে প্ৰথমদিনা ল’ৰাটোক পৰামৰ্শ দিয়াৰ পৰা বিৰত থাকিল৷ এসপ্তাহত নিজৰ দুৰ্বলতা সম্বৰণ কৰিহে তেখেতে ল’ৰাটোক মিঠাইৰ অপকাৰিতাৰ জ্ঞান দিয়াৰ অৰ্হতা আৰ্জন কৰিছে৷ কেনে সুন্দৰ আদৰ্শ! ইয়াকে কয়, উপদেশতকৈ আৰ্হি ভাল৷

পুনৰ মূল প্ৰসংগলৈ উভতি আহিছোঁ৷ আমাৰ সমাজত নাৰীৰ স্থান আৰু নতুন প্ৰজন্মৰ পুৰুষৰ ভূমিকাক লৈ আমি উদ্বিগ্ন৷ পুৰুষতান্ত্ৰিক ভাবাদৰ্শেৰে প্ৰভাৱান্বিত সমাজত তোমালোক ব্যতিক্ৰম নোহোৱা৷ জন্মসূত্ৰে তোমালোকে অগ্ৰাধিকাৰ পাই আহিছাঁ৷ ল’ৰা হৈ জন্ম হোৱাটো তোমালোকৰ সৌভাগ্য৷ কেঁচুৱা অৱস্থাৰে পৰা এটি ল’ৰাক এনেদৰে প্ৰতিপালন কৰা হয় যে কম সময়ৰ ভিতৰতে সি তাৰ ক্ষমতা বুজি উঠে৷ ঘৰত বা সমাজত সি যে বায়েক-ভনীয়েকৰ তুলনাত শ্ৰেষ্ঠতৰ, সেই ধাৰণাই তাক অহংকাৰী কৰি তোলে৷ সৰু সৰু কিছুমান কথা যেনে,- কোনো ছোৱালী বা মহিলা ক’ৰবালৈ গ’লে ৰক্ষকৰ ৰূপত সাত-আঠবছৰীয়া হ’লেও ল’ৰা এটাক লগত পঠিওৱাৰ যি পৰম্পৰা সিয়ে সেই কণমানিটোৰ মনত উচ্চাত্মিকাবোধ আনি দিয়ে৷

নিজৰ অজানিতে লাহেকৈ সেই ল’ৰাটো এদিন পুৰুষবাদী সমাজখনৰ প্ৰতিনিধি হৈ পৰে৷ যাৰে ঘৰত লিংগবৈষম্যৰ প্ৰভাৱ বেছি, তেওঁৰ হাবভাবত সেয়া পৰি্স্ফূট হোৱাটো স্বাভাৱিক৷ তাৰ বিপৰীতে যিটো শিশুৱে ঘৰখনত সমতাৰ বাতাৱৰণ পাইছে, তাৰ মানসিক গঠনত উদাৰতাৰ আভাস পোৱা যাব৷

‘পুৰুষ মাত্ৰেই শ্ৰেষ্ঠ’- সেই খোলাটোৰ পৰা তোমালোক ওলাই আহিব লাগিব৷ অতীতৰ দোহাই দি যদি নাৰীক দুৰ্বল জ্ঞান কৰোঁ, বৰ্তমানৰ প্ৰেক্ষাপটত সেয়া মূৰ্খামিহে হ’ব৷ কথাবিলাক গভীৰভাৱে চিন্তা কৰিলে ইয়াৰ যুক্তিযুক্ততা বিচাৰি পোৱা যায়৷ মাজে মাজে অনুভৱ হয়, আমি সকলোৱে যেন ওপৰে ওপৰে চাই সিদ্ধান্ত লোৱাত অধিক আগ্রহী৷ এতিয়া ভাবাচোন, আজিৰ তাৰিখত বাৰু নাৰী পুৰুষৰ কাম বুলি কিবা বিভাজন ৰখাটো যুক্তিসংগত নে? হ’ষ্টেলত থকা ল’ৰাই নিজৰ বিচনা পাৰিবলৈ জানে, মেছত থকাসকলে ৰান্ধিব জানে, ঘৰ সৰা-মোচা কৰিবও পাৰে৷

একেদৰে গাড়ী বা দুচকীয়া বাহন চলাব পৰাটো আজিৰ নাৰীৰ বাবে যুগসাপেক্ষ পৰিৱৰ্তনৰ পৰিচায়ক হৈ পৰিছে৷ গাঁৱৰ মহিলাসকলক যেতিয়া মেখেলা-চাদৰ পিন্ধি স্কুটী চলাই ফুৰা দেখোঁ, তেতিয়াই নাৰী সবলীকৰণৰ ধাৰণাটো দৃঢ় হয়৷ আজিৰ পৰা ত্ৰিচ বছৰ আগতে কোনো মহিলাই গাড়ী চলালে বাটৰ মানুহে ৰ লাগি চাইছিল৷ কেনে আচৰিত, মাইকী মানুহে গাড়ী চলাইছে! পৰিবাৰৰ লগত মিলিজুলি ঘৰুৱা কাম ভগাই লোৱা পুৰুষক এসময়ত তিৰোতাসেৰুৱা বুলি ইতিকিং কৰা সমাজে এতিয়া সেয়া ‘Sharing is Caring’ বুলি অভিহিত কৰে৷ আগৰ দিনত কেঁচুৱাৰ সমস্ত দায়িত্ব মাকজনীৰ বুলি ভবা হৈছিল৷ মাজে মাজে একোলা লৈ দিয়ে কাম সামৰা দেউতাকজন নিজৰ সন্তানৰ পৰা নিৰ্দিষ্ট দূৰত্বত অৱস্থান কৰিছিল৷ সেয়াই সমাজৰ নিয়ম আছিল৷ ফলত মাক আৰু সন্তানৰ মানসিক নিবিড়তাৰ পৰা দেউতাকজন বঞ্চিত হৈ ৰৈছিল৷ কিন্তু আজিকালি নতুনকৈ মাক-দেউতাক হোৱাসকলৰ বেছিভাগেই পৰম আনন্দেৰে কামবিলাক ভগাই লয়৷ তেওঁবিলাকক ‘পেংগুইন পিতৃ’ বোলা হয়৷ ৰাতি টোপনি খতি কৰি কেঁচুৱা নিচুকাই থকা দেউতাকজনে কেৱল পত্নীৰ কষ্ট লাঘৱ কৰা নাই৷ তেওঁৰ এনে আন্তৰিকতাই সন্তানটিৰ লগতো সম্পৰ্ক গাঢ় কৰিব৷ এইবিলাক হ’ল ইতিবাচক পৰিৱৰ্তন৷

তাৰ বিপৰীতে যেতিয়া ‘ছোৱালী মানুহ, ল’ৰাৰ লগত ফেৰ নামাৰিবি’ নাইবা, “ঐ ল’ৰা হৈ কান্দিছ, লাজ লগা নাই?” জাতীয় মন্তব্য কাণত পৰে, ভাব হয় এতিয়াও যেন ঊনবিংশ শতিকাতে বাস কৰি আছোঁ৷

নাৰী আৰু পুৰুষ দুয়োৰে উমৈহতীয়া প্ৰচেষ্টাতে এখন সু্স্থ সমাজে গঢ় লৈ উঠে৷ ইয়াত শ্ৰেষ্ঠত্বৰ কথা নাথাকে৷ সহযোগিতাৰ মনোভাবেৰে আগবাঢ়িলে নাৰী-পুৰুষৰ মাজৰ ব্যৱধান নিশ্চিতভাৱে হ্ৰাস পাব৷ এই ক্ষেত্ৰত তোমালোকৰ সক্ৰিয় ভূমিকাৰ আৱশ্যক আছে৷

এই লেখাৰ মাধ্যমেৰে তোমালোকৰ প্ৰতি এটাই আহ্বান – নিজৰ পৰিয়ালৰ নাৰীক লৈ তোমালোক যিদৰে সচেতন, সেইদৰে সমাজৰ প্ৰতিও দায়িত্বশীল হোৱা৷ লিংগ-বৈষম্যৰ দৰে আওপুৰণি ধাৰণাটোৱে যাতে তোমালোকৰ অৱচেতন মনতো খোপনি ল’ব নোৱাৰে তাৰ প্ৰতি সজাগ হোৱা৷

ময়ূৰী শৰ্মা বৰুৱা, তিনিচুকীয়া মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপিকা

ময়ূৰী শৰ্মা বৰুৱা

ময়ূৰী শৰ্মা বৰুৱা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

September 10, 2026 6:02 pm
অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

September 10, 2026 5:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd