• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাজিব লাগিছিল টেমী-কটাৰী, বাজিছে হাঁচতি : মমতা বেনাৰ্জীক কটাক্ষ প্ৰদ্যুৎ বৰদলৈৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 2, 2018 7:20 pm
Mamata Pradyut
33
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘বাজিব লাগিছিল টেমী-কটাৰী, বাজিছে হাঁচতি। মমতা বেনাৰ্জীয়ে অহেতুকভাৱে যি কথা কৈছে যে অসম ৰক্তাক্ত হ’ব, গৃহযুদ্ধ হ’ব, এইবোৰ মন্তব্য কৰাটো উচিত নহয়।‘ বৃহস্পতিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ উপ সভাপতি তথা প্ৰাক্তন মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈয়ে।

তদুপৰি ‘অসম শান্তিপূৰ্ণ ঠাই বুলি সদৰী কৰি তেওঁ লগতে ‘দায়িত্বশীল ৰাজনৈতিক দল হিচাপে কংগ্ৰেছে অসমত কোনোধৰণৰ অশান্তিকৰ পৰিস্থিতি হ’বলৈ কেতিয়াও দিব নোৱাৰে‘ বুলিও ব্যক্ত কৰে।

Apply Now

ইপিনে মমতা বেনাৰ্জীয়ে কালি কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী ছোনীয়া গান্ধীক সাক্ষাৎ কৰাক লৈ সৰ্বত্ৰে বিষয়টোৱে চৰ্চিত হৈছে। এই ক্ষেত্ৰত প্ৰদ্যুৎ বৰদলৈয়ে মন্তব্য প্ৰকাশ কৰি কয়, ‘মমতা বেনাৰ্জীকে ধৰি অন্যান্য বিৰোধী দলসমূহক একত্ৰিত কৰি কংগ্ৰেছে বিজেপিৰ বিৰুদ্ধে যুঁজ দিয়াৰ চেষ্টা কৰিছে। সেয়েহে মমতা বেনাৰ্জীয়ে লগ ধৰাটো স্বাভাৱিক। ইয়াৰ অৰ্থ এইটো নহয় যে মমতা বেনাৰ্জীয়ে কোৱা প্ৰত্যেকটো কথাত কংগ্ৰেছে হয়ভৰ দিব। কংগ্ৰেছে মমতা বেনাৰ্জীৰ মন্তব্যত কেতিয়াও হয়ভৰ নিদিয়ে।‘

আনহাতে, গণতান্ত্ৰিক দেশ এখনত কোনোবাই কাৰোবাক লগ ধৰিব পাৰে বুলি দাবী কৰি বৰদলৈয়ে পুনৰ কয়, ‘ইয়াৰ অৰ্থ এইটো নহয় যে তৃণমূল কংগ্ৰেছৰ কথামতে কংগ্ৰেছে উঠা-বহা কৰিব।‘

তদুপৰি একেখন সংবাদমেলতে প্ৰদ্যুৎ বৰদলৈয়ে অসমতো এন আৰ চিৰ পিতৃ-মাতৃ ওলোৱা বুলি মন্তব্য কৰাৰ লগতে এন আৰ চিৰ কাম কংগ্ৰেছৰে নেতৃত্বত হোৱা বুলিও দাবী কৰে।

তেওঁৰ মতে ‘১৯৫১ চনতে তদানীত্বন মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিৰ নেতৃত্বৰ কংগ্ৰেছ চৰকাৰৰ দিনতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাম আৰম্ভ হৈছিল। ঠিক তেনেদৰে ২০০৫ চনত তৰুণ গগৈ চৰকাৰৰ দিনতে প্ৰধান মন্ত্ৰীৰ পৰ্য্যায়ত অনুষ্ঠিত হোৱা বৈঠকতে এন আৰ চি খন পুনৰ ডিজিটেলভাৱে উন্নীতকৰণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।‘

তদুপৰি, ১৯৮৫ চনৰ পৰা অগপ চৰকাৰ শাসনলৈ অহাৰ পাছৰে পৰা বা সেইদৰে ১৯৯৬ চনত কেন্দ্ৰ আৰু ৰাজ্যত বিজেপি-অগপৰ যুগলবন্দী আছিল যদিও এন আৰ চিৰ উন্নীতকৰণ প্ৰক্ৰিয়াৰ বাবে বিশেয় উদ্যোগ হাতত লোৱা নাছিল বুলি তেওঁ সংবাদমেলত সদৰী কৰে।

আনহাতে, ‘প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই মঙ্গলবাৰে এখন সংবাদমেল অনুষ্ঠিত কৰি এনআৰচিৰ কৃতিত্ব তেওঁ ল’ব বিচাৰিছে’ বুলি উল্লেখ কৰি তেওঁ লগতে কয়, ‘কংগ্ৰেছ দলে দৃষ্টিকটুভাৱে এনআৰচিৰ কৃতিত্ব ল’বলৈ চেষ্টা কৰা নাই। কিন্তু সত্যৰ অপলাপ হোৱাটোও বিচৰা নাই।‘

অৱশ্যে প্ৰফুল্ল কুমাৰ মহন্তই মুখ্য মন্ত্ৰী হৈ থকাৰ সময়ত এটা ভাল কাম কৰা বুলি তেওঁ প্ৰফুল্ল মহন্তক প্ৰশংসা কৰি লগতে কয়, ‘গোটেই দেশতে ভোটাৰ তালিকাসমূহৰ সংক্ষিপ্ত সংশোধনী হয়, তেতিয়া প্ৰফুল্ল মহন্ত নেতৃত্বাধীন অগপ চৰকাৰে নিৰ্বাচনী আয়োগৰ সৈতে যোগাযোগ কৰি ব্যাপক ভোটাৰ তালিকা সংশোধনীৰ ব্যৱস্থা কৰিছিল।‘

আনহাতে, ব্যাপক ভোটাৰ তালিকা সংশোধনী হোৱাৰ ফলত ৩.৫ লাখ ডি-ভোটাৰৰ সৃষ্টি হোৱা বুলি তেওঁ জানিবলৈ দি লগতে কয়, ‘এইসকল ভোটাৰৰ নাম কৰ্তন কৰি প্ৰফুল্ল মহন্তই বিধান সভাৰ মজিয়াত ঘোষণা কৰিছিল যে এতিয়াৰ পৰা অসমৰ ভোটাৰ তালিকাত এজনো বিদেশী নাথাকিব। কিন্তু বাস্তৱ ক্ষেত্ৰত সেইসকলৰ সৰহসংখ্যকে বিদেশী ন্যায়াধীকৰণে ভাৰতীয় বুলি স্বীকৃতি প্ৰদান কৰিলে।‘

উল্লেখ্য যে, উক্ত সংবাদমেলতে সদৌ অসম ছাত্ৰ সন্থাক সমালোচনা কৰি প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰীগৰাকীয়ে কয়, ‘তৰুণ গগৈৰ অনুৰোধ মৰ্মে মনমোহন সিঙে দিল্লীত অনুষ্ঠিত কৰা ত্ৰি-পাক্ষিক বৈঠকত সদৌ অসম ছাত্ৰ সন্থাই কেবল পৰ্য্যালোচনাহে বিচাৰিছিল। তেওঁলোকে এজেণ্ডাত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী কৰিব লাগে বুলি উল্লেখ কৰা নাছিল।‘

আনহাতে, এন আৰ চিৰ চুড়ান্ত খচৰা প্ৰকাশ পোৱাৰ পাছত এতিয়া মিঠাই খোৱা আৰু খুওৱাৰ ধূম উঠা বুলি তেওঁ সংবাদমেলত কয়। তেওঁ কয়, ‘’মিঠাই খাই উল্লাস কৰিবলগীয়া কি পৰিস্থিতিৰ সৃষ্টি হৈছে? এতিয়াও লক্ষ্য আৰু উদ্দেশ্যৰ পৰা বহুত দুৰৈত। এইবাৰকে ধৰি অসমৰ এনেকুৱা ধৰণৰ মিঠাই খোৱাৰ পৰিস্থিতি তিনিবাৰকৈ সৃষ্টি হৈছিল, য’ত যুক্তিতকৈ আবেগক বেছি প্ৰাধান্য দিয়া হৈছিল।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এয়াৰ ইণ্ডিয়াৰ বিমান ‘কনিষ্ক’ত খালিস্তানী বোমা, ৩২৯ জন নিহত! চাৰি দশকৰ পাছত কানাডাই মানি ল’লে দাবী

এয়াৰ ইণ্ডিয়াৰ বিমান ‘কনিষ্ক’ত খালিস্তানী বোমা, ৩২৯ জন নিহত! চাৰি দশকৰ পাছত কানাডাই মানি ল’লে দাবী

June 26, 2026 8:04 am
পেলনীয়া বটল নেপেলাব, ইয়াৰ জৰিয়তে তৈয়াৰ কৰক ঘৰত সজোৱা বহুতো সুন্দৰ সামগ্ৰী

পেলনীয়া বটল নেপেলাব, ইয়াৰ জৰিয়তে তৈয়াৰ কৰক ঘৰত সজোৱা বহুতো সুন্দৰ সামগ্ৰী

June 26, 2026 7:45 am
শিশুৰো হ’ব পাৰে হাৰ্ট এটাক! সন্তানৰ শৰীৰত এইবোৰ লক্ষণে দেখা দিলে শীঘ্ৰে কাষ চাপক চিকিৎসকৰ

শিশুৰো হ’ব পাৰে হাৰ্ট এটাক! সন্তানৰ শৰীৰত এইবোৰ লক্ষণে দেখা দিলে শীঘ্ৰে কাষ চাপক চিকিৎসকৰ

June 26, 2026 7:05 am
নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

June 25, 2026 9:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এয়াৰ ইণ্ডিয়াৰ বিমান ‘কনিষ্ক’ত খালিস্তানী বোমা, ৩২৯ জন নিহত! চাৰি দশকৰ পাছত কানাডাই মানি ল’লে দাবী

এয়াৰ ইণ্ডিয়াৰ বিমান ‘কনিষ্ক’ত খালিস্তানী বোমা, ৩২৯ জন নিহত! চাৰি দশকৰ পাছত কানাডাই মানি ল’লে দাবী

June 26, 2026 8:04 am
পেলনীয়া বটল নেপেলাব, ইয়াৰ জৰিয়তে তৈয়াৰ কৰক ঘৰত সজোৱা বহুতো সুন্দৰ সামগ্ৰী

পেলনীয়া বটল নেপেলাব, ইয়াৰ জৰিয়তে তৈয়াৰ কৰক ঘৰত সজোৱা বহুতো সুন্দৰ সামগ্ৰী

June 26, 2026 7:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd