নগাঁৱৰ বঢ়মপুৰ অঞ্চলৰ ঘোগৰ জলাহত শনিবাৰে মহাজাগতিক পৰিঘটনাৰ দৃশ্য সংবাদ মাধ্যমত প্ৰকাশ হোৱাৰ পাছতে বিষযটো দেশজুৰি চৰ্চা হৈছে। দিল্লীৰ পৰা টেলিফোন যোগে ভাৰতীয় বতৰ বিজ্ঞানীয়ে নগাঁৱৰ উপায়ুক্ত কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিছে। বতৰ বিজ্ঞানীৰ লগত যোগাযোগ হোৱাৰ পাছত উপায়ুক্ত কাৰ্যালয়ে আজি বা-মাৰলিৰ উৎপত্তিস্থলৰ চিনাক্ত কৰিবলৈ দুৰ্যোগ প্ৰশমন বিভাগৰ বিষয়াক বুজ ল’বলৈ বঢ়মপুৰলৈ প্ৰেৰণ কৰে।
আনহাতে, দুৰ্যোগ প্ৰশমন বিভাগৰ বিষয়াগৰাকীয়ে উৎপত্তিস্থল পৰিদৰ্শন কৰি সাংবাদিকৰ আগত প্ৰকাশ কৰে যে সাধাৰণতে এনে দৃশ্য সাগৰত প্ৰত্যক্ষ হয় যদিও সমতল ভূমিত এনে দৃশ্য দুৰ্লভ। তেওঁ লগতে জানিব দিয়ে যে, অচিৰেই এই বিৰল ঘটনাৰ উৎপত্তিৰ কাৰণ বিচাৰি ভাৰতীয় বতৰ বিজ্ঞানীৰ এটা দল আহিব।
উল্লেখযোগ্য যে, এক মহাজাগতিক পৰিঘটনাই নগাঁও জিলাৰ বঢ়মপুৰ অঞ্চলত এক জোৱাৰৰ সৃষ্টি কৰে। ডাৱৰীয়া বতৰৰ মাজতে হঠাত আকাশৰ পৰা এডাল ৰেখাৰ দৰে পৃথিৱীলৈ নামি আহে ডাৱৰ। ক্ৰমান্বয়ে নামি আহিল ডাৱৰ আৰু বঢ়মপুৰৰ ঘোগৰ জলাহৰ পানীত উঠি গ’ল ওপৰলৈ। এনেদৰে আকাশৰ পৰা নামি অহা ডাৱৰ আৰু জলাহৰ পৰা উঠি যোৱা পানী সংযোগ হৈ এডাল ৰেখাৰ সৃষ্টি কৰি একাকাৰ কৰি তোলে মহাকাশ আৰু পৃথিৱী।
এই দৃশ্য দেখাৰ পিছত আতংকিত হৈ পৰিছিল বঢ়মপুৰৰ ঘোগৰ জলাহৰ কাষৰ পথাৰত কাম কৰি থকা একাংশ লোক। আকাশৰ ডাৱৰ আৰু জলাহৰ পানীয়ে সৃষ্টি কৰা ৰেখাডাল বহু সময় ধৰি চলন্ত অৱস্থাত আছিল।





